গুৰ আমাৰ শৰীৰৰ বাবে উপকাৰী।
বিহুৰ পিঠাপনা, জলপানৰ পৰা আদি কৰি বিভিন্ন দিশত গুৰ ব্যৱহাৰ হয়।
গুৰ খালে বহু বেমাৰ নিৰাময় হয়।
গুৰত থকা উপাদান সমূহ হৈছে- কেলৰি, চুক্ৰজ, ফ্ৰাক্টোচ, গ্লুকজ, প্ৰ’টিন, মেগনেছিয়াম, চৰ্বি, পটেছিয়াম, মেংগেনিজ, ভিটামিন বি, কেলচিয়াম, জিংক, ফচফৰাছ, তাম আদি।
জানো আহক গুৰত কি কি ঔষধী গুন আছেঃ
1. গুৰত মেগনেছিয়াম যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে শৰীৰৰ মাংসপেশী, স্নায়ু আৰু ৰক্তবাহিকা বিলাকৰ অৱসাদ দূৰ কৰে ।
2. নিয়মীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত অকণমান গুৰ খালে শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম হৈ পৰে ।
3. ৰক্তহীনতা ৰোগীসকলৰ বাবে গুৰ অতি উপকাৰী ।
ই শৰীৰত কমি যোৱা হিমগ্লবিমৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে ।
5. গুৰে কাহ, হাপানী, অজীৰ্ণ, মাইগ্ৰেন আদি নিৰাময় কৰে।
6. গুৰে শাৰীৰিক দূৰ্বলতাৰ সময়ত ই সোনকালে শক্তি প্ৰদান কৰে ।
6. গুৰে শৰীৰৰ কেলৰী বৃদ্ধি কৰে আৰু ওজনো বৃদ্ধি হ’ব কৰে।
7. গুৰে শৰীৰৰ পাচন এনজাইমবোৰ সক্ৰিয় কৰে, কোষ্ঠ কাঠিন্য প্ৰতিৰোধ আৰু উপশম কৰাত সহায় কৰে।
8. নিয়মীয়াকৈ গুৰ খালে তেজ পৰিষ্কাৰ হয় আৰু শৰীৰ স্বাস্থ্যৱান কৰি ৰাখে।
9. গুৰে ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ ভাল কৰে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে।
10. গুৰে দৃষ্টিশক্তি উন্নত কৰে, শালমইনা নিৰাময় কৰে আৰু শাৰীৰিক উষ্ণতা নিয়ন্ত্ৰণ কৰে।
11. গুৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, শৰীৰক গৰম কৰে, লগতে ঠাণ্ডা, কাহ আদি প্ৰতিৰোধ কৰে।
গতিকে আজিৰ পৰা গুৰ খাওক আৰু শৰীৰটো ভালে ৰাখক।
ধন্যবাদ।
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
News Editor Sangita Dutta Reports R News India 24