৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com October 8/2022:-
1. ৰতন টাটাক “সেৱা ৰত্ন” সন্মান RSS ৰ ভগ্নী সংগঠন সেৱা ভাৰতীৰ।
2. “শৰাইঘাটৰ কাষত ১০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ’ব দুখলপীয়া দলং। কাজিৰঙাত নিৰ্মাণ হ’ব এলিভেটেড ৰোড।
ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’ব সুৰংগ” – মুখ্যমন্ত্ৰী ড° হিমন্ত শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা।
3. নেছনেল গেমছত অসমৰ শিবাংগী শৰ্মাৰ স্বৰ্ণ জয়।
মহিলাৰ ১০০ মিটাৰ ফ্ৰিষ্টাইলত শ্ৰেষ্ঠ শিবাংগী শৰ্মা।
4. অনুশীলনৰ সময়তে ভাৰতীয় সেনাৰ টেংক বিস্ফোৰণ।
সেনাৰ টি-৯০ বিস্ফোৰণৰ ফলত দুই সেনা জোৱান শ্বহীদ হ’ল।
উত্তৰ প্ৰদেশৰ বাবিনা ফিল্ড ফায়াৰিং ৰেঞ্জত এই বিস্ফোৰণৰ ঘটনা।
5. আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নৱৰ্নিমিত ৰাজ্যিক কাৰ্যালয় “অটল বিহাৰি বাজপেয়ী ভৱন ” শুভ উদ্বোধন কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।
উপস্থিত থাকে জে পি নাড্ডা, ড০ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোনোৱাল, পিযুষ হাজৰিকাকে ধৰি জ্যেষ্ঠ দলীয় নেতৃবৃন্দ, কেবিনেট মন্ত্ৰী, বিধায়কসকলৰ লগতে দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল ।
6. উত্তৰাখণ্ডত পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
উত্তৰ কাশীত হিমস্খলনত আৱদ্ধ হৈছিল অসমৰ দীপশিখা।
7. আজি ভাৰতীয় বায়ুসেনাৰ ৯০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।
ছণ্ডিগড়ত বায়ু সেনাৰ ৯০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ।
8. চীনৰ কোৱাণ্টাম প্ৰযুক্তিৰ ভূয়সী প্ৰশংসা নোবেল কমিটিৰ।
পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা তিনি বিজ্ঞানী লৈ ৮ ৱাখ ডলাৰৰ পুৰস্কাৰ।
9. মহাৰাষ্ট্রৰ নাচিক-ঔৰংগাবাদ পথত ভয়ংকৰ ঘটনা।
নিশা দাও-দাওকৈ জ্বলিল যাত্রীবাহী বাছ,জীৱন্তে অগ্নিদগ্ধ হৈ ৮জনৰ মৃত্যু।
10. ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়াক কেবিনেট মৰ্যদা দিয়া হৈছে।
11. কোচিত জব্দ আফগানিস্তানত প্ৰস্তুত কৰা ২০০ কেজি হেৰ’ইন।
ভাৰত আৰু শ্ৰীলংকাৰ বিক্ৰীৰ বাবে অনা হৈছিল হেৰ’ইন খিনি।
ইৰাানৰ এখন জাহাজত পাকিস্তান হৈ অনা হৈছিল ড্ৰাগছখিনি।
12. “অসমক বানমুক্ত কৰিবলৈ বিজেপিক আৰু পাঁচ বছৰ সময় দিবলৈ অসমবাসী লৈ আহ্বান”- মন্তব্য অমিত শ্বাহে।
13. “অসমলৈ চল্লিশবাৰ আহি মোদীয়ে একো নিদিলে, এটা সমস্যাৰো সমাধান নকৰিলে”- মন্তব্য কৰে ৰিপুন বৰাই।
14. “নৰেন্দ্ৰ মোদীক তৃতীয় বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিম”- মন্তব্য ড° হিমন্ত বিশ্ব শৰ্মাৰ।
15. “জলসম্পদ বিভাগৰ মাটি দখল কৰি পঞ্চতাৰকাযুক্ত সদৃশ কাৰ্যালয় নিৰ্মাণ কৰিছে বিজেপিয়ে”- মন্তব্য অখিল গগৈৰ।
16. অসমৰ আবিদুৰে গৌৰৱান্বিত কৰিলে সমগ্ৰ অসমবাসীক।
বদৰপুৰৰ মহাকল গাৱৰ বাসিন্দা আবিদুৰ ৰেজা চৌধুৰীয়ে আমেৰিকাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ আমেৰিকাৰ আৰক্ষীত পালে চাকৰি।
17. “ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীয়ে ১ জানুৱাৰীৰ পৰা লাভ কৰিব চৰকাৰৰ বিনামূলীয়া ৫ লাখ টকা”- ঘোষণা কৰে ৰাজ্য চৰকাৰে।
18. “আনৰ কাৰণে বিজেপিৰ অফিচ ৬ মহলীয়া অট্টালিকা হ’ব পাৰে, কিন্তু আমাৰ বাবে মন্দিৰ।”- মন্তব্য আঙুৰলতা ডেকাৰ।
19. এইবাৰ শদিয়াত উন্মোচিত হৈছে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ফােপােলা স্বৰূপ।
য’ত তিনিজন যুৱকে এখন ঘোঁৰাগাড়ীত টানি টানি এজন বয়োজ্যেষ্ঠ ৰোগীক চিকিৎসাৰ বাবে লৈ গৈছে।
20. তেজস্বিতাৰ মৃত্যুক লৈ শোকস্তব্ধ সকলো।
স্বাস্থ্য খণ্ডত চলি থকা অৰাজকতা উদঙালে এই মৃত্যুৱে।
প্ৰতিটো শোকাৱহ ঘটনাৰ পিছতহে যেন মাজুলীলৈ মনত পৰে।
তেজস্বিতাৰ মৃত্যুৰ পিছত মাজুলীৰ স্বাস্থ্য ব্যৱস্থাত পৰিৱৰ্তনৰ আশ্বাস।
মাজুলী জিলা চিকিত্সালয়ত ৩খন 108 এম্বুলেন্স প্ৰদান।