লক্ষ্মী পূজা বিশেষ।

Spread the love

ওঁ শ্ৰীংলক্ষ্মীদেৱ্যৈ নমঃ

আজি আহিন মাহৰ পূৰ্ণিমা তিথি অৰ্থাৎ লক্ষ্মী পূজা

ৰাজ্যৰ চৌপাশে প্ৰতিবছৰৰ দৰে এইবাৰো চলিছে লক্ষ্মী পূজাৰ পৰম্পৰাগত আয়োজন ।

প্ৰতিটো কৃষক পৰিয়ালৰ ঘৰত লক্ষ্মী পূজাৰ ভক্তি ভৰা আয়োজন ।
ভঁৰালত চাকি বন্তি জ্বলাই দেৱী লক্ষ্মীক আদৰাৰ প্ৰস্তুতি প্ৰতিটো কৃষক পৰিয়ালৰ ।

পথাৰৰ ন-ধানৰ সোণগুটি ভঁৰালত প্ৰতিষ্ঠা কৰি প্ৰতিজন কৃষকে কামনা কৰিছে খেতিৰ শ্ৰীবৃদ্ধি।

নাম প্ৰসংগৰে দেৱীক আৰাধনা কৰি ভঁৰাল ভৰি পৰাৰ কামনা কৰিছে সকলোৱে।

আজি দেৱী বন্দনাৰে আধ্যাত্মিক পৰিবেশ সূচনা হৈছে ৰাজ্যৰ প্ৰতিটো লক্ষ্মী মন্দিৰ, দেৱালয় আৰু ৰাজহুৱা স্থানত।

লক্ষ্মী হিন্দু ধৰ্মাৱলম্বীসকলৰ ধন, সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী।

লক্ষ্মী হিন্দু ত্ৰিদেৱী বুলি পৰিচিত।
লক্ষ্মী, পাৰ্বতী আৰু সৰস্বতীৰ মাজৰ এগৰাকী৷

লক্ষ্মী শব্দটো মূল সংস্কৃত শব্দ লক্ষ ৰ পৰা আহিছে৷
যাৰ অৰ্থ হৈছে- ক্ৰমান্বয়ে লক্ষ্য কৰা, দৰ্শন কৰা, ভালকৈ চোৱা, নিৰিক্ষণ কৰা৷

ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধানৰে পূজিত হ’ব ৰাজ্যৰ আকাশ-বতাহ।

লক্ষ্মী দেৱীৰ আশীৰ্বাদত অসমখন ধনে-ধানে পৰিপূৰ্ণ হৈ উঠক আৰু প্ৰতিটো পৰিয়াল সুখ-সমৃদ্ধিৰে উপচি পৰক, তাৰেই কামনা কৰিলোঁ।

শুভ লক্ষ্মী পূজা 🌼

 

News Editor Sangita Dutta Reports R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *