কুন্দুলীত কি কি ঔষধী গুণ আছে ?

Spread the love

কুন্দুলী আমাৰ দেহৰ বাবে অতি উপকাৰী।
কুন্দুলী খালে দেহৰ বহু বেমাৰ নিৰাময় কৰে।

কুন্দুলী বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ।

কুন্দুলীক ইংৰাজীত Ivy Gourd বুলি কোৱা হয়।

জানো আহক কুন্দুলীৰ উপকাৰিতাঃ

1.কুন্দুলী ছুগাৰ থকা লোকসকলৰ বাবে অতি উপকাৰী।
এই পাচলিবিধ খালে ছুগাৰ নিয়ন্ত্ৰণত থাকে।

2. কুন্দুলীৰ গা-গছ খুন্দি তাৰ ৰস উলিয়াই খালে ব্ৰংকাইটিছ ৰোগ নিৰাময় হয়।

3. কুন্দুলীৰ ৰসে জিভাত হোৱা ঘা শুকোৱাত সহায় কৰে।

4. কুন্দুলী খালে গৰ্ভৱতী মহিলাৰ পাচন তন্ত্ৰ সঠিক থাকে, গেছৰ সমস্যা আঁতৰাই ৰাখে, কোষ্ঠকাঠিন্য সমস্যা দূৰ কৰে।

5. কুন্দুলি খালে পেটচলা ৰোগ ভাল হয়।

6. কুন্দুলি পাতৰ ৰস গনোৰিয়া ৰোগীৰ বাবে উপকাৰী।

7. কুন্দুলি ছালৰ যিকোনো ৰোগৰ বাবে উপকাৰী।

8. খজুৱতিত কুন্দুলীৰ কেঁচাপাতৰ ৰস উলিয়াই লগালে খজুৱতি কমে।

9. কুন্দুলী খালে হজম প্ৰক্ৰিয়া উন্নত কৰিব পাৰি।

10. মানসিক ৰোগত ভুগি থকা লোকসকলে কুন্দুলী খাব পাৰে।

11. কুন্দুলীত কেলচিয়াম যথেষ্ট পৰিমানে পোৱা যায়। কেলচিয়ামে পাচন তন্ত্ৰত পাথৰ হোৱাৰ সকলো সম্ভাৱনা কম কৰিব পাৰে।

গতিকে কুন্দুলী খাওঁক আৰু শৰিৰটো ভালে ৰাখক।

বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।

 

কাংকান কায়োম - R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *