ব্ৰিটিছৰ সময়ত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম মহিলা কামিনী ৰায়ৰ জীৱনযাত্ৰাঃ

Spread the love

 

কামিনী ৰায়ৰ জন্ম হৈছিল ১৮৬৪ চনৰ ১২ অক্টোবৰত বঙালী প্ৰেসিডেন্সিৰ বাকেৰগঞ্জ জিলাৰ বছন্দ গাঁও তথা বৰ্তমান বাংলাদেশৰ বৰিশাল জিলাত।

তেখেত ব্ৰিটিছ শাসনৰ সময়ৰ এগৰাকী শীৰ্ষ বঙালী কবি, সমাজকৰ্মী আৰু নাৰীবাদী আছিল

ব্ৰিটিছৰ সময়ত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম মহিলা সকলৰ মাজৰ এগৰাকী আছিল।

১৮৮৩ চনত তেওঁ বেথুন কলেজত নামভৰ্তি কৰে।
কমিনী ৰায় সেইসময়ৰ ব্ৰিটিছ শাসন কালত স্নাতক পঢ়িবলৈ আগবঢ়া প্ৰথম মহিলা সকলৰ ভিতৰত এগৰাকী।

১৮৮৬ চনত কলিকতাৰ বেথুন কলেজৰ পৰা তেওঁ সংস্কৃত বিষয়ত মেজৰ লৈ স্নাতক ডিগ্ৰী লাভ কৰে আৰু সেই বছৰেই সেই কলেজত শিক্ষকতা আৰম্ভ কৰে।

দেশৰ প্ৰথম দুই মহিলা স্নাতক ডিগ্ৰী ধাৰীৰ মাজৰ এগৰাকী কাদম্বিনী গাংগুলী একেই প্ৰতিষ্ঠানৰ পৰা ৰায়তকৈ তিন বছৰ পূৰ্বেই স্নাতক ডিগ্ৰী লাভ কৰিছিল।

কামিনী ৰায় কলিকতাৰ এটি অভিজাত পৰিয়ালৰ সন্তান আছিল।

তেওঁৰ দেউতাক চণ্ডী চৰণ সেন এজন ন্যায়াধীশ আৰু লেখক তথা ব্ৰহ্ম সমাজৰ অন্যতম সদস্য আছিল।

তেওঁ, তেওঁৰ সংগ্ৰহ কৰা কিতাপ পঢ়িয়ে নানান কথা শিকিছিল।

তেওঁ তৈয়াৰ কৰা পুথিভঁৰালতোৰ প্ৰয়োগ বিস্তাৰিত ৰূপত কৰিছিল।

কামিনী ৰায় এগৰাকী গণিত প্ৰবক্তা আছিল যদিও পিছলৈ তেওঁ সংস্কৃতৰ প্ৰতি হে ধাউতি দেখুৱায়।

তেওঁৰ ভায়েক নিশিথ চন্দ্ৰ সেন কলকাতা হাইক’ৰ্টৰ এজন সুপৰিচিত ব্যাৰিষ্টাৰ আৰু পিছলৈ কলিকতাৰ মেয়ৰ হৈছিল আকৌ ভনীয়েক জামিনী সেইসময়ৰ নেপালৰ ৰাজকীয় পৰিয়ালটিৰ গৃহ চিকিৎসক আছিল।

১৮৯৪ চনত কামিনী ৰায় কেদাৰনাথ ৰায়ৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

তেখেতৰ লিখন শৈলী সহজ তথা মাৰ্জিত আছিল।

১৮৮৯ চনত তেওঁৰ প্ৰথম সংগ্ৰহ ‘আলো ছায়া’ প্ৰকাশ কৰে তাৰ পিছত আৰু দুখন পুথি প্ৰকাশ কৰি তেওঁ বিবাহ আৰু মাতৃৰ ভূমিকা পালন কৰি এই যাত্ৰাৰ পৰা দীৰ্ঘ দিনলৈ বিৰতি লয়।

তেওঁ এগৰাকী প্ৰাপ্তবয়স্ক নাৰীবাদী নাৰী আছিল যি নেকি সেই সময়ৰ মানুহে নাৰীৰ শিক্ষা গ্ৰহণ ব্যৱস্থাটোকে নিষিদ্ধ মানিছিল।

কলিকতাৰ এখন বালিকা বিদ্যালয়ত তেওঁ এবাৰ ভাষণ দি কৈছিল যে নাৰীৰ শিক্ষাৰ লক্ষ্য হ’ল তেওঁলোকৰ সৰ্বাংগীণ বিকাশ তথা তেওঁলোকৰ সম্ভাব্যতাক পূৰ্ণতা প্ৰদান কৰা।

শৈশবত তেওঁৰ পিতামহে তেওঁক কবিতা তথা স্তোত্ৰ আবৃত্তি কৰিবলৈ শিকায়।

এনেদৰেই নিচেই কম বয়সতে কামিনী ৰায়ে সাহিত্য ৰচনা কৰে তথা কবিত্ব-শক্তিৰ স্ফূৰণ ঘটায়।

তেওঁৰ মাকেই তেওঁক আঙুলিধৰি গোপনে আখৰ শিকাইছিল।

কাৰণ তেতিয়াৰ দিনত হিন্দু মহিলা সকলে লেখা-পঢ়া, শিক্ষা কৰাটো একান্তই নিন্দনীয় আৰু গৰ্হিত কাম হিচাপে বিবেচনা কৰা হৈছিল।

মাত্ৰ ৮ বছৰ বয়সতে তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰে। ৰচিত কবিতা সমূহত জীৱনৰ সুখ-দুঃখ, আশা-আকাঙ্ক্ষা, আনন্দ-বেদনাৰ সহজ-সৰল তথা সাবলীল প্ৰকাশ ঘটিছে।

তেখেতৰ উল্লেখযোগ্ৰ কাব্যগ্ৰন্থ সমূহ হৈছে-

আলো ও ছায়া, অশোক সঙ্গীত, অম্বা, নাট্যকাব্য, দীপ ও ধূপ, জীবন পথে, একলব্য
দ্ৰোণ-ধৃষ্টদ্যুম্ন, শ্ৰাদ্ধিকী,
নিৰ্মাল্য, পৌৰাণিকী,
মাল্য ও নিৰ্মাল্য ইত্যাদি

ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

News Editor Sangita Dutta Reports R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *