৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com November 1/2022:- 

1. অভিনেতা নিপন গোস্বামী
আৰু ভাৰত গৌৰৱ চিত্ৰশিল্পী
সদ্যপ্ৰয়াত নীলপৱন বৰুৱাৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

2. টুইটাৰ ব্যৱহাৰকাৰীৰ পৰা অতিৰিক্ত মাচুল সংগ্ৰহৰ পৰিকল্পনা কৰিছে এলেন মাস্কে।
টুইটাৰৰ মালিকীস্বত্ব লাভ কৰাৰ পিছত এই পৰিকল্পনা কৰিছে মাস্কে।Elon Musk
প্ৰতিমাহে ২০ ডলাৰকৈ অতিৰিক্ত মাচুল সংগ্ৰহৰ পৰিকল্পনা।

3. আজি মোৰবীৰ ঘটনাস্থলীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
মোৰবীত ভয়ংকৰ ঘটনাত মৃত্যু হৈছিল ডেৰ শতাধিকৰ।
দুৰ্ঘটনাস্থিত পৰিবেশ-পৰিস্থিতিৰ বুজ ললে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

4. CIDৰ জালত পৰিছে
ধুলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা।
আদিবাসী বনকৰা কিশোৰীক হত্যাৰ গোচৰত গ্রেপ্তাৰ কৰা হৈছে বিষয়া গৰাকীক।
তদন্তত গাফিলতি কৰি গ্রেপ্তাৰ হৈছে আৰক্ষী বিষয়া গৰাকী।

5. বড়ো মাধ্যমৰ বিদ্যালয় চলিছে অসমীয়া মাধ্যমৰ শিক্ষকেৰে।
জোনাই চৌৰাংচিৰি বড়ো প্ৰাৰ্থমিক বিদ্যালয়ত ৩ বছৰ ধৰি পাঠদান কৰি আহিছে অসমীয়া মাধ্যমৰ শিক্ষকে।
স্থানীয় ৰাইজৰ দাবী বড়ো মাধ্যমৰ শিক্ষক দিয়ক।

6. অসমত বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱট।
দক্ষিণ কামৰূপৰ চানডুবি পৰিদৰ্শন কৰিলে কংগনাই।
তাৰ পিছতেই ৰেডিছন ব্লুলৈ ৰাওনা।
কাজিৰঙাতে নিশাটো কটাব অভিনেতাগৰাকীয়ে।

7. বাংলাদেশত অনুষ্ঠিত হব ৫ নৱেম্বৰত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বার্ষিকী ।
বাংলাদেশৰ ৰাজধানী ঢাকাত শিল্পকলা একাডেমী আৰু ব্যতিক্রম মাসডো’ৰ উদ্যোগত হ’ব এই অনুষ্ঠান। সংবাদমেলযোগে এই কথা সদৰী কৰে বিশিষ্ট সংগীত শিল্পী মনীষা হাজৰিকাই।

8. হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।
প্ৰতি ইউনিটত বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য ১১৫.৫ টকা।
তেল বিপণন কোম্পানী সমূহে হ্ৰাস কৰিছে মূল্য।
আন্তৰাষ্ট্ৰীয় বজাৰত মূল্য হ্ৰাস হোৱাৰ লগে লগে এই সিদ্ধান্ত।

9. কৰিমগঞ্জ আৰক্ষীয়ে পুনৰ জব্দ কৰিলে নিচাযুক্ত সামগ্ৰী।
৫২ টা চাবোনৰ বাকচত ভৰাই অনা হৈছিল সামগ্ৰীখিনি।
সামগ্ৰীখিনি হেৰ’ইন বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
হেৰ’ইন খিনিৰ মূল্য ১ কোটি টকা।

10. আজিৰে পৰা অসমত আৰম্ভ হল কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা।
ধুবুৰী জিলাৰ গোলকগঞ্জৰ পৰা আৰম্ভ হ’ল প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো’ কাৰ্যসূচী।
কংগ্ৰেছৰ এই কাৰ্যসূচীত অংশ ল’বলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক।
৮৩০ কিলোমিটাৰ পথজুৰি অসমত হ’ব প্ৰদেশ কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ যাত্ৰা।

11. হাজোৰ বৰম্বৈত আৰক্ষীয়ে জব্দ কৰিলে গাঞ্জা।
খলিল আলী নামৰ বাস গৃহৰ পৰা উদ্ধাৰ কৰা হৈছে ৬০ কেজি গাঞ্জা।

12.মহানগৰীৰ লাচিত নগৰত চাঞ্চল্যকৰ ঘটনা।
পদপথৰ ভিক্ষাৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলায়ন কৰে দুৰ্বৃত্তই।
লাচিত নগৰ হনুমান মন্দিৰৰ সমিপত সংঘটিত হৈছে এই ঘটনা।
সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰন কৰে লোকজনক।

13. তীৰ্থ যাত্ৰীৰ বাবে মা কামাখ্যা দেৱালয়ত পুনৰ মুকলি হ’ল অন্ন সেৱা ক্ষেত্ৰ। ক’ভিডৰ বাবে ২০২০ চনৰ পৰা বন্ধ হৈ আছিল অন্ন সেৱা।
দুবছৰ বন্ধ হৈ থকাৰ ফলত আজি অন্ন সেৱা আৰম্ভ হোৱাত দেখা গ’ল ভক্তৰ লানি।

14. ডিব্ৰুগড়ৰ লালুকা গাঁৱত গুলীচালনা।
বাইকত আহি থাকোতে সিদ্ধাৰ্থ ৰাজখোৱা নামৰ লোকজনৰ দেহত লাগিছে গুলী।
ঘটনাৰ সন্দৰ্ভত প্ৰদীপ ৰাজখোৱা আৰু প্ৰদীপ্ত ৰাজখোৱাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

15. “ধুবুৰীত ভাৰত জোড়ো যাত্ৰাত অংশ লোৱা বেছিভাগ মানুহ সন্দেহযুক্ত”- মন্তব্য সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ।

16. আজিৰে পৰা মহানগৰীৰ চিটি বাছত আৰম্ভ ই-টিকটৰ ব্যৱস্থা।
জিলা পৰিবহণ বিভাগৰ তৎপৰতাত গ্ৰহন কৰা হৈছে এই ব্যৱস্থা।
এতিয়াৰে পৰা প্ৰতি কিঃমিঃত ল’ব পাৰিব নিৰ্দিষ্ট ভাড়াহে।
চিটি বাছৰ ই-টিকটৰ ব্যৱস্থা পৰিদৰ্শন কৰিলে DTO হিমাংশু দাসে

18. ভাৰত জোড়ো যাত্ৰাক লৈ কঠোৰ সমালোচনা ৰূপজ্যোতি কুৰ্মীৰ।
‘ৰাজীৱ ভৱনত চূণ তেল দি যজ্ঞ কৰিব লাগিছিল কংগ্ৰেছে। তাৰ সলনি ভাৰত জোড়ো যাত্ৰাৰে কি কৰিব বিচাৰিছে মই ধৰিব পৰা নাই’- মন্তব্য বিধায়ক গৰাকীৰ।

19. ছিউলৰ হেল’ৱীন পাৰ্টীৰ অনাকাংক্ষিত ঘটনা৷
২৪ বছৰ বয়সতে পদপিষ্ট হৈ গায়ক, অভিনেতা লী জিহানৰ মৃত্যু।
কোৰিয়াৰ প্ৰতিভাৱান ষ্টাৰ হিচাপেও পৰিচিত আছিল লী জিহান৷
‘কে পপ’ গ্ৰুপৰো অন্যতম সদস্য আছিল লী জিহান৷

20. দুদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত স্বাস্থ্য মন্থন-৪ শীৰ্ষক কাৰ্য্যসূচী।
সামৰণি অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

 

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *