৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com October 21/2022:- 

1. ঢকুৱাখনাবাসীলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে আগবঢ়াইছে প্ৰাক দিপাৱলীৰ উপহাৰ।
ঢকুৱাখনাবাসীৰ বহুদিনীয়া এক প্ৰত্যাশা পূৰণ কৰাৰ মানসেৰে ৰাজ্য চৰকাৰে উক্ত পথৰ সোৱণশিৰি নদীৰ ওপৰত অৱস্থিত ঘূণাসুতিৰ ওপৰত পকী দলং নিৰ্মাণৰ বাবে নিবিদা গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

2. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰাখণ্ড ভ্ৰমণ আৰম্ভ।
কেডাৰনাথ মন্দিৰত পূজা অৰ্চনা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

3. আজি আৰক্ষীৰ শ্বহীদ স্মৃতি দিৱস।
কাহিলীপাৰা ৪ৰ্থ অসম আৰক্ষী বেটেলিয়নৰ আয়োজন এই দিৱসৰ। প্ৰতিবছৰে ২১ অক্টোবৰত পালন কৰা হয় এই বিশেষ দিৱস।

4. APSC ৰ চূড়ান্ত ফলাফল ঘোষণা।
ACSৰ প্ৰথম স্থান লাভ কৰিছে বিজিত পাঠক।
APS ত বাছনি ৬৯ গৰাকী পৰীক্ষাৰ্থী।
কৰ অধীক্ষক পদত ৬ গৰাকী প্ৰাৰ্থী বাছনি।
শ্ৰম পৰিদৰ্শৰ বাবে বাছনি ১৮ গৰাকী প্ৰাৰ্থী।

5. বিশিষ্ট সাহিত্যিক ড° অনিমা গগৈৰ মৃত্যু।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হ’ল সাহিত্যিকগৰাকী।

6. ‘ফিউচাৰ অৱ নিউজ’ শীৰ্ষক NBFৰ বিশাল ৰাষ্ট্ৰীয় সমাৰোহ উদ্বোধন কৰিলে দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে।

7. অৰুণাচলত হেলিকপ্টাৰ দুৰ্ঘটনাগ্রস্ত।
আপাৰ চিয়াঙৰ টুটিঙৰ ওচৰৰ মিগিঙত দুৰ্ঘটনা।
পুৱা ১০.৪৩ বজাত সংঘটিত হৈছিল দুৰ্ঘটনা।
উদ্ধাৰ অভিযান অব্যাহত স্থানীয় প্রশাসনৰ।

8. দুৰ্ঘটনা হ’লে ডায়েল কৰক এটা নতুন ফোন নম্বৰত।
এক নতুন নম্বৰত উপলব্ধ আন এক এম্বুলেঞ্চ সেৱা। তাৎক্ষণিকভাৱে ফোন কৰক ১০৩৩ নম্বৰত।

9. কালী পূজা আৰু দেৱালী উপলক্ষ্যে ২৫ অক্টোবৰত BTR ত স্থানীয় বন্ধ ঘোষণা।
২৫ অক্টোবৰত BTR ৰ ৫ খন জিলা ক্ৰমে কোকৰাঝাৰ , চিৰাং , বাকছা , ওদালগুৰী আৰু তামোলপুৰ জিলা উপায়ুক্ত , মহকুমাধিপতিৰ কাৰ্যালয়কে ধৰি বি টি চিৰ অধীনৰ সকলো শিক্ষানুষ্ঠান , চৰকাৰী আৰু অৰ্ধ চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰে।

10. এম্বুলেন্সৰ সঁহাৰি নোপোৱাৰ বাবেই মাজুলীত চিকিৎসালয় গৈ নাপালে ৰোগী।
ব্যস্ততাৰ অজুহাত দেখুৱাই ১০৮ এম্বুলেন্স প্ৰদান নকৰাৰ বাবেই মৃত্যু হ’ল এজন লোকৰ।

11. ডিব্ৰুগড়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
DTO সঞ্জীৱ হাজৰিকাৰ বাসগৃহত ৭ লাখ ৩৮০০ টকা জব্দ কৰা হৈছে।

12. অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নিশা ওলাই অহা হাতীৰ মৃতদেহ উদ্ধাৰ।
সোণাৰিৰ নাফুক চাহ বাগিচাৰ ৮ নং লাইনত উদ্ধাৰ হাতীটোৰ মৃতদেহ।
খেতি পথাৰৰ শস্য সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাইজে পথাৰত বিদ্যুৎ পৰিবাহী সংযোগ কৰি ৰখা তাঁৰত লাগিয়েই হাতীটো বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে ।

13. মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এক বিশেষ পত্ৰ।
এই পত্ৰত আইআইটি খড়গপুৰত অসমৰ এগৰাকী ছাত্ৰীৰ মৃত্যুৰ তদন্তৰ বাবে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই।

14. নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ লৈ কংগ্ৰেছৰ নব নিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ফোন ৷
অসমত কংগ্ৰেছক শক্তিশালী কৰাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ বাবে সাংসদ বৰদলৈৰ সহযোগ বিচাৰিছে খাৰ্গেয়ে ৷

15. শুকুৰবাৰে ৰাজ্যত পুনৰ অভিযান চলিল PFIৰ, কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত ৪ PFI ৰ সদস্য।
গ্রেপ্তাৰ কৰে গাগলমাৰিৰ নজৰুল ইছলাম, নতুন বদলাৰ ৰফিকুল ইছলামক।

16. ‘2023 ত ভাৰতত অনুষ্ঠিত হ’ব ক্ৰিকেট বিশ্বকাপ’- ঘোষণা কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী অনুৰাগ ঠাকুৰ।

17. দীপাৱলীৰ পূৰ্বে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
নিশা ৮ বজাৰ পৰা ১০ বজালৈহে ফুটুৱাব পাৰিব ফটকা, আতচবাজী।
নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ নিষিদ্ধ আতচবাজী। অভিযোগ দাখিলৰ বাবে জিলা প্ৰশাসনে মুকলি কৰিছে টোল-ফ্ৰী নম্বৰ।

18. চৰকাৰৰ নিকা আৰু স্বচ্ছ নিযুক্তিত ভুৱা নথি প্রদান কৰা প্রাৰ্থীৰ সংখ্যা ১৭জন হ’লগৈ।
গ্রেপ্তাৰ কৰা হৈছে ২৩ ছেপ্টেম্বৰত নিযুক্তি লাভ কৰা প্রাৰ্থীয়ো।
ধুবুৰীত গ্রেপ্তাৰ হ’ল কম্পিউটাৰ শিক্ষকসহ এজন।

19. GMCত বৃহৎ কেলেংকাৰী।
৮ অভিযুক্তক গ্রেপ্তাৰ কৰিলে CM ভিজিলেন্সে।
ভুৱা বিল জমা দি সৰকাই নিছিল ধন।
GMCৰ ৮ অভিযুক্তক বিশেষ আদালতত হাজিৰ কৰা হৈছে।

20.’ৰাইজৰ সেৱা কৰাই হৈছে ৰাজনীতি ।
ৰাইজৰ কাম নকৰিলে ৰাজনীতিত একো নাপায়’- মন্তব্য মন্ত্ৰী কিৰেণ ৰিজিজুৰ।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ। 

Leave a Reply

Your email address will not be published. Required fields are marked *