Rnewsindia24.com November 2/2022 :-
1. আজি ৰাজ্যৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ যুটীয়া সন্মিলন।
খানাপাৰাৰ অসম পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা হৈছে এই সন্মিলন।
এই সন্মিলনত কেইবাখনো চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ণ আৰু আইন-শৃংখলা সন্দর্ভত কৰা হয় বিস্তৃত পর্যালোচনা।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
2. ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেনক EDৰ চমন।
খনি কেলেংকাৰী গোচৰত EDৰ চমন।
জেৰাৰ সন্মুখীন হ’ব মুখ্যমন্ত্রী হেমন্ত চোৰেন।
বৃহস্পতিবাৰে ED ৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশনা।
3. অৰুণাচলৰ বিজেপি বিধায়ক জাম্বে টাছিৰ দেহাৱসান।
গুৱাহাটীৰ ডাউন টাউন হাস্পতালত চিকিৎসাধীন অৱস্থাত ৪৪বছৰ বয়সত মৃত্যু হয় বিধায়কগৰাকীৰ।
বিধায়কগৰাকীৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে গভীৰ শোকপ্ৰকাশ কৰিছে।
4. লখিমপুৰ বাইপাছত ভয়ংকৰ দুৰ্ঘটনা।
অৰুণাচলৰ তীব্ৰবেগী বাহনৰ খুন্দাত নিহত হয় এজন লোক।
নিহত লোকজনৰ নাম নূৰ ইছলাম আলী।
5. শিক্ষাৰ্থীলৈ বৃহৎ ঘোষণা মৌলানা বদৰুদ্দিন আজমলৰ।
SC, ST শিক্ষাৰ্থীলৈ ৫০ শতাংশ ৰেহাই ঘোষণা কৰিলে আজমলে।
প্ৰশাসনিক পৰীক্ষাত উত্তীৰ্ণ হবলৈ দুখীয়া শিক্ষাৰ্থী লৈ ৰেহাই আজমল ফাউণ্ডেশ্যনৰ।
৫০ শতাংশ ৰেহাই ST, SC শিক্ষাৰ্থী প্ৰশিক্ষণ দিব আজমল ফাউণ্ডেশ্যনে।
6. ৰাজহৰ নামত সুৰাই দিলে ৩ হাজাৰ কোটি টকা ।
অবৈধ সুৰাৰ বেহা বন্ধ কৰিবলৈ নতুন ৱাইন শ্বপৰ অনুমতি দিলে চৰকাৰে ।
”চুলাই খাই মৰাতকৈ, বিলাতী সুৰা পান কৰক”- মন্তব্য পৰিমল শুক্লবৈদ্যৰ।
7. পাথাৰকান্দি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমৰজিৎ বসুমতাৰীলৈ আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ বঁটা।
পানীত পৰা এগৰাকী ব্যক্তিক জীৱন্তে উদ্ধাৰ কৰিছিল বসুমতাৰীয়ে।
সাহসীকতাৰ বাবে প্ৰদান কৰা হৈছে DGP GOLD MEDAL
8.সোণাৰিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰা হৈছে ড্ৰাগছ সৰবৰাহকাৰী।
জব্দ কৰা হৈছে ড্রাগছভর্তি ৮ টা চাবোনৰ বাকচ।
এখন অটো ৰিক্সা আহি থকা সময়ত তিনিচুকীয়া বৰহাপজানৰ পৰা আটক কৰা হৈছে দুই ড্ৰাগছ সৰবৰাহকাৰীক।
9. কাছাৰ কলেজৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।
চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত কৰ্তব্যত গাফিলতি অভিযোগৰ ভিত্তিত নিলম্বন।
অভিযোগৰ পাছতেই উচ্চ শিক্ষা সঞ্চালকে দিয়ে তদন্তৰ নিৰ্দেশ।
10. তেজপুৰ মেডিকেল কলেজ হাস্পতালৰ পৰা ৪ জনক বহিষ্কাৰ কৰা হৈছে।
চাকৰিৰ পৰা বহিষ্কাৰ ৫ জনক লেব’ৰেটৰী টেকনেচিয়ানক।
নিযুক্তি প্রক্রিয়াত খেলিমেলিৰ পিছতেই ন্যায়ালয়ৰ নিৰ্দেশ।
11. ধূলা থানাৰ প্রাক্তন OC উৎপল বৰাৰ বাসগৃহত অভিযান।
মঙলদৈৰ জ্যোতিনগৰত থকা ভাৰাঘৰত CIDৰ অভিযান।
উৎপল বৰাৰ পত্নীৰ উপস্থিতিত মঙলবাৰে ছিল কৰা বাসগৃহ খুলি অভিযান চলাই দলটোৱে।
12. শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।
অবৈধ মাটি খনন ৰ বিৰুদ্ধে জিলা বন সংমণ্ডল কাৰ্যালয়ৰ সন্মূখত KMSS আৰু SMSS এ প্ৰতিবাদ সাব্যস্ত কৰে।
13. হাইলাকান্দিত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰা হৈছে।
টাণ্ডাপুৰত পাঁচগ্রাম চুপাৰি আৰক্ষীয়ে জব্দ কৰে।
দুখন ট্রাকৰ পৰা জব্দ কৰা হৈছে ৫২ বস্তা বাৰ্মিজ চুপাৰি।
চুপাৰিখিনিৰ মূল্য প্রায় ২০ লাখ টকা।
ত্ৰিপুৰাৰ পৰা হাইলাকান্দি হৈ গুৱাহাটী লৈ সৰবৰাহৰ চেষ্টা কৰিছিল।
14. অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিন।
দ্বিতীয় দিনৰ মূল কাৰ্যসূচী ট্ৰেক এণ্ড ফিল্ড শুভ উদ্বোধন কৰিলে হীমা দাসে।
15. ক্ৰেডিট কাৰ্ডৰ নামত বিশ্বনাথৰ এজন লোকক প্ৰৱঞ্চনা।
ফোনযোগে বেংকৰ কৰ্মচাৰী বুলি পৰিচয় দি অৰুণ নাথ নামৰ যুৱকজনৰ পৰা লুটিলে ৬১,৩১২ টকা।
ঘটনাৰ সন্দৰ্ভত বিশ্বনাথ আৰক্ষী থানাত গোচৰ ৰুজু কৰে অৰুণ নাথে।
16. ভঙাগড় আৰক্ষীৰ জালত মোবাইল চোৰ।
GMCHৰ ৰোগীৰ পৰা চুৰি কৰিছিল দুটাকৈ মোবাইল।
মোবাইল চুৰি কৰি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে আটক কৰে চুৰটোক।
17. মহানগৰীত বাৰ্মিজ চুপাৰিসহ জব্দ কৰা হৈছে তিনিখন বাহন।
মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৮ জন সৰবৰাহকাৰীক।
মেঘালয়ৰ পৰা চিৰাঙলৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে চুপাৰিখিনি।
18. ৰংজুলিত চোৰাং কাঠ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান।
শাল গছৰ কুণ্ডাভৰ্তি এখন ট্ৰেক্টৰ জব্দ কৰে বন বিভাগে।
19. বৰপেটাত ছাত্রবৃত্তিৰ ধন আত্মসাৎ কৰা দুজনক গ্রেপ্তাৰ কৰা হৈছে।
ঈষাণ উদয় আৰু সংখ্যালঘু ছাত্রবৃত্তিৰ ধন আত্মসাৎ।
গ্রেপ্তাৰ কৰা হৈছে জেহেৰুল ইছলাম আৰু হাবিবুৰ ৰহমান।
বৰপেটা আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধা-পোছা।
20. বোকাখাতত অবৈধ গৰু সৰবৰাহ কৰা এখন ট্রাক জব্দ কৰা হৈছে।
ট্রাকখনৰ পৰা জব্দ কৰা হৈছে ৩৫ টাকৈ গৰু।
আৰক্ষীয়ে আটক কৰে ট্রাকখনৰ চালক বুলবুল হুছেইনক।
কুৰুৱাবাহীৰ পৰা চামগুৰিলৈ সৰবৰাহ কৰা সময়তে জব্দ কৰে ট্রাকখন।
প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।