বাংলাদেশৰ এগৰাকী ১৩ বছৰীয়া শিশুৱে বিশ্ব জয় কৰিলে।
সম্প্ৰতি ছালেহ আহমেদ তাকৰিম নামৰ বিশ্ববিজয়ী বাংলাদেশৰ শিশু গৰাকী বিখ্যাত হৈ পৰিছে।
১১১ খন দেশৰ অংশগ্রহণেৰে পৱিত্ৰ মক্কাত অনুষ্ঠিত বিশ্ব হিফজুল ক্বোৰআন প্রতিযোগিতাত বাংলাদেশৰ প্রতিনিধি শিশু হাফিজ ছালেহ আহমদ তাককিম ৩য় স্থান অর্জন কৰি ইতিহাস ৰচিছে।
১১১ খন দেশৰ ১৫৩ গৰাকী প্ৰতিযোগীৰ মাজত অনুষ্ঠিত বিশ্ব হিফজুল ক্বোৰআন প্ৰতিযোগিতাত অতি সাহসেৰে অংশগ্ৰহন কৰি তৃতীয় স্থান আজুৰি আনিবলৈ সক্ষম হৈছে তেওঁ। অভিনন্দন হাফিজ ছালেহ আহমেদ তাকৰিমক।
ভাৰতৰ অসম ৰাজ্যৰ পৰা বিশ্ববিজয়ী হাফিজ ছালেহ আহমেদ তাকৰিমক শুভেচ্ছা, স্বাগতম।
১১১ খন দেশৰ প্রতিযোগীক সকলক পিছ পেলাই তিনি নম্বৰ স্থান লাভ কৰা শিশু ছালেহ আহমেদ তাকৰিমৰ প্ৰশংসাত এতিয়া সকলোৱেই পঞ্চমুখ, কিন্তু এই গৰাকী তাকৰিমক আজিৰ এই স্থানলৈ লৈ অহাৰ আঁৰৰ মূল কাৰিগৰক হয়তো বহুতেই চিনি নাপায় বা তেওঁৰ সমন্ধে নাজানে, আচলতে তাকৰিমৰ সফলতাৰ আঁৰৰ ব্যক্তিজনেই হৈছে তেওঁৰ পিতৃ।
যেনেদৰে সমাজৰ এগৰাকী সফল ব্যক্তিৰ সফলতাৰ আঁৰত এজন ভাল কাৰিগৰ থাকে ঠিক তেনেদৰে বাংলাদেশী শিশু হাফিজ গৰাকীৰ সফলতাৰ আঁৰতো আছে এজন সফল ব্যক্তি আৰু সেই ব্যক্তিজন অইন কোনো নহয়, তেওঁৰেই জন্মদাতা পিতৃ। অৱশ্যে তাকৰিমৰ শিক্ষক সকলৰ অৱদানো কোনোগুণে কম নহয় যদিওঁ তেওঁৰ পিতৃৰ অৱদান অনস্বীকাৰ্য, অতুলনীয়।
উল্লেখ্য যে, তাকৰিমৰ পিতা এগৰাকী সহজ-সৰল, নম্ৰ-ভদ্ৰ, বিনয়ী আৰু সাধাৰণ পোচাকধাৰী লোক হোৱাৰ লগতে পৱিত্ৰ ক্বোৰআনৰ হাফিজো হয়।
তেওঁ তাকৰিমক সৎ সংগ, ভাল পৰিবেশ দিয়াৰ সমান্তৰালকৈ নৈতিকতা, মূল্যবোধ, সদাচৰণ, আধ্যাত্মিকতা তথা গুণগত শিক্ষা প্ৰদান কৰি আহিছে।
এইদৰে নিজৰ সন্তানক তাকৰিমৰ নিচিনা হোৱাটো বিচাৰিলে প্ৰতিজন পিতৃ-মাতৃয়ে ছালেহ আহমেদ তাকৰিমৰ পিতৃৰ দৰে হ’ব লাগিব।
জুলহাছ আলী আহমেদৰ প্ৰতিবেদন R News India 24