৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com October 29/2022 :- 

1. আজি কাজিৰঙাত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ সহযোগত আয়োজন কৰে ‘পৰিৱেশ আৰু বহনক্ষম উন্নয়ন- ন্যায়পালিকাৰ ভূমিকা’ আৰু ‘ডিজিটাইজেছন আৰু ন্যায় ব্যৱস্থাৰ ওপৰত ইয়াৰ প্ৰভাৱ’ শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনাচক্ৰ।
আলোচনা চক্ৰত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু ।

2. ধেমাজি জিলাত অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি-২০২১ৰ অধীনত ৪৬৮১ গৰাকী হিতাধিকাৰীক চেক প্ৰদান অনুষ্ঠান ৷
উপস্থিত থাকে অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ।

3. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী।
ACS, APS আৰু অন্যান্য বিভাগৰ ৬৫৫ গৰাকীলৈ নিযুক্তি পত্ৰ বিতৰণ।
এই নিযুক্তি পত্ৰ বিতৰণ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

4. “আজান-ফকীৰৰ দেশত আমি জিকিৰ কৰিবই লাগিব”।
কাৰাগাৰলৈ নিয়াৰ সময়ত মন্তব্য মিঞা মিউজিয়াম প্ৰতিষ্ঠাতা মহৰ আলীৰ।

5. অসম চৰকাৰৰ যুতীয়া সচিব কে কে শৰ্মাৰ বাসগৃহত ৪৯ লাখ ২৪ হাজাৰ ৭০০ টকা জব্দ কৰা হৈছে।
দুৰ্নীতি নিবাৰক শাখাই জব্দ কৰিলে টকাখিনি।

6. দিল্লী বিমান বন্দৰত নিশা ১০:৮ মিনিটত অঘটন।
উৰণৰ সময়তে এখন ইণ্ডিগ’ বিমানত লাগিল জুই। তৎপৰতাৰে বিমানখন অৱতৰণ কৰিলে পাইলটগৰাকীয়ে।
দিল্লীৰ পৰা বাংগালুৰু অভিমুখে আছিল বিমানখন।

7. নাজিৰাৰ লেংগীৰৰ বেলেংবাৰীত সুলভ মূল্যৰ চাউলৰ নামত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী।
১৫ বছৰ ধৰি মৃত ব্যক্তিৰ নামত চাউল আত্মাসাৎ।
অভিযোগ উথাপন কৰিছে হিতাধীকাৰী সকলে।

8. বৰপেটাৰ সাঁওৰাচৰাত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড।
পাৰিবাৰিক কন্দলৰ বাবে পেট্ৰল ঢালি স্বামীয়ে হত্যা কৰিলে পত্নীক।

9. আমিনগাঁৱত ১ কোটি টকাৰ হেৰ’ইন জব্দ কৰা হৈছে।
আমিনগাঁও আৰ্মি কেম্পৰ কাষৰ বাছ ষ্টেণ্ডৰ পৰা জব্দ কৰা হেৰ’ইনখিনি।
১৫ পেকেট হেৰ’ইনসহ আটক কৰা হৈছে কাৰ্বি আংলঙৰ এজন যুৱকক
চিলিগুৰিলৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰা হৈছে হেৰ’ইনখিনি।

10. বকোৰ মালিবাৰীত জব্দ কৰা হৈছে অবৈধ কাঠ ফলা মিলৰ লগতে চোৰাং কাঠ।বনবিভাগে অভিযান চলাই উৎখাত কৰে অবৈধ কাঠ ফলা মিলটো।

11. ৫০০ কোটি কেলেংকাৰীৰ খলনায়ক কৌশিক বৈশ্য। জু-ৰোডৰ বাসগৃহৰ পৰা কৌশিক বৈশ্যক আটক কৰে পল্টন বজাৰ আৰক্ষীয়ে। পল্টন বজাৰ থানাত জেৰা কৰা হৈছে কৌশিক বৈশ্যক।
বৈশ্যৰ নেতৃত্বতে ধন আত্মসাৎ কৰিছিল Skillkits কোম্পানীয়ে।

12. চামগুৰিৰ শিৱস্থানত মৰিগাঁও আৰক্ষীৰ গুলীচালনা।
ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত সংঘটিত হয় এই গুলীচালনা।

13. মৰেল পুলিচগিৰিত নামিল ছাত্ৰ সংগঠনৰ নেতা-কৰ্মী।
মোবাইল চুৰিৰ সন্দেহত ই-ৰিক্সা চালকক প্ৰহাৰ। আহত হৈছে ই-ৰিক্সা চালক। বৰ্তমান চান্দ আলী সম্প্ৰতি চিকিৎসাধীন।

14. নিশা মহানগৰীত সংঘটিত হয় পথ দুৰ্ঘটনা।
গণেশগুৰিৰ নয়নপুৰত ট্ৰাকে মহটিয়ালে চাৰিচকীয়া বাহন।
কথমপি প্ৰাণ ৰক্ষা পৰিল বাহনখনত থকা লোক কেইজন।

15. পঞ্চভূতত বিলীন হ’ল চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰদেহ।
নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় অন্ত্যোষ্টিক্ৰিয়া।
মুখাগ্নি কৰে ভতিজা সুজয় বৰুৱাই।

16. মহানগৰীৰ লাচিত ঘাটত ষট পূজাৰ প্ৰস্তুতি।
কাইলৈ সূৰ্যাস্ত লগে লগে আৰম্ভ হ’ব ষট পূজাৰ কাৰ্যসূচী।
সোমাবাৰে সূৰ্যোদয়ৰ লগে লগে সমাপ্ত হব এই পূজা।
প্ৰায় ১ লাখ ভক্তৰ সমাগম হ’ব পূজাস্থলী।
পূজাৰ কাৰ্যসূচীত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

17. আজিৰে পৰা দুদিনীয়াকৈ বাক্সা দিৱস।
২০০৩ চনৰ ৩০ অক্টোবৰত গঠন হৈছিল বাক্সা জিলা।
পুৱা অনুষ্ঠিত হয় মাৰাথন দৌৰ প্ৰতিযোগিতা।
প্ৰায় ৩০০ প্ৰতিযোগীয়ে অংশ লয় মাৰাথন দৌৰত।
মুছলপুৰ হাইস্কুলৰ পৰা বড়িমুখলৈ উলিওৱা হয় দৌৰ।

18. ১ নৱেম্বৰৰ পৰা এমাহলৈ বন্ধ থাকিব কলীয়াভোমোৰা দলং।
জৰুৰী মেৰামতিৰ বাবে দলঙত নচলিব যান-বাহনৰ চলাচল।
এই সময়ছোৱাত কলীয়াভোমোৰাৰ দ্বিতীয়খন দলঙেৰে চলিব যান-বাহন।

19. বোকাখাতলৈ দেওবাৰে আগমন ঘটিব শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পিতাম্বৰ দেৱ গোস্বামীৰ ।
বোকাখাত আঞ্চলিক পালনাম সমিতিৰ উদ্যোগত আৰু বগলীটিকা গাঁও আৰু ৰাইজৰ সহযোগত ২৯ সংখ্যক মহা পালনাম ।
শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানৰ সামৰণি পৰিব অহা ৩ নৱেম্বৰত ।

20. হাইলাকান্দিৰ আলগাপুৰৰ আনোৱাৰপাৰ গাঁৱত অঘটন সংঘটিত হৈছে।
কুঁৱা পৰিষ্কাৰ কৰিবলৈ গৈ ৪ শ্রমিকৰ মৃত্যু।
SDRF বাহিনীয়ে উদ্ধাৰ কৰে শ্ৰমিক কেইজনক।

 

 

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *