অসমৰ অন্যতম জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণেতা, মিচিং জনগোষ্ঠীৰ প্ৰথম শব্দকোষ প্ৰণেতা সোণাৰাম পাঞাং কটকী দেৱৰ জীৱনযাত্ৰাঃ

Spread the love

 

তেখেতৰ জন্ম হৈছিল ১৮৮৫ চনৰ অক্টোবৰ মাহৰ পূৰ্ণিমাৰ দিনা লক্ষ্মীমপুৰ জিলাৰ ঢকুৱাখানা মহকুমাৰ উভটামুখ মিচিং গাঁৱত।

তেখেত একাধাৰে মিচিং জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণেতা, সাহিত্যিক, সমাজ কৰ্মী, শিক্ষানুৰাগী ব্যক্তি আছিল।

তেওঁৰ পিতৃৰ নাম কাৰবাং পাঞাং আৰু মাতৃ আঙনী পাংঞাং আছিল।

সোণাৰাম পাঞাং কটকীয়ে চিলা পথাৰৰ চামকাং মিচিং গাৱঁৰ মাজনী তায়েঙক বিয়া কৰায়।

তেওঁলোকৰ ৪ গৰাকী ছোৱালী আৰু এগৰাকী পুত্ৰ।

১৯৫০ চনৰ প্ৰলয়ংকাৰী ভূমিকম্পত তেওঁৰ সৰ্বস্ব হেৰুৱাই ওভতামুখ মিচিং গাঁও এৰি অস্থায়ী ভাৱে বৰ্তমান যোৰহাট জিলাৰ গন্ধিয়া মিচিং গাৱঁত আশ্ৰয় লয়।

বিভিন্ন পাহাৰীয়া ভাষা-ভাষী আৰু ব্ৰিটিছ চৰকাৰৰ মাজত মধ্যস্থতাকাৰী কথাৰ বিনিময় কৰ্ম আগবঢ়োৱাৰ বাবে ব্ৰিটিছে তেওঁক ‘কটকী’ উপাধি প্ৰদান কৰিছিল।

উভটামুখ অয়েঙীয়া মিচিং গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত সোণাৰাম পাঞাং কটকীয়ে নাম ভৰ্তি কৰে।

সৰুকালৰ পৰা পাঞাং কটকীয়ে মেধাবী ছাত্ৰ হিচাপে পৰিচয় দাঙি ধৰে।

তেওঁ ১৯০১ চনত প্ৰাথমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ ক্নগগতে বৃত্তিও লাভ কৰে।

কিন্তু সেই ঠাইত উচ্চশিক্ষানুষ্ঠান নথকাৰ ফলত সোণাৰাম পাঞাং কটকীয়ে লখিমপুৰ মধ্য ইংৰাজী বিদ্যালয়ত নাম ভৰ্তি হয়।

১৯০৪ চনত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ উপৰি বৃত্তিও লাভ কৰে।

পিছত হাইস্কুলত নাম ভাৰ্তি কৰিবলৈ ডিব্ৰুগড়লৈ যায়।

পাঞাং কটকীৰ উচ্চ শিক্ষা লাভ নকৰিলেও তেওঁৰ সাহস, মনোবল তথা আত্মবিশ্বাস অটুত আছিল।

তেওঁ সংস্কাৰসুখী কৰ্মৰে মিচিং সমাজখনক আধ্যাত্মিক আৰু বৌদ্ধিক দিশত উত্তৰণ ঘটাবলৈ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাত ব্ৰতী আছিল।

১৯৩৯ চনত তেওঁ ঢকুৱাখানাৰ বগৰিগুৰি মিচিং গাঁৱত এখন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰে আৰু নিজেও শিক্ষাদানত ব্ৰতী হয়।

পিতৃ কাৰবাং পাঞাঙৰ পৰা লাভ কৰা আধ্যাত্মিক ধ্যান ধাৰণাৰে অনুপ্ৰাণিত হৈ পাঞাং কটকীয়েও বিশ্বাস কৰিছিল যে আধ্যাত্মিক ধ্যান-ধাৰণাইহে মানৱ সমাজক সুখ-শান্তি শৃংশলাৰে পৰিচালিত কৰে।

সেয়ে বগৰিগুৰি মিচিং গাৱঁত এটি ‘নামঘৰ’ প্ৰতিষ্ঠা কৰি মিচিং সমাজত বৈষ্ণৱ ধৰ্মৰ জৰিয়তে আধ্যাত্মিক তথা বৌদ্ধিক দিশত উত্তৰণ ঘটাবলৈ প্ৰচেষ্টা চলায়।

পাঞাং কটকীয়ে বগৰিগুৰিৰ পাছত লাইমেকুৰী, মেচাকি চাপৰি আদি ঠাইৰ মিচিং মানুহৰ মাজত শিক্ষা আৰু আধ্যত্মিকতাৰ প্ৰচাৰৰ বাবে উঠিপৰি লাগে।

শিক্ষাৰ পোহৰ নপৰা অতি পিছ পৰা মেচাকি চাপৰিত ১৯১৩ চনত এখন প্ৰাইমেৰী স্কুল প্ৰতিষ্ঠা কৰি নিজেও শিক্ষাদান কৰিছিল।

ইয়াৰ উপৰি তেওঁৰ মেচাকি চাপৰিত নামঘৰ, পুথিভঁৰাল আৰু মুৰংঘৰ আদি প্ৰতিষ্ঠা কৰে।

কেতিয়াবা তেখেতে সভা-সমিতি পাতি শিক্ষা-দীক্ষা আৰু আধ্যাত্মিক প্ৰগতিবাদী চিন্তাধাৰাই সামাজিক, অৰ্থনৈতিক তথা সাংস্কৃতিক উন্নতিত মানুহৰ প্ৰমূল্যবোধৰ শিক্ষা আৰু সমাজ জীৱনৰ লগত খোজ মিলাই আগুৱাই যাবলৈ মিচিং সমাজক আহ্বান জনায়।

সোণাৰাম পাঞাং কটকী “মিৰি জাতিৰ বুৰঞ্জী” লিখক হিচাপেহে মিচিং সমাজত সৰ্বজ্ঞাত।

তেওঁৰ সেই সময়ত আক্ষেপ আছিল যে কোনো বুৰঞ্জী পুথিত মিৰি জাতিৰ ইতিবৃত্তৰ তথ্য নাছিল।

সেয়ে তেওঁ মিচিং জনজীৱনৰ ইতিবৃত্তৰ প্ৰণয়ণৰ ৰাবে সংকল্পবদ্ধ হয় আৰু বুৰঞ্জীৰ সমল বিচৰাত ব্ৰতী হয়।

মিচিং জাতিৰ বুৰঞ্জী প্ৰণয়ন কৰিবলৈ আবৰ পাহাৰ, ডফলা পাহাৰ তথা উত্তৰ-পূৰ্বাঞ্চল (নেফা) ভ্ৰমণ কৰিবলৈ পৰিকল্পনা প্ৰস্তুত কৰে।

তেওঁ ১৯২১ চনৰ জানুৱাৰী মাহত যাত্ৰা আৰম্ভ কৰি ফেব্ৰুৱাৰী মাহত মিৰি পাহাৰত উপস্থিত হয়।

এই অঞ্চলৰ জ্ঞানী লোকসকলৰ পৰা মিৰি জাতি-উপজাতি, বংশ পৰিচয় তথা আত্মীয় কুটুম্বৰ ইতিবৃত্তৰ সমল আহৰণ কৰে।

১৯২২ চনৰ জুলাই মাহত পুনৰ যাত্ৰা আৰম্ভ কৰি ডামাপাহাৰৰ ডাৰ, কিংগিন, বেলেন, শ্ৰিয়া ইয়াং কিয়াং আৰু বুলিম আদি বৃহৎ গাঁওবোৰত উপস্থিত হয়গৈ।

বিভিন্ন লোকৰ পৰা মিচিং বংশাৱলীৰ উৎপত্তিৰ তথ্য আহৰণ কৰে।

১৯২৩ চনতো কিছুমান তথ্যভিজ্ঞ ‘গামক’ লগত লৈ মেৰা পাহাৰ পায়গৈ তাত থকা চিলক, বাৰধি, অয়াং, ৰাণা চিয়াকামা, নামচিং, ৰীয়া আৰু শদিয়াৰ গাঁওবোৰ পৰিভ্ৰমণ কৰি বুৰঞ্জীৰ সমল আহৰণ কৰে।

এনেদৰে পাঞাং কটকীয়ে মিৰি জাতিৰ বুৰঞ্জী প্ৰণয়নৰ সন্দৰ্ভত ১৩ বছৰ কাল পাহাৰে ভৈয়ামে অধ্যয়ন চলায়।

তেওঁৰ ‘মিৰি জাতিৰ বুৰঞ্জীখনৰ পাতনিমতে বুৰঞ্জীখন ১৯৩৫ চনত প্ৰকাশ কৰে।

মিৰি জাতিৰ বুৰঞ্জীখন মিচিং জনজীৱনৰ এক দলিল বা মাইলৰখুটি।

ইয়াত মিৰি বা মিচিং জাতিক ভালকৈ প্ৰতিফলিত কৰিছে।

তেওঁ বুৰঞ্জীখনত ত্ৰয়োবিংশটা অধ্যায় আছে।

মিচিং বা মিৰিসকল বৰ আৱৰৰ বংশোদ্ভৱ।

সেয়ে প্ৰথম অধ্যায়ৰ পৰা ষষ্ঠ অধ্যায়লৈ পাহৰত থকা কালছোৱাৰ বিবৰণ দিয়া আছে।

ইয়াত মিৰি দেশৰ সীমা-ৰেখা, বিভিন্ন বৰ আৱৰৰ খেল বা ঠাল, বংশ, সাজপাৰ, বিবাহ প্ৰথা, খোৱাবোৱা প্ৰণালী উল্লেখ কৰা আছে।

তদুপৰি বৰ আৱৰৰ লগত মিৰি বা মিচিং জাতিৰ সামাজিক ধৰ্ম-কৰ্ম, ৰীতি-নীতিৰ কথা উল্লেখ আছে।

চুটীয়া ৰজা, আহোম ৰজা আৰু ব্ৰিটিছৰ লগত সঘনাই হোৱা যুদ্ধৰ কথাও বৰ্ণনা কৰা আছে।

বুৰঞ্জীখনত মিচিং জাতিৰ বিভিন্ন বংশাৱলী দেখুৱা হৈছে।

লগতে কোন বংশ, ঠাল, খেলৰ কি ‘গোত্ৰ’ তথা মিচিঙৰ সামাজিক প্ৰথামতে একে গোত্ৰৰ মাজত বিয়াবাৰু নিষেধ ইত্যাদি লিপিবদ্ধ কৰা আছে।

মিচিঙৰ সাজপাৰ, বিহু, সকাম নিকাম, ধৰ্ম্ম-কৰ্ম আদি আধ্যাত্মিক ধ্যান-ধাৰণাৰ কথা লিপিবদ্ধ কৰা আছে।

তদুপৰি মিচিং সকলক সম্পূৰ্ণ কৃষিজীৱী জাতি হিচাপে বুৰঞ্জীখনত চিহ্নিত কৰিছে আৰু কৃষি উৎপাদনেই মিচিঙ সকলৰ আৰ্থিক দিশৰ মাইলৰ খুঁটি বুলি উল্লেখ কৰিছে।

মুঠতে মিৰি জাতিৰ বুৰঞ্জীখন অতীত মিচিঙৰ সামাজিক, শিক্ষা, ৰাজনৈতিক, অৰ্থনৈতিক, কৃষি-সংস্কৃতি, ভাষা ধৰ্ম-কৰ্মৰ কথা লিপিবদ্ধ কৰা এক ঐতিসাহিক দলিল।

মিচিং মানুহৰ মাজত আৰ্থিক উন্নতি সাধনৰ পথ প্ৰশস্ত কৰি তোলাৰ উদ্দেশ্যে এখন সমবায় সমিতি গঠন কৰে।

সেই সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চিচিমুখত ‘চিচি-শ্ব-মিল’ বা ‘চিচিকল ঘৰ’ প্ৰতিষ্ঠা কৰিছিল।

কটকীয়ে ইয়াত কাঠৰ যোগান ধৰা ঠিকা লয়।

পিচত এই কাম সমবায় সমিতিক গটাই দি পাঞাং কটকীয়ে পুনৰ অন্য এটা বনৌষধি ব্যৱসায় প্ৰতিষ্ঠা কৰে।

সোণাৰাম পাঞাং কটকী এজন সাহিত্যিকো আছিল।

তেওঁ ‘মিৰি দুৱান’ নামেৰে মিচিং-অসমীয়া-ইংৰাজী শব্দকোষ এখন প্ৰণয়ন কৰিছিল।

এইখন মিচিং ভাষাৰ প্ৰথম শব্দকোষ আৰু ১৯১৫ চনত প্ৰকাশ হৈ ওলায়।

‘মিচিং ঐনিতম’ নামেৰে অন্য এখন পাণ্ডুলিপি প্ৰস্তুত কৰিছিল।

তদুপৰি তেওঁ “মান পৰাজয়” নামৰ গ্ৰন্থ এখনো প্ৰস্তুত কৰিছিল।

১৯৫২ চনৰ ২০ অক্টোবৰত তেখেত মৃত্যু হয়।

তেখেতে মিচিং সমাজ জগতলৈ সৃষ্টিৰাজী আৰু কৰ্মৰাজীৰ বাবে সদায় চিৰস্মৰণীয় হৈ থাকিব।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

 

সংগীতা দত্তৰ বিশেষ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *