৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ । - RnewsIndia24
Skip to content
Rnewsindia24.com October 30/2022:-
ক) মহানগৰীৰ ঐতিহ্যমণ্ডিত বিদ্যালয়সমূহ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
বিদ্যালয়ৰ শৈক্ষিক প্ৰক্ৰিয়া আৰু আন্তঃ গাঠনিৰ বুজ ল’লে মুখ্যমন্ত্ৰী গৰাকীয়ে।
গুৱাহাটীত পৰীক্ষামূলকভাৱে প্ৰথম পৰ্যায়ত নিৰ্মাণ কৰা হ’ব ১০খন বিদ্যালয়ৰ নতুন ভৱন’- মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
খ) অভিনয় এৰি ৰাজনীতিৰ পথাৰত খোজ দিব অভিনেত্ৰী কংগনা ৰানাৱটে।
২০২৪ৰ লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা কংগনা ৰানাৱটৰ।
গ) গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা ৰেলী।
সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত উলিওৱা হয় সজাগতা ৰেলী।
ৰাজ্যত বৃদ্ধি পোৱা ড্ৰাগছজনিত প্ৰতিৰোধৰ বাবে উলিওৱা হয় এই ৰেলী।
ঘ) আজি ৩০ অক্টোবৰ অৰ্থাৎ ক’লাদিৱস।
মহানগৰীৰ ধাৰাবাহিক বিস্ফোৰণ কাণ্ডৰ আজি ১৪ বছৰ।
নিহতক সুঁৱৰি বিভিন্ন ঠাইত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান।
ঙ) ছিপাঝাৰৰ বাঘে চৰত খালী হৈ থকা ভূমিত ৰঙা পতাকা।
উচ্ছেদৰ পূৰ্বেই চৰ চাপৰিৰ ভূমিত প্ৰশাসনৰ ৰঙা পতাকা উৰুৱাই অঞ্চলটো সংৰক্ষিত অঞ্চল হিচাপে চিহ্নিত কৰিলে প্ৰশাসনে।
প্ৰায় ৫ হাজাৰ ভূমি উদ্ধাৰৰ ব্যৱস্থা গ্ৰহন কৰিছে প্ৰসাশনে।
চ) গহপুৰত দেউৰী নিৰ্বাচনত দিনে নিশাই প্ৰচাৰত ব্যস্ত মন্ত্ৰী পিয়ুষ হাজৰিকা।
৮ নবেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন ।
ভাৰত জড়ো যাত্ৰাৰ সকলোতকৈ চুপাৰ ফ্ল’প হ’ব অসমতেই’ – মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ।
ছ) জুৰীয়াৰ নাগাবান্ধাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান৷
ড্ৰাগছ বিক্ৰীৰ সময়তে ফক্কৰউদ্দিন নামৰ এটা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
জ) মাজবাটত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে।
আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হয় ৩ টা AK-47,৬২০ জাঁই সক্ৰিয় গুলী, ৬ টা মেগজিন ।
উগ্ৰপন্থীয়ে অস্ত্ৰ-সস্ত্ৰ সমূহ লুকুৱাই ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
ঝ) জাগীৰোডৰ ৰৌমাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন সংঘটিত হৈছে।
ঘাইপথত এখন বাহনত আক্ৰমণ বন্যহস্তীৰ ।
হাতীটোৰ আক্ৰমণত ভাঙি চূৰমাৰ হয় বাহনখন।
থিতাতে মৃত্যু হয় এজন ব্যক্তি।
ঞ) চুবুৰীয়া ৰাজ্য মিজোৰামত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।
দুৰ্ঘটনাগ্ৰস্ত তেল টেংকাৰত অগ্নিসংযোগত মৃত্যু হৈছে ৫ জন ব্যক্তি।
টেংকাৰখনৰ পৰা তেল সংগ্ৰহ কৰিবলৈ গৈছিল একাংশই।
ঘটনাত গুৰুতৰ ভাৱে আহত হয় ৯ জন ব্যক্তি।
ট) অতি লাভজনক বেপাৰ হ’লেও মদ, গাহৰি আৰু মুৰ্গীৰ ব্যৱসায় কৰিবলৈ অনুমতি নিদিয়ে শংকৰ সংঘই।
গাখীৰৰ বেপাৰ কৰিবলৈহে অনুমতি দিব। এঘৰীয়াকৰণক লৈ মুখ খুলিলে শংকৰ সংঘই।
ঠ) দক্ষিণ কোৰিয়াত পদপিষ্ট হৈ ১৫১ জনৰ মৃত্যু আৰু আহত হৈছে ১৫০ জনতকৈও অধিক লোক।
হেলোইন ফেষ্টিভেল বজাৰত ভিৰৰ বাবে সংঘটিত হ’ল এই ঘটনা।
ড) উন্নত চিকিৎসাৰ বাবে বহিঃ ৰাজ্যলৈ নিয়া হব অখিল গগৈক।
Supraventricular tachycardia ৰোগত আক্ৰান্ত বিধায়ক অখিল গগৈ ।
ঢ) গুৱাহাটী ৰেল ষ্টেচনত আৰক্ষীৰ অভিযান।
ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰে ৫১ কেজি গাঞ্জা।
ডিমাপুৰৰ পৰা ৰাজধানী এক্সপ্ৰেছ যোগে আনি থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ খিনি।
ণ) আজিৰে পৰা বিহাৰী সম্প্ৰদায়ৰ পৱিত্ৰ ষট পূজা।
এই ষট পূজা দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰাৰ দৰে ধুবুৰীতো উলহ মালহ পৰিবেশ।
যোৱা কালি ধুবুৰীৰ পঞ্চুঘাটত এখন বিশাল ষট পূজা গেট মুকলি কৰে জিলা উপায়ুক্ত দিবাকৰ নাথে।
ত) যমুনামুখ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত উপস্থিত থাকে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য।
যমুনামুখ সমষ্টিৰ উন্নয়ন
দেখি ক্ষোভ প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।
থ) বাক্সা জিলা দিৱস উপলক্ষ্যে মুছলপুৰত এক উত্সৱমুখৰ পৰিৱেশ।
দুদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে মুছলপুৰত উদযাপন বাক্সা জিলা দিৱস।
বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হৈছে জিলা দিৱসৰ কাৰ্যসূচীত।
দ) বোকাজানত খটখটীৰ গৌতমবস্তিত উপস্থিত ৰাজ্যপাল জগদীশ মুখী।
এটা দুৰ্গা মন্দিৰৰ লাইখুঁটা আৰু মন্দিৰৰ আধাৰশিলা স্থাপন কৰিলে ৰাজ্যপাল গৰাকীয়ে।
লগতে এখন ৰাজহুৱা সভাতো অংশ লয় ৰাজ্যপাল গৰাকীয়ে।
কাৰ্যসূচীত ৰাজ্যপাল গৰাকীক সংগ দিয়ে বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে।
ধ) চিলনীজানৰ খাকৰাজানত বৃহত্ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে।
এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৮ কুইণ্টল গাঞ্জা।
৩৯নং ৰাষ্ট্ৰীয় পথত অভিযান চলাই জব্দ কৰা হৈছে গাঞ্জাখিনি।
ন) চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন। কৰ্তব্যৰ গাফিলতিৰ অভিযোগত কৰ্তৃপক্ষই নিলম্বন কৰে OC শৰৎ শইকীয়াক।
প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।