৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com October 7/2022:-
১/ ৰাজ্য চৰকাৰৰ
কেবিনেটত মন্ত্রী ডাঃ ৰণোজ পেগুৰ সংবাদমেল।
এতিয়াৰে পৰা নিম্ন আৰু উচ্চ প্রাথমিকত অনুষ্ঠিত হ’ব পৰীক্ষা ।
পঞ্চম আৰু অষ্টম শ্রেণীত অনুষ্ঠিত হ’ব বছৰেকীয়া পৰীক্ষা ।
পৰীক্ষাত অনুত্তীৰ্ণ ছাত্র-ছাত্রীৰ বাবে বিশেষ শ্রেণীৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত – ঘোষণা কৰে ডা° ৰণোজ পেগু এ।
২/ কাইলৈ বশিষ্ঠত মুকলি কৰা হ’ব বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয়।
তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।
বিমানবন্দৰত গৃহ মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
৩/ অসমৰ প্ৰখ্যাত পৰিবেশবিদ পূৰ্ণিমা দেৱীলৈ ২০২২ বৰ্ষৰ বিশ্ব মহিলা ৰেঞ্জাৰ বঁটা প্ৰদান।
৪/ বেলাৰুচৰ মানৱ অধিবক্তা কাৰাবন্দী এলেছ বিয়ালিয়াটস্কি,
ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল আৰু
ইউক্ৰেইনৰ চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিজলৈ ২০২২ বৰ্ষৰ শান্তিৰ নোবেল বঁটা প্ৰদান।
৫/ লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ নামত মন্ত্ৰী জয়ন্ত মল্লবৰুৱালৈ চিঠি, ঘটনা সন্দৰ্ভত লখিমপুৰ সদৰ থানাত গোচৰ তৰিছে মানৱ ডেকাই।
ছেডেষ্টিক পাৰ্ছনেলিটী ডিজঅৰ্ডাৰত ভোগা মানুহে এনে কাম কৰে ।
সমাজত মোক হেয় প্ৰতিপন্ন কৰিবলৈ এই কাম কৰিছে দুষ্টচক্ৰই- প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মানৱ ডেকাই।
“মৃত্যুক লৈ কবিতা নহয়,মৃত্যুক লৈ ভোটৰ ৰাজনীতি নহয় , এগৰাকী নিষ্পাপ শিল্পীক লৈ এনে কাম কৰিব নাপায়”। – মন্তব্য কৰে মানৱ ডেকাই।
৬/ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পুনৰ লিখিলে কবিতা।
এইবাৰৰ কবিতাৰ শিৰোনাম দৰ্পচূৰ্ণ।
মাজুলীৰ শিশুশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ প্ৰসংগও উত্থাপন কৰা এই কবিতা তেওঁ বিজেপি চৰকাৰক কটাক্ষ কৰি লিখে। “হিয়াধাকুৰি কন্দা মানুহৰ চকুপানী বিজেপি চৰকাৰে মচিব নোৱাৰে” সংবাদমেলত মন্তব্য ভূপেন বৰাৰ।
৭/ অসম সাহিত্য সভাৰ
প্ৰাক্তন প্ৰধান সম্পাদক ড০ অমল ৰাজখোৱাৰ
দেহাৱসান।
৩০ খনৰো অধিক গ্ৰন্থ ৰচনা
কৰা সাহিত্যিক গৰাকীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ।
৮/ শক্তিবিভাগলৈ বিশেষ চৰকাৰী অনুমোদন।
ৰাজ্যিক কেবিনেটে শক্তিবিভাগৰ পেঞ্চনাৰৰ বাবে অনুমোদন দিছে ২৮৪ কোটি টকা।
৯/ ৭ খন জিলাত নাই ICU
৪ কোটি জনসংখ্যাৰ বিপৰীতে মাত্ৰ ৯,৯৩০ খন ICU বেড ।
১০/ কাজিৰঙাত অস্থায়ী বনকৰ্মীৰ বিননি।
বিগত ২৯ বছৰে নাপালে বন্যপ্ৰানী সুৰক্ষাত নিয়োজিত ৩১২ গৰাকী অস্থায়ী কৰ্মচাৰীয়ে আজিও নাপালে
চৰকাৰী চাকৰিয়ালৰ স্বীকৃতি।
১১/ ভূপেন বৰাই নিজে কবিতা নিলিখে, ভূপেন বৰাৰ বাবে আনেহে কবিতা লিখি দিয়ে, আজিৰ দিনত ভূপেন বৰাৰ কবিতা মানেই হাঁহিৰ খোৰাক। -মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
১২/ শিৱসাগৰত চাৰিখনকৈ গৰুভৰ্তি বাহন জব্দ কৰা হৈছে।
চিলাপথাৰৰ পৰা শিৱসাগৰ হৈ নাগালেণ্ডলৈ গৈছিল গাড়ীকেইখন।
গাড়ী কেইখনৰ পৰা ৭ জন লোকক আটক কৰিছে আৰক্ষীয়ে।
১৩/ কলিয়াবৰৰ শিলঘাটত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া।
খহনীয়াত জাহ গৈছে শিলঘাটৰ ৰবৰবাৰী অঞ্চলৰ বিস্তীৰ্ণ এলেকা।
অসম সমবায় মৰাপাত কলৰ প্ৰতিও আহিছে ভাবুকি।
১৪/ হোজাইৰ মোৰাঝাৰত নকল নোটৰ ব্যৱসায়ী চক্ৰ । নকল নোটসহ আৰক্ষীয়ে আটক কৰে চাৰিজন ব্যৱসায়ীক।
১৫/ ৰাজ্যত পুনৰ সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ।
বোকাজান ৰে’লৱে আৰক্ষীয়ে জব্দ কৰে ৫০ লক্ষাধিক টকাৰ ড্ৰাগছ।
১৬/ অসম চৰকাৰে ভূমি কেন্দ্ৰিক বিবাদৰ সমাধান আৰু সংশোধনৰ বাবে
ৰূপায়ন কৰা বসুন্ধৰা আচনিৰ দ্বিতীয় সংস্কৰণত চৰকাৰক সহযোগ নকৰাৰ সিদ্ধান্ত গাওঁপ্ৰধান সন্থাৰ । ৰাজহ মন্ত্ৰীয়ে বসুন্ধৰাত কৰা কষ্টৰ বাবে গাঁওপ্ৰধানৰ কেন্দ্ৰীয় অধিৱেশনত পাঁচ হাজাৰ টকাকৈ দিয়া হ’ব বুলি ঘোষণা কৰিছিল ।
কিন্তু আজিলৈকে প্ৰদান নকৰাৰ বাবে এই সিদ্ধান্ত গাওঁপ্ৰধান সন্থাৰ ।
১৭/ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মতা গড়ৰ মৃত্যু।
বুধবাৰে উদ্যান খনৰ পিছলামুখ বন শিবিৰ এলেকাত বন কৰ্মীয়ে টহল দি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃত গঁড়টো।
বাৰ্ধক্য জনিত কাৰণত মৃত্যু হৈছে গড়টোৰ ।
গঁড়টোৰ খৰ্গকে আদি কৰি সকলো অংগ কুশলে আছে বুলি জানিব দিয়ে বন বিভাগে।
১৮/ ডলাৰৰ বিপৰীতে পুনৰ হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য।
শুকুৰবাৰে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাল ১৬ পইচাকৈ।
ইয়াৰ পাছতেই ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ’লগৈ ৮২.৩৩ ।
১৯/ পুনৰ এক পক্ষীয় প্ৰেমৰ বলি হব লগা হল এগৰাকী যুৱতী।
ঝাৰখণ্ডৰ ডুমকাত সংঘটিত হৈছে এই ঘটনা।
প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই পাগল প্ৰেমিকে শুই থাকোতেই আহি গাত পেট্ৰল ঢালি জুই লগাই দিয়ে।
যি ঘটনাই তোলপাৰ লগাইছে চাৰিওফালে।
২০/ তামুলপুৰৰ নাগ্ৰিজুলীৰ বৰনদীত প্ৰতিমা বিসৰ্জন দিবলৈ গৈ নৈৰ বুকুত সন্ধানহীন হৈ থকা যুৱকজনৰ মৃতদেহ উদ্ধাৰ ।
মৃতদেহ উদ্ধাৰ হােৱা যুৱকজন গুৱাবাৰীৰ মংগল সাহা ।
এই ঘটনাক লৈ এতিয়া অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ।