ভাৰতৰ দশম গৰাকী ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতিৰ জীৱনযাত্ৰাঃ

Spread the love

১৯২০ চনৰ ২৭ অক্টোবৰত কেৰালাৰ ট্ৰেভাংকৰৰ উঝাভুৰ গাঁৱত কে আৰ নাৰায়ণন জন্ম হৈছিল।

তেওঁৰ সম্পূৰ্ণ নামটো হৈছে কোচাৰিল ৰমন নাৰায়ণন।
চমুকৈ কে আৰ নাৰায়ণন বুলি কোৱা হয়।

পিতৃৰ নাম আছিল কোচাৰিল ৰমন ভেয়দৰ আৰু মাতৃৰ নাম আছিল পুন্নাথুৰাভেট্টিল পাপ্পিয়াম্মা।

তেখেত অতি তীক্ষ্ণ বুদ্ধি সম্পন্ন মেধাবী ছাত্র আছিল।

কুৰিচিথানমত থকা চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত নাৰায়ণনে জীৱনৰ আদিশিক্ষা লাভ কৰিছিল।

তাৰপিছত ১৯৩১ চনত উঝাভুৰত থকা “আৱাৰ লেডি অৱ লাউৰদেছ প্ৰাথমিক বিদ্যালয়”ত তেওঁ নামভৰ্তি কৰে।

সেইসসময়ৰ ট্ৰেভাংকুৰ বিশ্ববিদ্যালয়ত (এতিয়াৰ কেৰালা বিশ্ববিদ্যালয়) নাৰায়ণনে কলাৰ ইংৰাজী সাহিত্যত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

উল্লেখনীয় যে, ট্ৰেভাংকুৰৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰথমস্থানসহ ডিগ্ৰী লাভ কৰা তেঁৱেই আছিল প্ৰথমজন ছাত্ৰ।

১৯৪৪ চনত নাৰায়ণনক জে. আৰ ডি টাটাৰ তৰফৰ পৰা ১৬,০০০ টকাৰ এটি বৃত্তি প্ৰদান কৰা হয়।

সেই বৃত্তিটোৱে তেওঁক লণ্ডন স্কুল অৱ ইক’নমিক্সত ৰাজনীতি, অৰ্থনীতি আৰু সাংবাদিকতা অধ্যয়ন কৰাৰ পথ প্ৰশস্ত কৰি তোলে।

১৯৪৫ চনত তেওঁ ইংলেণ্ডলৈ যায় আৰু হেৰল্ড লাস্কিৰ অধীনত ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰে।

তেওঁ ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি আছিল।

তেওঁ নিজকে এগৰাকী “কৰ্মশীল ৰাষ্ট্ৰপতি” হিচাপে বিবেচনা কৰে।

সংবিধানৰ চাৰিওটা চুকৰ ভিতৰতে থাকি কাম কৰিছিল।

তেখেতে সাংবাদিক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে।

তেওঁ প্ৰসিদ্ধ সংবাদগোষ্ঠী “দ্যা হিন্দু” আৰু “দ্যা টাইমছ্ অৱ ইণ্ডিয়া”ত কাম কৰে।

মহাত্মা গান্ধীৰ সাক্ষাৎকাৰ এটা গ্ৰহণ কৰাতো তেওঁ সফল হয়।

বিদেশত শিক্ষালাভ কৰি নাৰায়ণনে ১৯৪৮ চনত ভাৰতলৈ ঘূৰি আহে।

নাৰায়ণনৰ অধ্যাপক আৰু সেই সময়ৰ প্ৰসিদ্ধ ৰাজনৈতিক তত্ত্ববিদ হেৰল্ড লাস্কিয়ে প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুলৈ নাৰায়ণনৰ হৈ এখনি পৰিচয় পূৰ্বক পত্ৰ প্ৰেৰণ কৰে।

ভাৰতলৈ আহি নাৰায়ণনে নেহৰুক সাক্ষাৎ কৰে আৰু ভাৰতীয় বৈদেশিক সেৱাত ১৯৪৯ চনত নিযুক্তি লাভ কৰে।

বৈদেশিক সেৱাত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত নাৰায়ণনে ৰেংগুন, টকিঅ’, লণ্ডন, কানাবেৰা আদি ঠাইত কূটনীতিবিদ হিচাপে দায়িত্ব পালন কৰে।

১৯৭৮ চনত তেওঁ বৈদেশিক সেৱাৰ পৰা পদত্যাগ কৰে।

পদত্যাগৰ পাছত, তেওঁ কিছুদিনৰ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদত অধিষ্ঠিত হয়।

১৯৮০ চনত ইন্দিৰা গান্ধীয়ে কে.আৰ. নাৰায়ণনক আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত কৰে।

১৯৮২ চনত ৰ’নাল্ড ৰেগান আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থাকোঁতে ইন্দিৰা গান্ধীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল আৰু সেই ঐতিহাসিক ভ্ৰমণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল কে.আৰ. নাৰায়ণনে।

সেই ভ্ৰমণৰ ফলত দুয়োখন দেশৰ মাজত থকা সম্পৰ্কটোৰ কিছু উন্নত হৈছিল।

১৯৮৪ চনত ইন্দিৰা গান্ধীৰ অনুৰোধ ৰক্ষা কৰি নাৰায়ণনে ৰাজনীতিত যোগদান কৰে আৰু ১৯৮৪-৮৯ আৰু ১৯৯১ চনত সংসদলৈ নিৰ্বাচিত হয়।

১৯৯২ চনত ২১ আগষ্টত নাৰায়ণন বিনা প্ৰতিদ্বন্দ্বিতাৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়।

১৯৯২ চনৰ পৰা ১৯৯৭ চনলৈ তেওঁ ভাৰতৰ নৱমজন উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰে।

উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ কৰি তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হয় আৰু ১৯৯৭ চনৰ ২৫ জুলাইত কাৰ্যালয়ত বহে।

ভাৰতৰ উচ্চতম কাৰ্যালয়টোত বহা তেঁৱেই আছিল প্ৰথমজন দলিত। ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ কৰি ২০০২ চনত তেওঁ সেই পদ ত্যাগ কৰে।

 

তেখেতে ১৯৫১ চনৰ ৮ জুনত মা টিণ্ট টিণ্ট ৰ লগত বিবাহপাশত আৱদ্ধ হয়।

বিবাহৰ পাছত তেওঁৰ পত্নীয়ে পূৰ্বৰ নামটো সলাই ঊষা নামটো গ্ৰহণ কৰে।

তেখেতে ভাৰতীয় ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত একাধিক গ্ৰন্থৰ সহ-ৰচনা কৰে।

 

তাৰে ভিতৰত কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে-
1. ইণ্ডিয়া এণ্ড আমেৰিকা: এছেইছ ইন
2.আণ্ডাৰষ্টেণ্ডিং আৰু নন-এলাইনমেণ্ট ইন।
3.কনটেম্পৰাৰি ইণ্টাৰনেশ্যনেল ৰিলেছনছ্।

 

তেখেতৰ কৰ্মৰাজী আৰু সৃষ্টিৰাজী সদায় চিৰস্মৰণীয় হৈ থাকিব।

২০০৫ চনৰ ৯ নৱেম্বৰত, ৮৫ বছৰ বয়সত তেখেত মৃত্যু হয়।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।

 

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *