৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com October 3/2022:-
1.বায়ুসেনাত সংযোজন ঘটিল আন এখন যুঁজাৰু হেলিকপ্টাৰ।
স্বদেশত নিৰ্মাণ কৰা Light Combat হেলিকপ্টাৰ খন আনুষ্ঠানিক ভাৱে বায়ুসেনাক অৰ্পন কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
2. বিলুপ্ত হোমিনিন আৰু মানৱ বিৱৰ্তনৰ জিনোম’ৰে সম্পৰ্কিত আৱিষ্কাৰৰ বাবে ছুইডেনৰ বিজ্ঞানী Svante Pääbo ক প্ৰদান কৰা হৈছে ২০২২ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা।
3. কোনোবাই মাত মাতিলেই বিজেপি চৰকাৰে ভয়-ভাবুকি দিয়ে।
২৭ বছৰে একো কাম নকৰিলে বি জে পি চৰকাৰে।
এই গুণ্ডাগিৰি বন্ধ কৰাৰ সংকল্প অৰবিন্দ কেজৰিৱালৰ।
4. আজি শাৰদীয় দুৰ্গোৎসৱৰ মহা অষ্টমী।
আজিৰ দিনটোতে নগাঁৱৰ নাট্যমন্দিৰৰ পূজাত মা দুৰ্গাৰ আশীষ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
উজানবজাৰ ঘাটৰ পূজাত আশীষ ল’লে ৰাজ্যপাল জগদীশ মুখীয়ে।
জাগীৰোডৰ বাৰোৱাৰী দুৰ্গা মণ্ডপত মা দুৰ্গাৰ আশীষ বিচাৰি পূজা অৰ্চনা কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই।
শক্তিপীঠ কামাখ্যাত মা’ৰ আশীষ ললে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ সাংসদ ৰঞ্জন গগৈ এ।
5. ভাৰত জোড়ো যাত্ৰাত ধাৰাসাৰ বৰষুণত ভাষণ দি দেশজুৰি চৰ্চাত ৰাহুল গান্ধী ।
প্ৰচণ্ড বৰষুণ, সমুখত হাজাৰ হাজাৰ জনতা বতাহ বৰষুণক নেওচি দলীয় নেতা-কৰ্মীক সম্বোধন ৰাহুল গান্ধীৰ ।
6. ১৮ বছৰীয়া হ’ল AIUDF। হাতীগাঁৱৰ মুখ্য কাৰ্যালয়ত কেক কাটি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলে।
লোকসভা নিৰ্বাচনত অসমৰ ৩ টা সমষ্টিত অকলেই প্ৰাৰ্থী দিব দলটোৱে।
7. পাকিস্তানৰ ৰাজনীতিত চলিছে প্ৰচণ্ড ধুমুহা।
পাকিস্তান চৰকাৰে গ্ৰেপ্তাৰ কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক।
8. গুৱাহাটীত দৰ্শকৰ উৎসাহ আৰু সমৰ্থনত আপ্লুত ভাৰতৰ বিস্ফোৰক বেটছমেন বিৰাট কোহলী।
বৰ্ষাপাৰাৰ সামগ্ৰিক পৰিৱেশৰ বাবে গুৱাহাটীক ধন্যবাদ জ্ঞাপন কৰে কোহলীয়ে।
9. উত্তৰ প্ৰদেশৰ ভাদোহী জিলাত ৰবিবাৰে নিশা সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ড ।
নিশাৰ আৰতিৰ মাজতেই দুৰ্গা পূজাৰ মণ্ডপ নিমিষতে আগুৰি ধৰে জুয়ে ।
পৰিস্থিতি বিষম হোৱাৰ বাবে মণ্ডপৰ পাছফালে থকা পুখুৰীত জপিয়াই প্ৰাণ ৰক্ষা কৰিব লগীয়া হয় বহু লোকে ।
10. হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ পিতামহস্বৰূপ মোলায়েম সিং যাদৱৰ ।
তাৰ পাছতেই বৰ্ষীয়ান নেতা গৰাকীক ভৰ্তি কৰাব লগীয়া হয় গুৰুগ্ৰামৰ মেডান্টা চিকিৎসালয়ৰ আই চি ইউত ।
বৰ্তমান চি চি ইউ লৈ স্থানান্তৰ কৰা হৈছে।
11. পশ্চিম কাৰ্বি আংলংৰ খেৰণিত ৬৮ তম বন্য প্ৰাণী সপ্তাহ পালন কৰে।
২ অক্টোবৰ পৰা আৰম্ভ হোৱা বন্য প্ৰাণী সপ্তাহ অহা ৮ অক্টোবৰত পৰিব সামৰনি পৰিব।
12. গোৱালপাৰাৰ ৰংজুলিৰ আল্লীবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷
বনৰীয়া হাতীৰ জাকে নষ্ট কৰিলে প্ৰায় দুশ বিঘা মাটিৰ ধানখেতি ৷
৪০-৫০টা হাতীয়ে উপদ্ৰৱ চলায় খেতিপথাৰত ৷
খবৰ দিয়াৰ পাছতো উপস্থিত নহ’ল বন বিভাগৰ লোক ৷
13. গুৱাহাটীৰ হাতীগাঁৱৰ পেট্ৰ’ল পাম্পৰ কৰ্মচাৰী দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতে পূজাৰ সাজ পিন্ধি নিজ কৰ্মত ব্যস্ত হয়।
14. অসম ক্ৰিকেট সন্থাই সুন্দৰকৈ অনুষ্ঠিত কৰা কালিৰ খেলখনে অসমৰ নাম বৃদ্ধি কৰিব।
মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
15. ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অসম কন্যাৰ অভিলেখ ।
১০০ মিটাৰ বাটাৰ ফ্লাইত স্বৰ্ণ পদক জিনিলে অসম কন্যা আস্থা চৌধুৰীয়ে ।
16. নুমলীগড়ত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ,মৰঙি অঞ্চলত হাতীৰ জাকে তহিলং কৰিলে শালি ধানৰ পথাৰ ।
খবৰ দিয়াৰ পিছতো উপস্থিত নহ’ল বকিয়াল খণ্ড বন বিভাগ।
17. দিল্লীৰ গুৰুগ্ৰামত অঘটন।
খহি পৰিল এটা পুৰণি তিনি মহলীয়া অট্টালিকা।
কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।
ঘটনাস্থলিত অব্যাহত আছে। উদ্ধাৰ অভিযান।
18. চামগুৰিৰ ডাউনটাউনৰ ৰিজ’ৰ্টৰ সমীপত পথ দুৰ্ঘটনা।
দহচকীয়া ট্রাকৰ খুন্দাত নিহত দুই মটৰচাইকেল আৰোহী।
ৰ্দুঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকসহ চালকে।
19. বানত বুৰিল ৰুক্মিণী গাঁৱৰ পূজা মণ্ডপ।
পূজা মণ্ডপৰ ভিতৰে-বাহিৰে একঁকাল পানী ৷
20. হাজাৰ ধুমুহায়ো ৰাখিব নোৱাৰে কংগ্ৰেছৰ এই যাত্ৰা মন্তব্য কৰে ৰাহুল গান্ধীয়ে।