৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com October 12 / 2022:-
1. কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু।
১৩ আৰু ১৪ অক্টোবৰত গুৱাহাটীত ৰাষ্ট্ৰপতিগৰাকীৰ বিশেষ কাৰ্যসূচী।
2. ৰাষ্ট্ৰীয় ক্ৰীড়াত বক্সিঙত অসমৰ অংকুশিতা বড়োৰ স্বৰ্ণ পদক অৰ্জন।
ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ পদক লাভ লাভলিনা বৰগোঁহাইৰ।
3. মধ্যপ্ৰদেশৰ উজ্জৈনত মুকলি হ’ল মহাকাল লোক কৰিডৰ।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰে লোক কৰিডৰ। মুকলিৰ পূৰ্বে মহাকাল গর্ভগৃহত উপাসনাও কৰে প্ৰধানমন্ত্রীয়ে।
4. ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
5. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নৃত্যাচাৰ্য যতীন গোস্বামীক প্ৰদান কৰা হয় সংগীত নাটক একাডেমীৰ ফেল’শ্বিপ বঁটা।
6. অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হিচাপে সম্পূৰ্ণ ব্যৰ্থ হৈছে- এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ।
এক প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছে কয় যে প্ৰধান মন্ত্ৰীৰ হস্তক্ষেপে মুখ্যমন্ত্ৰীৰ ব্যৰ্থতা উদঙাই দিছে।
7. ‘লভিতা নাটক আজিৰ পৰাই বন্ধ কৰক, আৱাহন থিয়েটাৰে লভিতা নাটক চুৰি কৰিছে অভিজিৎ ভট্টাৰ্চাযই’ – মন্তব্য অখিল গগৈৰ।
8. আজি সশস্ত্ৰ সংগঠন এন এল এফ বি (NLFB) ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস ৷
এই উপলক্ষে কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত NLFB ৰ ডেজিগনেট শিবিৰত দিনজোৰা বৰ্ণিল কাৰ্যসূচী উদযাপন কৰে ৷
বড়ো সংগঠনৰ মাজত একতাৰ অভাৱত ৰঞ্জন দৈমাৰী কাৰাৰুদ্ধ জীৱন যাপন কৰিব লগা হৈছে বুলি গুৰুত্বপুৰ্ন মন্তব্য কৰে সেনাধ্যক্ষ এম বাথাই ৷
9. প্ৰথম বাৰৰ বাবে ব্ৰিটিছ সংসদ ভৱনত অসমৰ মহিলাক সন্মান।
বিশ্বৰ বিভিন্ন প্ৰান্তৰ অসাধাৰণ অৱদান আগবঢ়োৱা বিশিষ্ট ভাৰতীয় নিৰি মাৰ্টৰ সঞ্চালিকা ড০ জোনমণি দেবী খাউণ্ডলৈ সোণৰ পদক প্ৰদান।
10. উত্তৰ প্ৰদেশৰ মথুৰাৰ বৃন্দাবনত প্ৰদৰ্শিত হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ কৃষ্টি- সংস্কৃতি।
১৫ আৰু ১৬ অক্টোবৰত অনুষ্টিত হব “সূত্ৰধাৰ” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত নাম-কীৰ্তন, সত্ৰীয়া নৃত্যৰে মুখৰিত হ’ব বৃন্দাবন।
11. দুৰ্ঘটনাগ্ৰস্ত হ’ল ভাৰতীয় নৌ সেনাৰ মিগ-২৯ কে যুজাৰু বিমান ।
গোৱাৰ নিকটৱৰ্তী সমুদ্ৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমান খনৰ পৰা অন্তিম মুহুৰ্তত পাইলট গৰাকীয়ে জপিয়াই ৰক্ষা কৰে নিজৰ প্ৰাণ ।
কাৰিকৰী বিজুতিৰ বাবে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি সন্দেহ কৰা হৈছে l
12. স্ব–গৃহলৈ অনা হ’ল মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনত আন বহুজনৰ সৈতে জীৱন্তে সমাধিস্থ হােৱা কমলেশ তালুকদা্ৰৰ মৃতদেহ।
আজি শেষকৃত্য সম্পন্ন হ’ব কমলেশৰ ।
কমলেশৰ পত্নী বৰ্তমান ৭ মাহৰ অন্তঃসত্ত্বা।
কমলেশৰ ঘৰখনত এক বুজাব নোৱাৰা কৰুণ পৰিৱেশে বিৰাজ কৰিছে ।
13. অসমত চলি আছে ব্যাপক হাৰত কয়লা, মাছ, চুপাৰি, কণী আদিৰ ছিণ্ডিকেট”- কেইবাগৰাকী বিধায়ক জড়িত থকাৰ অভিযোগ অখিল গগৈৰ !ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে আজি সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ছিণ্ডিকেট বন্ধ কৰাৰ বাবে আহ্বান জনাই।
14. মহানগৰীৰ হোটেলত চাঞ্চল্যকৰ ঘটনা।
প্ৰেমিকাৰ সৈতে কাজিয়াৰ পিছতে নিজকে শেষ কৰিলে প্ৰেমিকে।
বুধবাৰে পুৱতিনিশা প্ৰায় আঢ়ৈ বজাত পল্টন বজাৰৰ বৃন্দাবন হোটেলত সংঘটিত হয় এক ঘটনা।
15. ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম জীয়ৰী। অসমৰ বিহুক প্ৰতিনিধিত্ব কৰি Mumbai Independent Film Festivalত National Icon খিতাপেৰে উজলিল গুৱাহাটীৰ জীয়ৰী জেছিকা ডেকা ।
16. মহানগৰীৰ নালাপাৰাত গ্রেপ্তাৰ ড্রাগছ সৰবৰাহকাৰী।
গ্রেপ্তাৰ কৰে ৰাজা দাস আৰু মিথিংগা বসুমতাৰী।
দীৰ্ঘদিন ধৰি ড্রাগছ সৰবৰাহ কৰিছিল অভিযুক্তদ্বয়ে।
17. বদৰপুৰৰ মকয়ভাংগাত জব্দ বুজন নিচাযুক্ত টেবলেট।
প্রায় ৫০ লাখ টকাৰ নিচাযুক্ত টেবলেটসহ গ্রেপ্তাৰ কৰে দুজন ব্যক্তি।
18. কলিয়াবৰত অস্ত্রসহ আটক ৩ সন্দেহযুক্ত চোৰাং চিকাৰী।
শাকমুঠিয়া চাহ বাগিচাৰ ২০নং লাইনৰ পৰা আটক চোৰাং চিকাৰীকেইটাক।
19. ডিব্রুগড়ৰ মাইজানত অব্যাহত ব্রহ্মপুত্রৰ খহনীয়াৰ কালৰূপ।
প্রতিদিনেই নদীৰ বুকুত জাহ গৈছে ১০০ মিটাৰৰো অধিক ভূমি প্রশাসন আৰু স্থানীয় ৰাইজে নিৰ্মাণ কৰা মথাউৰিও জাহ গ’ল নদীৰ বুকুত।
জলসম্পদ বিভাগৰ তৎপৰতা সত্ত্বেও ৰোধ হোৱা নাই খহনীয়াৰ ভয়াৱহ ৰূপ।
খহনীয়াই অশনি সংকেত কঢ়িয়াইছে ডিব্রুগড়ৰ মোহনবাৰীৰ বিমান বন্দৰ আৰু অসম চিকিৎসা মহাবিদ্যালয়লৈ।
20. পুনৰ যুদ্ধৰ আতংকই আৱৰি ধৰিছে ইউক্রেইন।
সোমবাৰ পৰা ৰাছিয়াই নতুনকৈ আক্রমণ চলাইছে ইউক্রেইনত।
যোৱা তিনি মাহ মানৰ পৰা ৰুছ আক্রমণ স্তিমিত হৈ অহাত ক্রমে স্বাভাৱিক হ’বলৈ লৈছিল ইউক্রেইনৰ জনসাধাৰণ।
কিন্তু হঠাৎ সোমবাৰৰ পৰা ৰাছিয়াৰ আক্রমণে সন্ত্রাসিত কৰিছে ইউক্রেইনৰ জনসাধাৰণক।