গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী, ভাৰত গৌৰৱ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনযাত্ৰাঃ
Pratima Barua Pandey ,
১৯৩৫ চনৰ ৩ অক্টোবৰত কলিকতাত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম হয়।
পিতৃৰ নাম আছিল প্ৰকৃতিশ বৰুৱা।
‘দেৱদাস’ খ্যাত প্ৰমথেশ চন্দ্ৰ বৰুৱা আছিল প্ৰতিমা পাণ্ডেৰ খুৰাক।
প্ৰথমে কলিকতাৰ ‘গোখলে মেম’ৰিয়েল স্কুল’ত আৰু পিছলৈ ‘গৌৰীপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়’ত তেখেতে শিক্ষা লাভ কৰে।
বিদ্যালয়ত ৰবীন্দ্ৰ সংগীত শিকাৰ বাহিৰে তেখেতৰ সঙ্গীতত কোনো আনুষ্ঠানিক শিক্ষা নাছিল।
১৯৫৭ চনত ভাৰতীয় গণনাট্য সংঘৰ অধিবেশনত গুৱাহাটীৰ জজ খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে তেখেতে ভূপেন হাজৰিকা, হেমাংগ বিশ্বাস, দিলীপ শৰ্মা আদিৰ সৈতে একেলগে গীত পৰিবেশন কৰি ৰাজহুৱা সংগীত জীৱন আৰম্ভ কৰে।
১৯৬২ চনত তেখেতে পোনপ্ৰথমবাৰৰ বাবে অল ইণ্ডিয়া ৰেডিঅ’ত “হস্তীৰ কন্যা”, “কেনেহে ৰাধিব তোৰ বিৰহ মন” আৰু “একেবাৰ হৰি বোল মন ৰচনা” গীত পৰিবেশন কৰি শ্ৰোতাৰ সমাদৰ লাভ কৰিছিল।
১৯৫৬ চনত ড॰ ভূপেন হাজৰিকাৰ “এৰা বাটৰ সুৰ” চলচ্চিত্ৰত দুটা গীতত কণ্ঠদানেৰে তেখেতে সংগীত জগতত খোজ পেলায়।
১৯৭৬ চনত তেখেতে আকাশবাণীৰ শিল্পী হিচাবে স্বীকৃতি লাভ কৰে।
প্ৰতিমা বৰুৱা পাণ্ডেক ‘হস্তীৰ কন্যা’ নামেৰেও জনাজাত।
গোৱালপৰীয়া লোকগীতলৈ অৱদান আগবঢ়োৱাৰ বাবে তেখেতে পদ্মশ্ৰী বঁটা আৰু ১৯৮৮ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।
২০০০ চনত উত্তৰ বংগ বিশ্ববিদ্যালয়ৰ পৰা ডি লিট উপাধী প্ৰদান কৰে।
ইয়াৰ উপৰিও তেখেতে অসম শিল্পী দিৱস বঁটা, জয়মতী বঁটা, বিষ্ণুৰাভা বঁটা,
অসম নাট্য সমিতি বঁটা,
ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা প্ৰশস্তি পত্ৰ, অব্বাছুদ্দিন মেম’ৰিয়েল বঁটা লাভ কৰে।
লোকসংগীতৰ এই জগতখনত প্ৰতিমা বৰুৱা পাণ্ডে এগৰাকী সফল সাধক।
তেখেতৰ গীতত আছে সামন্তবাদী সমাজৰ অভাৱগ্ৰস্ত নাৰীৰ দুঃখৰ কথা।
বিৰহ, যন্ত্ৰণাগ্ৰস্ত নাৰীৰ বেদনাৰ গীত প্ৰতিমাৰ দৰে কোনোকালে কোনেও ৰচনা কৰিব নোৱাৰে।
ৰাজপৰিয়ালৰ কন্যাহৈ কিষাণীৰ যন্ত্ৰণা বুকুত ধাৰণ কৰি গীত গাইছিলে প্ৰতিমাই।
তেওঁৰ সেই হস্তীৰকন্যা গোৱালপৰীয়া গীতৰ প্ৰতি শ্ৰোতাসকল মুগ্ধহৈ থাকিব যুগে যুগে।
২০০২ চনৰ ২৭ ডিচেম্বৰত তেখেত মৃত্যু হয়।
ধন্যবাদ।
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
News Editor Sangita Dutta Reports R News India 24