৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com October 13/2022:-
1. দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ।
দুপৰীয়া আই আই টি-গুৱাহাটীৰ এক অনুষ্ঠানত ভাগ লয় ৰাষ্ট্ৰপতি গৰাকীয়ে।
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ধুবুৰী মেডিকেল কলেজ।
অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।
৫ বছৰত অসমত ২৪ খনলৈ বৃদ্ধি পাব মেডিকেল কলেজৰ সংখ্যা।
৫০৯ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ৬ শতাধিক বিছনাযুক্ত ধুবুৰী মেডিকেল কলেজ আৰু আগিয়াঠুৰী ৰেল ষ্টেচনো মুকলি কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ।
2. ৩৬ লাখ টকাসহ গ্ৰেপ্তাৰ হ’ল কোকৰাঝাৰৰ ভাৰপ্ৰাপ্ত DTO সামেশ্বৰ ব্ৰহ্ম মুছাহাৰী।
সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
তদন্তৰ অন্তত বহু ছেণ্ডিকেট মাফিয়াৰ নাম পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
3. এইবাৰ অভিজিৎ ভট্টাচাৰ্যৰ লভিতাক গৰিহণা “সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাৰ”।
সন্থাটোৱে এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে কেৱল ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নহয় বৰং অসমীয়া জন-জীৱনৰ প্ৰতি গৰাকী পুৰুধা ব্যক্তিৰ সৃষ্টিৰ বিকৃতকৰণ কোনো পধ্যেই হ’বলৈ নিদিয়ে বুলিও জনায়।
4. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জল-জীৱন আঁচনিৰ থীম ছং মুকলি।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুকলি কৰে গীতটো।
5. “দেশৰ শ্ৰেষ্ঠ ১৫ খন বিদ্যালয়ৰ মাজত নাই অসমৰ এখনো।
এয়াই চৰকাৰী শিক্ষা। ইয়াৰ বাবে সম্পূৰ্ণ দায়ী অসম চৰকাৰ”- মন্তব্য লুৰীণজ্যোতি গগৈৰ।
6. খাদ্য বস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত বৃহস্পতিবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুয়ে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ।
শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে ভয়াবহ আন্দোলন কৰাৰ হুংকাৰ দিয়ে আছুৱে।
7. আজি সৰুসজাইত সমুখ সমৰত নৰ্থ-ইষ্ট ইউনাইটেড আৰু হায়দাৰাবাদ এফ ছি । ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা জনপ্ৰিয় ফুটবল লীগ আই এছ এলৰ তালিকাত হায়দাৰাবাদ এফ ছি আছে ৬ নং স্থানত আৰু নৰ্থ-ইষ্ট ইউনাইটেড আছে দশম স্থানত।
8. কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কঁহৰা বনাঞ্চলত গঁড়ৰ মৃতদেহ উদ্ধাৰ ।
বাৰ্ধক্যজনিত কাৰণত গঁড়টোৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ।
হাতী ছাফাৰীৰ দ্বিতীয় টঙীৰ সমীপত উদ্ধাৰ গঁড়টোৰ মৃতদেহ ।
9. গুজৰাটৰ আপৰ মুৰব্বী গোপাল ইটালিয়াক আটক কৰিছে দিল্লী আৰক্ষীয়ে।
ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এক চমন লাভৰ পিছতে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ কাৰ্যালয়ত উপস্থিত হৈছিল গুজৰাট আপৰ মুৰব্বীগৰাকী।
ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে গোপাল ইটালিয়াক আটক কৰে।
10. ১৭ নৱেম্বৰত অসমৰ তিনি ঠাইত ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিব কোচ ৰাজবংশী সন্মিলনীয়ে ।সংগঠনটোৱে ধেমাজি, শ্ৰীৰামপুৰ আৰু শিৱসাগৰ জিলাৰ শিমলুগুৰিত অৱৰোধ কৰিব ৰে’ল।
11. গুজৰাটত অনুষ্ঠিত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক লাভ ৰংগিলা দৈমাৰীৰ।
ওদালগুৰি জিলাৰ ৰংগিলা দৈমাৰীক আজি ওদালগুৰি চহৰত উস্ম আদৰণি জনোৱা হয়।
12. বালিপাৰাত স্কুটি আৰু ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষ।
নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল এখন ট্ৰেভেলাৰ।
গুৰুতৰভাৱে আহত চালকসহ ১৪ জনকৈ লোক।
13. অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক অভিজিৎ কৰ্মকাৰক গ্ৰেপ্তাৰ।
প্রৱঞ্চনাৰ গোচৰত গ্রেপ্তাৰ কৰা হৈছে অসম তৃণমূল কংগ্ৰেছৰ সম্পাদক অভিজিৎ কৰ্মকাৰক।
14. গোলাঘাটত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ।
আৰক্ষীয়ে জামুগুৰিৰ বকুলতলৰ পৰা জব্দ কৰে সুৰাখিনি।
15. কাছাৰ আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান ।
অভিযানত ২২টা কাৰ্টনত ২ হাজাৰ বটল কফ চিৰাপ জব্দ কৰে।
আৰক্ষীয়ে আটক কৰে নবেন্দু মালাকাৰ নামৰ এজন লোকক।
16. জলজীৱন মিছনৰ নামত জোনাইত বৃহৎ কেলেংকাৰীৰ অভিযোগ।
১৫ লাখ টকাৰে নিৰ্মাণ হোৱা আঁচনিৰ নামত কেলেংকাৰী।
17. চাবুৱা আৰু মায়ঙত ব্রহ্মপুত্রৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে।
অব্যাহত আছে মায়ঙৰ মূৰকটাত ব্ৰহ্মপুত্ৰৰ খহনীয়া।
চকুৰ সমুখতে লুইতত জাহ গ’ল বিদ্যালয়, প্রাচীন দুৰ্গা মন্দিৰ।
ঘৰ-দুৱাৰ হেৰুৱাই প্রাণৰ মমতাত সুৰক্ষিত স্থানলৈ ৰাওনা হৈছে নৈপৰীয়া ৰাইজ।
18. কাছাৰৰ গুমৰাত চোৰাং গৰুভৰ্তি বাহন জব্দ ।
এখন অল্ট’ বাহনৰ পৰা জব্দ ৫টা গৰু ।
মেঘালয়লৰ দিশে নিয়াৰ সময়তে জব্দ কৰে গৰুকেইটা।
19. প্রকৃতিৰ ৰোষত পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প।
ছয়দিনে ধাৰাবাহিকভাৱে ভূমিস্খলন হৈছে বান্ধ নিৰ্মিত পাহাৰটো।
ইফালে ২৪ ছেপ্টেম্বৰত গাৰ্ড ৱাল ভাঙি বান্ধটোৰ পাৱাৰ হাউছৰ প্রায় দুটা মহল, এক সপ্তাহলৈকে পানীৰ তলত বুৰ গৈ থকাৰ সমান্তৰালভাৱে ক্ষতিগ্রস্ত হৈছিল ডাইভাৰ্চন টানেল আৰু ইনটেক্ট।
ক্ষতিগ্রস্ত হৈছিল টাৰ্বাইনকে ধৰি দিচাৰ্জ গেট।
20. অৱশেষত উদ্ধাৰ নিখোজ শ্বাহৰুখৰ মৃতদেহ
ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা উদ্ধাৰ কৰে SDRF য়ে ।
নিৰ্মীয়মাণ দলঙৰ শ্ৰমিক আছিল শ্বাহৰুখ আলী ।