৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com October 11/2022:-
1. আজি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ জন্মজয়ন্তী।
এই উপলক্ষে ৰাজীৱ ভৱনত আয়োজন কৰা হৈছে কাৰ্যসূচীৰ।
অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কেইবাজনো বিধায়ক।
2. বিশ্বনাথত অসম-অৰুণাচল সীমা সমস্যা সন্দৰ্ভত বৈঠক।
বিশ্বনাথ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠক।
অংশগ্রহণ অৰুণাচলৰ মন্ত্রী টাবা টাডী, শীৰ্ষ বিষয়ববীয়াৰ।
বৈঠকত উপস্থিত থাকে অসমৰ স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত।
3. শিক্ষক নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ কংগ্ৰেছৰ বিধায়ক ।
পশ্চিম বংগৰ শিক্ষক নিযুক্তি কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক মাণিক ভট্টাচাৰ্য।
পশ্চিম বংগৰ শিক্ষক নিযুক্তি কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক মাণিক ভট্টাচাৰ্য।
4. GHMC ত চিকিৎসাধীন নীলপ্ৰৱণ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্দ্ৰী সৰ্বানন্দ সোণোৱালে।
5. আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকে বিহাৰত ।
বিহাৰত বিজেপিৰ মিত্ৰজোট ভংগ হোৱাৰ পাছত এইটো হ’ব অমিত শ্বাহৰ দ্বিতীয়টো ভ্ৰমণ ।
তেও বিহাৰত উন্মোচন কৰিব জয়প্ৰকাশ নাৰায়ণৰ প্ৰতিমূৰ্ত্তি ।
6. মেগাষ্টাৰ অমিতাভ বচ্চনৰ আজি ওপজা দিন।
৮০ বছৰীয়া হ’ল বিগ বি।
বিশ্বৰ ভিন্ন প্ৰান্তৰ অনুৰাগীয়ে ৮০ সংখ্যক ওপজা দিনত ওলগ জনাঁলে।
7. আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় পবিতৰা অভয়াৰণ্য ।
ফিটা কাটি নাৰিকল ভাঙি দ্বাৰ মুকলি কৰে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জলসম্পদ পীযুষ হাজৰিকাই।
8. চিলনীবাৰী আৰক্ষী চকীৰ ASI ডম্বৰুধৰ দত্তক উৎকোচ লোৱা অৱস্থাত হাতে লুতে গ্ৰেপ্তাৰ ৷
পানীগাঁৱৰ পৰা আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক বিভাগে ৷
9. ২০১৩ চনত উত্তৰ প্ৰদেশৰ মুজাফ্ফৰ নগৰত হোৱা সাম্প্ৰদায়িক হিংসাৰ ঘটনাত দোষী সাব্যস্ত হ’ল বিজেপিৰ বিধায়ক বিক্ৰম ছাইনীক।
আদালতে বিহিলে দুবছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকাৰ জৰিমনা।
10. কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিৰ শতবৰ্ষ ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰিব ২৫ লাখ টকাৰ অনুদান।
ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।
11. উজ্জয়নৰ মহাকাল মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ মংগল কামনাৰ অৰ্থে আগবঢ়ালে পূজা-অৰ্চনা।
12. নিশা জোনাইৰ চিমেন চাপৰিত নাও দুৰ্ঘটনা।
কাংকান চাপৰিৰ পৰা লম্বা চাপৰিলৈ গৈছিল নাওখন।
ঘটনাত সন্ধানহীন এটি শিশু।
13. ধৰ্মান্তকৰণ কাৰ্যসূচীৰ সৈতে জড়িত থকাৰ অভিযোগত আজি জেৰা কৰা হ’ব আম আদমি পাৰ্টীৰ ৰাজেন্দ্ৰ পালক ।
এই কাৰ্যসূচীটোত ১০ হেজাৰ লোকক বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তকৰণ কৰা হৈছিল আনুষ্ঠানিক ভাৱে ।
14. “গৰু ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হ’ব নোৱাৰে” ।
গৰুক ৰাষ্ট্ৰীয় জন্তু ঘোষণা কৰাৰ আবেদন অগ্ৰাহ্য উচ্চতম ন্যায়ালয়ৰ ।
গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ বিশেষ আবেদন দাখিল কৰিছিল একাংশই।
15. বি চি চি আইৰ যুটীয়া সম্পাদক হোৱাৰ দিশে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া।
দেৱজিৎ শইকীয়া অসম ক্ৰিকেট সন্থাৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ ওপৰিও প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আছিল ।
16. গুৱাহাটী-উত্তৰ গুৱাহাটী দলং নিৰ্মাণস্থলীত অঘটন।ব্রহ্মপুত্রত পৰি সন্ধানহীন এজন শ্রমিক।
শ্রমিক জনক বিচাৰি লুইতত SDRFৰ অভিযান আৰম্ভ।এতিয়ালৈকে সন্ধান নাই শ্ৰমিকজনৰ।
17. নিশা কৰিমগঞ্জ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যৌথ অভিযান।
অভিযানত জব্দ কৰে ৪০ কোটি টকাৰ প্ৰায় ৯ কেজি হেৰ’ইন।
৭৪৬ টা কণ্টেনাৰত ভৰাই অনা হৈছিল হেৰ’ইন খিনি।
18. কংগ্ৰেছী শিবিৰত বলিছে নিৰ্বাচনী বতাহ।
গুৱাহাটীত AICC ৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গে।
ৰাজীৱ ভৱনত নিৰ্বাচনী প্ৰচাৰ মল্লিকাৰ্জুন খাৰ্গেৰ।
19. ৪০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ ওদালগুৰি আবকাৰী বিভাগৰ কনিষ্টবল তৰুণ চন্দ্ৰ বসুমতাৰী।
20. নাইজেৰিয়াত ভয়ংকৰ নাও দুৰ্ঘটনা।
আনামব্রাৰ ওগবাৰুত নাও দুৰ্ঘটনাত প্রাণ গ’ল ৭৬জন লোকৰ।