৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com October 24/2022 :-
1. লাডাখত সেনা বাহিনীৰ সৈতে দীপাৱলী পালন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
সেনা জোৱানৰ সৈতে মোদীয়ে একেলগে পৰিৱেশন কৰিলে ‘বন্দে মাতৰম’।
2. ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হ’ল ঋষি ছুনাক।
২৮ অক্টোবৰত শপত লব ঋষি ছুনাকে ।
3. ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য।
শ্ৰদ্ধাঞ্জলী জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক বশিষ্ঠ দেৱ শৰ্মাই দেখুৱাই যোৱা আদৰ্শৰে নৱপ্ৰজন্মক সংস্কৃতিৰ ধাৰা বজাই ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ।
4. অৰুণাচলৰ ভাৰত-চীন সীমান্তত হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰা কৰিমগঞ্জৰ বীৰ শ্বহীদ বীৰেশ সিনহাক গৃহ চহৰত শেষশ্রদ্ধা।
দেওবাৰে জোৱানজনৰ নশ্বৰ দেহ কৰিমগঞ্জলৈ অনাৰ পিছত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়।
বাসগৃহত উপস্থিত থাকে কৰিমগঞ্জৰ উপায়ুক্তৰ লগতে আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকী আৰক্ষী বিষয়া।
5. আজি কালী পূজা।
ৰাজ্যজুৰি আৰাধনা কৰা হৈছে কালী মাক।
দেশৰ আকাশে-বতাহে পোহৰৰ আঁৰতি। অসূয়া-অমংগল নাশ কৰি দীপাৱলীৰ পোহৰেৰে উজলিল ৰাজ্যৰ চৌপাশ।
6. যোৱা ৫ টা বছৰত ৰাজ্যত বিক্রী হ’ল ৬৮ খনকৈ চাহ বাগিচা।
ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ বহু ৰাজনীতিয়ে ক্রয় কৰিছে ইয়াৰে অধিকাংশ চাহ বাগিচা।
কিন্তু নতুন মালিকৰ হাতলৈ বাগিচা যোৱাৰ পাছতেই হাহাকাৰ কৰিবগীয়া হৈছে চাহ শ্রমিকে।
সমান্তৰালভাৱে সমগ্র চাহ উদ্যোগলৈ আহিছে অশনি সংকেত।
7. অভিনেতা নিপন গোস্বামী বৰ্তমান অসুস্থ।
নেমকেয়াৰ হাস্পতালৰ কাৰ্ডিয়েক ICU ত ভৰ্তি কৰোৱা হৈছে প্ৰবীন শিল্পীগৰাকীক।
8. মহানগৰীৰ হৰিজন কলনীত দীপাৱলী উদযাপন।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
৮০০ পৰিয়ালক মিঠাই আৰু ১৫০০ মহিলাক শাৰী বিতৰণ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।
9. “মিঞা মিউজিয়ামৰ নামত আৰম্ভ কৰা ভেল্কিবাজী, চৰকাৰে শীঘ্ৰেই বন্ধ কৰিব লাগে” মন্তব্য বিধায়ক প্ৰশান্ত ফুকনৰ।
10. ঘূৰ্ণী বতাহ চিত্ৰাঙক লৈ অসমত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট।
উজনিৰ পৰা নামনিলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ হ’ব মুষলধাৰ বৰষুণ।
11. “বশিষ্ঠ দেৱশৰ্মা অসমৰ এটা অনুষ্ঠান আৰু এই অনুষ্ঠানটোক জীয়াই ৰাখিব লাগিব”- মন্তব্য ৰঞ্জিত দাসৰ।
12. দীপাৱলীৰ বজাৰ কৰিবলৈ গৈ ম’হৰ আক্ৰমণত মৃত্যু হৈছে ৰাতাবাৰীৰ দীপন নমঃশুদ্ৰ নামৰ এজন ব্যক্তিৰ।
বজাৰ কৰি থকাৰ সময়তে পাছফালৰ পৰা আক্ৰমণ কৰে এটা প্ৰকাণ্ড ম’হে আৰু থিতাতে মৃত্যু হয় লোকজন।
13. বিশ্বনাথ চাৰিআলিত
দুগৰাকী মহিলাসহ তিনি দুৰ্ধৰ্ষ গাড়ী চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
আটকাধীন গাড়ী চোৰ কেইটা হৈছে- খানাপাৰাৰ পংকজ কুমাৰ গুপ্তা, গণেশগুৰিৰ চাদিক আব্দুল্লা, পাঞ্জাবাৰীৰ তৰুন কুমাৰ বাল্মিকী, ভুমিকা মিকিৰ আৰু হাজোৰ জুপিতৰা দাস।
14. ৰাজ্যৰ শ্ৰম বিভাগত ৮০ কোটিৰ বিয়াগোম কেলেংকাৰি সংঘটিত হৈছে।
স্কীল ডেভেল’পমেণ্টৰ নামত ভুৱা বিলেৰে লুণ্ঠন কোটি কোটি টকা।
প্ৰশিক্ষণৰ নামত আলোক সৰকাৰৰ কোম্পানীয়ে লোন্থন চলোৱাৰ অভিযোগ।
15. গৌৰীপুৰত দিপাৱলীৰ নামত জুৱা খেলৰ আড্ডা।
৫ জন জুৱাৰীক জুৱা খেলি থকা অৱস্থাত আটক গৌৰীপুৰ আৰক্ষীয়ে।
16. কিহৰ মিউজিয়াম ? মিঞা বুলি কোনো জাতি নাই”- মন্তব্য বিধায়ক দিগন্ত কলিতা।
17. “ভূপেন বৰাই মেকআপ কৰিহে ফটো তোলে”- মন্তব্য পীযুষ হাজৰিকাৰ।
18. ৪-৫ নৱেম্বৰৰ ভিতৰত ঘোষণা হব তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল।
19. “লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষা গ’ল। অসমীয়া ভাষাটো বুজি পোৱাৰ আগতেই আশা কৰা ধৰণেই মিঞা মিউজিয়াম আহিল”- মন্তব্য অজাপ নেতা জগদীশ ভূঞাৰ।
20. ২৫ অক্টোবৰত বছৰৰ শেষৰটো সূৰ্যগ্ৰহন।
বিয়লি ৪:২৯ বজাৰ পৰা আৰম্ভ হব।
প্ৰায় ১ ঘণ্টা ধৰি থাকিব সূৰ্যগ্ৰহন।
৫:৪২ বজাত সূৰ্যগ্ৰহন সমাপ্ত হব।