৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com October 24/2022:-
1. উত্তৰ প্ৰদেশৰ অযোধ্যাত ভগৱান শ্ৰীৰামৰ ৰাজ্যভিষেক পৰিৱেশন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীক সংগ দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
১৮ লাখ বন্তিৰ পোহৰত উজলিল সৰযুৰ পাৰ।
অযোধ্যাত উদ্ভাসিত সনাতন কৃষ্টি-সংস্কৃতিৰ দীপাৱলী।
মঞ্চত প্ৰদৰ্শন কৰা হ’ল বিভিন্ন ৰাজ্যৰ লোককৃষ্টি।
2. T20 বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়। 4 উইকেটত জয় টীম ইণ্ডিয়াৰ।
3. বন্ধ হ’ব আকাশবাণী ডিব্রুগড় কেন্দ্রৰ পৰা সম্প্রচাৰিত আঞ্চলিক বাতৰি।
কেন্দ্রীয় চৰকাৰৰ ব্যয় সংকোচন নীতিৰ আধাৰত আকাশবাণী ডিব্রুগড় কেন্দ্রৰ ৰিজিঅ’নেল নিউজ ইউনিট বন্ধ কৰাৰ সিদ্ধান্তৰ পৰিপ্রেক্ষিতত ২৫ অক্টোবৰৰ পৰা কেন্দ্রটোৰ পৰা আঞ্চলিক বাতৰি সম্প্রচাৰ নহয়।
ডিব্রুগড়ৰ পৰিবৰ্তে গুৱাহাটী কেন্দ্ৰৰ পৰা হ’ব সম্প্ৰচাৰ।
4. একেৰাহে তৃতীয়বাৰৰ বাবে চীন কমিউনিষ্ট পাৰ্টীৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হ’ল ঝি জিনপিং।
স্পৰ্শ কৰিলে দলটোৰ প্রতিষ্ঠাতা মাও জে ডঙৰ অভিলেখ।
শনিবাৰে তেওঁ ৰাষ্ট্রপতি পদত পুনৰ নিৰ্বাচিত হৈছিল।
ফলত পৰৱৰ্তী ৫ বছৰৰ বাবেও তেওঁৰ হাততে থাকিব দেশ আৰু দলৰ বাঘজৰী।
5. যোৰহাটত আয়োজন কৰা হৈছে ‘ভক্তি প্রদীপ’ আধ্যাত্মিক অনুষ্ঠান।
‘সাঁকো সাংস্কৃতিক শিল্পী সমাজ’ৰ উদ্যোগত আয়োজন কৰা হয় এই বিশেষ অনুষ্ঠানৰ।
‘প্ৰতিদিন টাইম’ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক ‘সাঁকো অগ্নিকণ্ঠ’ উপাধি প্ৰদান কৰাৰ লগতে সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীক ‘সাঁকো সমাজ সূর্য’ বঁটা প্ৰদান কৰা হয়।
6. বৰপেটা সত্রৰ বুঢ়াসত্রীয়া বশিষ্ঠ দেৱশর্মাৰ মহাপ্রয়াণত শোকস্তব্ধ ৰাজ্যবাসী। বুঢ়াসত্রীয়াজনক শেষ শ্রদ্ধা জনাবলৈ ওলাই আহিল বৰপেটাবাসী।
বৰপেটাৰ আকাশে-বতাহে কান্দোনৰ ৰোল।
সোমবাৰে ৰাজ্যিক মর্যাদাৰে অন্ত্যেষ্টিক্রিয়া সম্পন্ন হ’ব বুঢ়াসত্রীয়া বশিষ্ঠ দেৱশর্মাৰ।
7. ঘোষণা হ’ল ইণ্ডিয়ান পেনোৰামাৰ চলচ্চিত্র বাছনিৰ তালিকা।
২৫খন কাহিনী চিত্রৰ বিপৰীতে ২০ খন অকাহিনী চিত্র প্রদৰ্শন হ’ব ভাৰতীয় আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত।
কাহিনী চিত্রত অসমীয়া ছবিয়ে স্থান লাভ কৰিব নোৱাৰিলেও অকাহিনী চিত্রত প্রদৰ্শন হ’ব ব্রীজ ছবিৰ পৰিচালকৰ আন এখন তথ্যচিত্র।
২০ ৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত প্ৰদৰ্শন কৰা হব এই ছবি সমূহ।
8. This is a Virat Diwali for us, চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে শ্বাসৰুদ্ধকৰ মেচত ভাৰতৰ ৰোমাঞ্চকৰ জয়ৰ পিছতে টুইটযোগে ক’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
9. ডিমাপুৰত উদ্ধাৰ কৰে ক্ষেত্ৰীৰ পৰা চুৰি হোৱা স্ক’ৰপিঅ’ বাহনখন।
নাগালেণ্ড আৰক্ষীৰ সহযোগত ক্ষেত্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰে চুৰি হোৱা বাহনখন।
10. বগাহাতীত পৰিণত হৈছে চাবিবুলৰ জাৱৰ নিষ্কাষণ কেন্দ্র।
ৰাজপথতে পৰি ৰৈছে ১০ টাকৈ ৱাৰ্ডৰ গেলা-পচা জাৱৰ।
জনসাধাৰণক কদৰ্যময় পৰিৱেশত এৰি গুৱাহাটী পৌৰ নিগমৰ একাংশ বিষয়া-কৰ্মচাৰী এতিয়া ব্যস্ত কৰোনাৰে টকা চপোৱাত।
11. নাওবৈচাত ৰঙানদী সমবায় সমিতিৰ সুলভ মূল্য দোকানী নাছিৰুল ইছলামৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ। হিতাধীকাৰীৰ ৰেচন আত্মসাত কৰাৰ অভিযোগ ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰতিবাদ কৰে।
12. খাৰুপেটীয়াৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।
দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন ছাত্ৰ, আনজনৰ সংকটজনক অৱস্থা।
নিহত ছাত্ৰজনৰ নাম জাহংগীৰ আলম, আহত জনৰ নাম নেকিবুৰ ৰহমান।
13. “বৰপেটাসত্ৰৰ সদ্যপ্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ সৃষ্টিৰাজিক সংৰক্ষণৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে”- মন্তব্য
মন্ত্ৰী ৰণোজ পেগুৰ।
14. দীপাৱলীৰ সময়তে ৰাজ্যত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ। আগন্তুক ৫ দিনলৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
15. অসমত মুকুলি হ’ল বহু বিতৰ্কিত মিয়া মিউজিয়াম।
অসম মিয়া (অসমীয়া) পৰিষদৰ উদ্যোগত গোৱালপাৰা জিলাৰ
লক্ষীপুৰত মুকুলি কৰে মিয়া মিউজিয়ামৰ।
16. দীপাৱলীৰ বতৰত চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ।
4 শতাংশকৈ মৰগীয়া বানচ বৃদ্ধি পালে চৰকাৰী কৰ্মচাৰীৰ।
এই মাহৰ দৰমহাতে কৰ্মচাৰীয়ে লাভ কৰিব মৰগীয়া বানচ।
17. গান্ধী পৰিয়ালৰ দুটাকৈ স্বেচ্ছাসেৱী সংগঠনৰ বিৰুদ্ধে কঠোৰ হ’ল কেন্দ্রীয় গৃহ মন্ত্রালয়।
ছোনিয়া গান্ধী নেতৃত্বাধীন ৰাজীৱ গান্ধী ফাউণ্ডেচনে বিদেশৰ পৰা বৰঙণি সংগ্রহ কৰিব নোৱাৰিব।
বিদেশৰ পৰা সংগ্রহ কৰা পুঁজিৰ ক্ষেত্রত অনিয়ম সংঘটিত কৰাৰ অভিযোগত বৈদেশিক পুঁজি সংগ্রহত সম্পূর্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিলে গৃহ মন্ত্রালয়ে।
18. বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত অঘটন সংঘটিত হৈছে।
চাহ বাগিচাখনৰ পাত কটা চিটিচি মেচিনত লাগি ভৰি চিঙিল এগৰাকী শ্ৰমিকৰ।
শ্ৰমিকগৰাকীৰ নাম সুকদেউ লাইনৰ ছুলেমান কেৰকাটা।
শ্ৰমিকজনক প্ৰৰণ কৰা হৈছে FAAMCH লৈ।
19. ৰঙিয়াত বৰলীয়া দলঙৰ তলত নৱজাতকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
গাড়ীৰে আনি মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
20. ফাঁচীবজাৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।
নিৰ্মাণ প্ৰতিষ্ঠানে টানি থোৱা ৰছীত লাগি এজন যুৱকৰ মৃত্যু।
প্ৰশাসনক নজনোৱাকৈ ৰাজপথত ৰছী টানি থৈছিল।
বাইকেৰে আহি থকা অৱস্থাত ডিঙিত লাগি ধৰে ৰছীডাল আৰু থিতাতে মৃত্যু হয় যুৱকজন।
যুৱকজনৰ নাম অজিত ঝা।