৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com October 28/2022:- 

1. হাৰিয়ানাৰ সুৰুজকুণ্ডত ৰাজ্যসমূহৰ গৃহমন্ত্রীসকলৰ চিন্তন শিবিৰ।
দেশত ‘এক দেশ এক আৰক্ষীৰ সমৱেশ’ কৰাৰ পোষকতা প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ।
উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
‘৫ মিনিট হ’ল ভাষণ শেষ কৰক’ ভাষণৰ মাজতে হাৰিয়ানাৰ গৃহমন্ত্ৰীক বাধা অমিত শ্বাহৰ।

2. অৱসান ঘটিল ৰাজ্যৰ চিত্রশিল্প জগতৰ এক বৰ্ণময় অধ্যায়।
স্বনামধন্য বৰ্ষীয়ান চিত্রশিল্পী নীলপৱন বৰুৱাই দেহাৱসান।
৩.১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে চিত্রশিল্পী গৰাকীয়ে। Neel pawan baruah
দীৰ্ঘদিন ধৰি GMCHত চিকিৎসাধীন হৈ আছিল নীলপৱন বৰুৱা।
কাইলৈ পুৱা ৰাজ্যিক মৰ্যদাৰে নৱগ্ৰহত শেষকৃত্য সম্পন্ন হব।

3. ৰাজ্যত আৰম্ভ হ’ল দ্বিতীয় পৰ্যায়ৰ মাইক্ৰ’ ফাইনেন্স ঋণ ৰেহাই প্ৰক্ৰিয়া।
গুৱাহাটীত বিত্তমন্ত্ৰী অজন্তা নেওগে শুভাৰম্ভ কৰিলে দ্বিতীয় পৰ্যায়ৰ ঋণ ৰেহাই প্ৰক্ৰিয়া।
এমাহৰ ভিতৰত অৰুণোদয়ত অন্তৰ্ভুক্ত হ’ব ৮লাখ নতুন পৰিয়াল।

4. টুইটাৰৰ নতুন মালিক হ’ল ইল’ন মাস্ক।
বিশ্বৰ ধনী ব্যক্তিজনে টুইটাৰৰ দায়িত্ব ললে।
৪৪ বিলিয়ন ডলাৰৰ বিনিময়ত টুইটাৰ ক্ৰয় কৰে ইল’ন মাস্কে।
টুইটাৰৰ CEO পৰাগ আগৰৱালাৰ লগতে
টুইটাৰৰ আন কেইবাজন শীৰ্ষ বিষয়াকো অপসাৰণ মাস্কৰ।

5. ভাৰতৰ মহিলা ক্ৰিকেটৰ বাবে এটা ভাল খবৰ।
এতিয়াৰে পৰা পুৰুষ খেলুৱৈৰ সমানেই মহিলা ক্ৰিকেটাৰসকলেও মেচ ফী লাভ কৰিব।
BCCI ৰ এক ঐতিহাসিক সিদ্ধান্ত।

6. অসম সত্ৰ মহাসভাই গোচৰ তৰিলে জনাৰ্দন দেব গোস্বামীৰ বিৰুদ্ধে।
শ্ৰীমন্ত শংকৰদেৱক চূড়ান্ত অপমান কৰাৰ অভিযোগ জনাৰ্দন দেব গোস্বামীৰ বিৰুদ্ধে।
ক্ষমা খুজিবলৈ ৪৮ ঘণ্টা সময় দিছিল ।
ক্ষমা নুখুজাৰ বাবেই আজি গোচৰ তৰে অসম সত্ৰ মহাসভাই।

7.প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ প্রশংসাত পঞ্চমুখ ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন।
ভাৰতৰ স্বাধীন বিদেশ নীতিৰ বাবেই প্রধানমন্ত্রী নৰেন্দ্র মোডীক প্রশংসা কৰিলে ৰাষ্ট্রপতি পুটিনে।
ইউক্রেইন যুদ্ধই বিশ্বৰ ৰাজনৈতিক নেতৃত্বৰ মাজত প্রবল মতভেদ সৃষ্টি কৰি ৰখাৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীক ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনে প্রশংসা কৰা কাৰ্যই বহন কৰিছে বিশেষ তাৎপৰ্য।

8. চাবুৱাত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠা দিৱস।
সাদিন-প্রতিদিন গোষ্ঠী’ৰ অধ্যক্ষ জয়ন্ত বৰুৱালৈ ‘বেংমৰা সমন্বয় বঁটা-২০২২’ । বঁটা প্রদান কৰিলে সদৌ অসম মটক যুৱ ছাত্র সন্মিলনে।

9. গুৱাহাটীৰ ITA মাছখোৱাত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ চেক বিতৰণ অনুষ্ঠান।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিত্তমন্ত্ৰী অজন্তা নেওগ।

10. NHPCৰ গেৰুকামুখ প্রকল্পত অব্যাহত ভূমিস্খলন।
বৃহস্পতিবাৰে নিশা পুনৰ খহিল পাহাৰৰ এটা বৃহৎ অংশ।
ভূমিস্খলনৰ ফলত পাহাৰৰ এটা অংশ খহি পৰিল নদী বান্ধত।

11. আজিৰে পৰা আৰম্ভ হৈছে গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায় ৫০খন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে এই মহোৎসৱত।

12. ড্ৰাগছৰ বিৰুদ্ধে ৰে’লনগৰী লামডিঙত আৰক্ষীৰ অভিযান।
ব্ৰাউন ছুগাৰসহ আৰক্ষীৰ জালত পৰিছে চাৰিজন ব্যক্তি।
লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দনজ্যোতি বৰাৰ নেতৃত্বত চলিছিল এই অভিযান।
জব্দ কৰে ৩০ গ্ৰাম ব্ৰাউন ছুগাৰ।

13. উত্তৰ গুৱাহাটীত জব্দ কৰা হৈছে নকল সোণৰ নাও, ৪ টা যীশুৰ প্রতিমূৰ্তি লগতে নগদ ১ লাখ ৫ হাজাৰ টকাসহ মোবাইল ফোন।
ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই যুৱকক।

14. মিঞা মিউজিয়ামৰ জন্ম দিয়া তিনি লোকক জে’ললৈ প্ৰেৰণ কৰা হৈছে।
জেহাদীৰ সম্পৰ্ক থকাৰ অভিযোগত আৰক্ষীৰ গ্ৰেপ্তাৰ কৰে মিঞা মিউজিয়ামৰ তিনি জন্মদাতাক।

15. “স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে ইতিমধ্যে হাৰিছেই। ভূপেন বৰাই নিজৰ সমষ্টিতে প্ৰাৰ্থী দিব পৰা নাই”। মন্তব্য পীযূষ হাজৰিকাৰ।

16 ৰূপহীহাটৰ জুৰীয়াৰ লালুং গাওঁত ৰে’লৱে আৰক্ষীৰ অভিযান।
ভূৱা নাম ঠিকনাত ৰে’লৰ টিকট বিক্ৰী কৰাৰ অভিযোগত ৰাজিমুল ইছলামক আটক কৰে আৰক্ষীয়ে ।

17. “মিঞা মিউজিয়ামক লৈ মুখ্যমন্ত্ৰীৰ কিয় এলাৰ্জি উঠিছে”- মন্তব্য ৰিপুন বৰাৰ।

18. ৪৮ ঘণ্টাত পৰ্যটকৰ বেশত ধৰ্ম প্ৰচাৰ কৰা আটক কৰে ১০জনক।
কাজিৰঙাত জাৰ্মানীৰ ৭ জন ধৰ্ম প্ৰচাৰক আৰু ছুইডেনৰ ৩জন ধৰ্ম প্ৰচাৰকক জালত পেলালে অসম আৰক্ষীয়ে।
টুৰিষ্ট ভিজা লৈ অসমলৈ আহি চলাইছিল খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ।

19. ৰাজ্যজুৰি সকলোৰে বিৰোধিতা কৰিছে মিঞা মিউজিয়ামৰ।
পুৰণি কংগ্ৰেছী তথা নতুন তৃণমূল কংগ্ৰেছী ৰিপুণ বৰা মিঞাৰ পক্ষত।
অসমত থকা ১ কোটি মিঞাৰ বাবে স্বীকৃতি বিচাৰিলে শ্বেৰমান আলীয়ে।

20. “AIUDF জন্ম হোৱাৰ আগতে আমি বহুত দৰ্জন নিৰ্বাচন জিকিছো। বিজেপিয়ে ২০১৬ৰ পৰাহে জয়ৰ মুখ দেখিছে।”- মন্তব্য ভূপেন বৰাৰ।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ 

Leave a Reply

Your email address will not be published. Required fields are marked *