অসমৰ ঔপন্যাসিক, গল্পকাৰ, চিত্ৰনাট্যকাৰ, কাহিনীকাৰ, ৰহস্য সাহিত্যিক বসন্ত দাস দেৱৰ জীৱনযাত্ৰা।

Spread the love

 

বসন্ত দাসৰ জন্ম হয় ১৯৪০ চনৰ ১৯ অক্টোবৰত কাৰ্বি আংলং জিলাৰ ডিফুৰ শিৱবাৰী ৰোডত।

তেখেত একধাৰে এগৰাকী ঔপন্যাসিক, গল্পকাৰ, চিত্ৰনাট্যকাৰ, কাহিনীকাৰ আৰু ৰহস্য সাহিত্যিক।

তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰ-ধাৰাবাহিকৰ কাহিনী লেখক আছিল।

তেখেতৰ পিতৃৰ নাম বংকবিহাৰী দাস আৰু মাতৃৰ নাম ব্ৰজবালা দাস।

 

তেখেতে কেইবাখনো উপন্যাস আৰু বিভিন্ন কাকত একাধিক গল্প ৰচনা কৰা বসন্ত দাসে প্ৰায় ১১খন অসমীয়া-কাৰ্বি-ডিমাচা চিনেমাৰ কাহিনী-চিত্ৰনাট্য-সংলাপ আদি ৰচনা কৰিছিল।

 

বসন্ত দাসৰ সংলাপসমৃদ্ধ ‘ৱশ্ব’বিপো’ নামৰ ছবিখনে ৰাষ্ট্ৰীয় পৰ্যায়ত “স্বৰ্ণকমল বঁটা” লাভ কৰাৰ বিপৰীতে ‘ছেৰ আলাং’ নামৰ ছবিখনে “ৰজত কমল বঁটা” লাভ কৰিছিল।

ইয়াৰ উপৰিও গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ কমিশ্যন্‌ড প্ৰ’গ্ৰাম আৰু ইণ্ডিয়ান ছিৰিজৰ বাবে প্ৰায় ২০খন ধাৰাবাহিক (অসমীয়া, হিন্দী আৰু কাৰ্বি ভাষাত) প্ৰায় ৫০টা খণ্ডৰ কাহিনী-চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল।

 

বসন্ত দাসে ১৯৬৬ চনত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰতীক চিহ্ন নিৰ্মাণ কৰিছিল।

তেখেতৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছে- ৰুমাল, মেলেং, যোৰাবাট, জংচন, পিৰামিড, তমন, কাৰবি সংস্কৃতিৰ ইতিহাস, কাৰবি সংস্কৃতিৰ ধাৰা ।

উপন্যাস সমূহ হৈছে- বীৰাংগনা, কথা অৰণ্য, নিৰ্বাণ, উমাল অনুভূতি, মই আৰু ঘাইসুঁতি, কথা অৰণ্য,মায়া প্ৰান্তৰ আদি।

নাটকৰ ভিতৰত উল্লেখযোগ্য নাটককেইখন হৈছে – অৱতাৰ, হৰি-দৰ্শন, জোনাক তুমি অনন্যা, বিষকন্যা আদি।

ঋতুৰাজ’ ছদ্মনামেৰে লিখা উপন্যাস সমূহ হৈছে- প্ৰেয়সী, সহবাস, প্ৰবাসী বিহংগ, মন্থন।

তেখেতে লাভ কৰা সন্মান আৰু বঁটা সমূহ হৈছে –

২০০৩ চনত কমিউনেল হাৰমনি ফ’ৰ্টনাইট বঁটা।
২০০৪ চনত অসম সাহিত্য সভাৰ জয়ছিং হাঞ্চে বঁটা।
২০১০ চনত কমিউনেল হাৰমনি বঁটা।
২০১১ চনত অসম সাহিত্য সভাৰ লুম্মেৰ দাই বঁটা।
২০১১ চনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেমছনছিং ইংতি বঁটা।
২০০২ চনত আমৰা ক’জন গোষ্ঠীৰ বৈশাখী বঁটা।
২০০৩ চনত অসম চৰকাৰৰ ‘কমিউনেল হাৰমনী ফ’ৰ্টনাইট’ এৱাৰ্ড।

২০১২ চনৰ ৭ মাৰ্চত তেখেত মৃত্যু হয়।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

তেখেতে অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ সদায় চিৰস্মৰণীয়
হৈ থাকিব।

ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

 

News Editor Sangita Dutta Reports R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *