৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com October 19/2022 :- 

1. কংগ্ৰেছে লাভ কৰিলে নতুন সভাপতি।
২৪ বছৰৰ পিছত কংগ্ৰেছ দলৰ নেতৃত্ব গ’ল এজন ‘অ-গান্ধী’ লোকৰ হাতলৈ।
মল্লিকাৰ্জুন খৰ্গে কংগ্ৰেছৰ নতুন সভাপতি।
মল্লিকাৰ্জুন খৰ্গে লাভ কৰিলে ৭,৮৯৭ টা ভোট।
ড° শশী থাৰুৰৱে পালে ১,০৭২ টা ভোট।

2. গুজৰাটৰ ৮ খন চহৰত প্ৰতি ৪ কিঃমিঃ ব্যৱধানত স্থাপন কৰা হ’ব একোখনকৈ উন্নত চৰকাৰী বিদ্যালয়।
প্ৰতিটো ঘৰৰ ২-৩ কিঃমিঃ ব্যৱধানত এবছৰৰ ভিতৰত চৰকাৰী বিদ্যালয় নিৰ্মাণ কৰা হ’ব’- মন্তব্য মনীষ ছিচদিয়াৰ।

3. কোকৰাঝাৰত ষষ্ঠ অনুসূচী পৰিষদীয় ফুটবল প্ৰিমিয়াৰ লীগ।
কঠালগুৰি ক্ৰীড়া প্ৰাধিকৰণ ষ্টেডিয়ামত ফাইনেল খেল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপভোগ কৰিব ফাইনেল খেল।

4. AICCৰ সভাপতি নিৰ্বাচন সন্দৰ্ভত APCCৰ সভাপতি ভূপেন বৰাৰ মন্তব্য- “এজন অভিজ্ঞ ব্যক্তি পৰৱৰ্তী সভাপতি নিৰ্বাচিত হোৱাত আমি সুখী”।

5. ডিব্রুগড়ৰ DTOৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
উৎকোচ লৈ হাতে-লোটে গ্রেপ্তাৰ কৰে দুগৰাকী বিষয়া-পংকজ শইকীয়া আৰু দীতিমণি গগৈক।

6. ছাত্ৰীৰ লগত আপত্তিজনক অশালীন বাৰ্তালাপৰ অভিযোগত শিক্ষকক নিলম্বন।
গহপুৰ উঃমাঃ বিদ্যলয়ৰ সহকাৰী শিক্ষক পদ্ম দত্তক নিলম্বন কৰে শিক্ষা বিভাগে।

7. কৰিমগঞ্জত অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যুৰ অভিযোগ।
ৰোগীৰ মৃত্যুত উত্তেজনাময় পৰিৱেশ চিকিৎসালয়খনত।

8. দীঘলীপুখুৰীৰ পাৰত AAPৰ দাম বৃদ্ধি,
বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ।
প্ৰতিবাদ আৰম্ভ কৰাৰ পূৰ্বে আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীক।

9. মাজুলী গড়মূৰ পীতাম্বৰ দেৱ গোস্বামীৰ চিকিৎসালয়ত চিকিৎসাৰ অভাৱত পুনৰ এজনৰ মৃত্যু হৈছে।
ICU টেকনিচিয়ান নথকাৰ বাবে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ।
যুৱকজনৰ নাম আদিত্য পায়েং ।

10. কৰিমগঞ্জৰ কাৰাগাৰত সন্তান জন্ম দিলে বাংলাদেশী মহিলাই।
৪ মাহ পূৰ্বে বদৰপুৰৰ পৰা গ্ৰেপ্তাৰ হৈছিল মহিলাগৰাকী।

11. দিল্লীত দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰীসকলৰ বৈঠক।
বৈঠকত ভি কে সিং, জ্যোতিৰাদিত্য সিন্ধিয়াৰ অংশগ্ৰহণ।
সংবাদ মাধ্যমক সম্বোধন কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

12. ডুমডুমাত আৰক্ষীৰ অভিযানত ড্রাগছসহ আটক কৰে সৰবৰাহকাৰী।
ৰূপাইৰ পৰা আটক কৰে বিকাশ সোণোৱাল নামৰ সৰবৰাহকাৰীটোক।
জব্দ কৰা হৈছে ড্রাগছসহ এটা মবাইল আৰু এখন বাইক।

13. মহানগৰীৰ গড়চুকত নকল সোণ জব্দ কৰে।
লখিমপুৰৰ পৰা গুৱাহাটীত বিক্ৰীৰ বাবে আহিছিল নকল সোণখিনি।
আৰক্ষীয়ে জব্দ কৰে নকল সোণ খিনি।

14. দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ধেমাজিৰ চাৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ তালিকা চূড়ান্ত ।
চিচিবৰগাঁও সমষ্টিত ভৱানী দেউৰী, চিৰিপানি সমষ্টিত জোনমণি দেউৰী, জোনাইত হেমন্ত দেউৰী আৰু গোগামুখ সমষ্টিত প্ৰাৰ্থিত্ব দিছে ৰাকেশ বৰদেউৰীক।
বৰদলনি সমষ্টিটো এৰি দিছে মিত্ৰদল অগপক।

15. কাতি বিহুৰ নিশাই বিহপুৰীয়াত দেখা গ’ল সোৱণশিৰিৰ তাণ্ডৱ ।
বিগত কিছু দিন ধৰি ক্ৰমান্বয়ে উফন্দি অহা সোৱণশিৰিৰ বুকুত জাহ গ’ল হমৰা বাহগড়া মথাউৰিৰ একাংশ ।
প্ৰায় ১০০ মিটাৰৰো অধিক অংশ নদীয়ে উটুৱাই নিয়া পৰিলক্ষিত হয় নিশাৰ এন্ধাৰত ।

16. ৰাজ্যৰ AB আৰু UB কনিষ্টবল পদৰ নিযুক্তিৰ ক্ষেত্ৰত দেখা গ’ল ব্যাপক জালিয়াতি ।
নিযুক্তিৰ বাবে প্ৰয়োজনীয় কম্পিউটাৰ প্ৰশিক্ষণৰ ভুৱা প্ৰমাণ পত্ৰ জমা দি নিযুক্তি লাভ কৰিছিল বহু কেইজন পৰীক্ষাৰ্থীয়ে ।
প্রমাণ পত্র জালিয়াতিৰ গোচৰত আৰু ৩ জনক গ্রেপ্তাৰ চি আই ডিৰ ।

17. অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে চৰ্চালৈ আহিছে ভিক্টৰ দাস।
এই পৰীক্ষাত ভিক্টৰৰ ইনষ্টিটিউটৰ পৰা এহেজাৰতকৈও অধিক ছাত্ৰ–ছাত্ৰী চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে।
যাক লৈ এতিয়া আনন্দ অনুভৱ কৰিছে ভিক্টৰ দাসে।

18. পুনৰ নলবাৰীত গ্ৰেপ্তাৰ এগৰাকী জেহাদী৷
নলবাৰী আল্লিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জেহাদীটোক৷
ধৃত জেহাদীজনৰ নাম জুৱাইৰ হুছেইন।

19. হোমগাৰ্ডৰ মজুৰি
২৩,০১০ টকালৈ বৃদ্ধিৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

20. ‘মৌখিক পৰীক্ষা নপতাকৈ পুলিচৰ চাকৰি দিছে’- মন্তব্য আশ্ৰাফুল হুছেইন।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িব নাপাহৰিব ধন্যবাদ ।

Leave a Reply

Your email address will not be published. Required fields are marked *