১৮৯৪ চনত কামিনী ৰায় কেদাৰনাথ ৰায়ৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
তেখেতৰ লিখন শৈলী সহজ তথা মাৰ্জিত আছিল।
১৮৮৯ চনত তেওঁৰ প্ৰথম সংগ্ৰহ ‘আলো ছায়া’ প্ৰকাশ কৰে তাৰ পিছত আৰু দুখন পুথি প্ৰকাশ কৰি তেওঁ বিবাহ আৰু মাতৃৰ ভূমিকা পালন কৰি এই যাত্ৰাৰ পৰা দীৰ্ঘ দিনলৈ বিৰতি লয়।
তেওঁ এগৰাকী প্ৰাপ্তবয়স্ক নাৰীবাদী নাৰী আছিল যি নেকি সেই সময়ৰ মানুহে নাৰীৰ শিক্ষা গ্ৰহণ ব্যৱস্থাটোকে নিষিদ্ধ মানিছিল।
কলিকতাৰ এখন বালিকা বিদ্যালয়ত তেওঁ এবাৰ ভাষণ দি কৈছিল যে নাৰীৰ শিক্ষাৰ লক্ষ্য হ’ল তেওঁলোকৰ সৰ্বাংগীণ বিকাশ তথা তেওঁলোকৰ সম্ভাব্যতাক পূৰ্ণতা প্ৰদান কৰা।
শৈশবত তেওঁৰ পিতামহে তেওঁক কবিতা তথা স্তোত্ৰ আবৃত্তি কৰিবলৈ শিকায়।
এনেদৰেই নিচেই কম বয়সতে কামিনী ৰায়ে সাহিত্য ৰচনা কৰে তথা কবিত্ব-শক্তিৰ স্ফূৰণ ঘটায়।
তেওঁৰ মাকেই তেওঁক আঙুলিধৰি গোপনে আখৰ শিকাইছিল।
কাৰণ তেতিয়াৰ দিনত হিন্দু মহিলা সকলে লেখা-পঢ়া, শিক্ষা কৰাটো একান্তই নিন্দনীয় আৰু গৰ্হিত কাম হিচাপে বিবেচনা কৰা হৈছিল।
মাত্ৰ ৮ বছৰ বয়সতে তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰে। ৰচিত কবিতা সমূহত জীৱনৰ সুখ-দুঃখ, আশা-আকাঙ্ক্ষা, আনন্দ-বেদনাৰ সহজ-সৰল তথা সাবলীল প্ৰকাশ ঘটিছে।
তেখেতৰ উল্লেখযোগ্ৰ কাব্যগ্ৰন্থ সমূহ হৈছে-
আলো ও ছায়া, অশোক সঙ্গীত, অম্বা, নাট্যকাব্য, দীপ ও ধূপ, জীবন পথে, একলব্য দ্ৰোণ-ধৃষ্টদ্যুম্ন, শ্ৰাদ্ধিকী, নিৰ্মাল্য, পৌৰাণিকী, মাল্য ও নিৰ্মাল্য ইত্যাদি।