‘ন’বেল বঁটা’ বিজয়ী “ভাৰত ৰত্ন” অমৰ্ত্য সেন দেৱৰ জীৱন যাত্ৰাঃ
অমৰ্ত্য সেনৰ জন্ম হয় ১৯৩৩ চনৰ ৩ নৱেম্বৰত।
পিতৃৰ নাম আশুতোষ সেন আৰু মাতৃ অমৃৰ্ত্য সেন।
অমৰ্ত্য সেন নামটো ৰাখিছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে।
সৰুতে তেওঁৰ ঘৰত মতা নাম আছিল বাবলু।
তেওঁৰ তিনি গৰাকী নাৰী বিয়া কৰাইছিল।
তেওঁ শৈশৱ আৰু কৈশোৰ শান্তিনিকেতনত অতি সাধাৰণভাবে অতিবাহিত কৰিছিল।
অমৰ্ত্য সেন মেধাশক্তি সম্পন্ন আছিল।
তেওঁৰ পৰ্যবেক্ষণ ক্ষমতাও প্ৰখৰ আছিল।
স্কুলীয়া জীৱনত তেওঁ এজন ভাল তাৰ্কিক ৰূপেও প্ৰতিষ্ঠা লাভ কৰিছিল।
অমৰ্ত্য সেনে ইণ্টাৰমিডিয়েট স্তৰলৈকে শান্তিনিকেতনতেই পঢ়িছিল।
১৯৫১ চনত তেওঁ শান্তিনিকেতনত বিজ্ঞান বিষয়ত ইণ্টাৰমিডিয়েট পৰীক্ষাত পাছ কৰে।
তেওঁ কলকাতাৰ প্ৰেছিডেন্সি কলেজত ভৰ্তি হৈ অৰ্থনীতি বিষয়ত মনোযোগেৰে পঢ়িবলৈ ধৰিলে।
প্ৰেছিডেন্সি কলেজৰ অধ্যাপক ভৱতোষ দত্তৰ তেওঁ বিশেষ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হল।
১৯৫৩ চনত তেওঁ অৰ্থনীতি বিষয়ৰ অনাৰ্ছত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতক উপাধি লাভ কৰিবলৈ সক্ষম হয়।
স্নাতক উপাধি লাভ কৰাৰ সময়ত তেওঁ মাত্ৰ ১৯ বছৰীয়া আছিল আৰু এই সময়ছোৱাতেই তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হয়।
পৰিয়ালে তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁক ইংলেণ্ডত পঢ়ুৱাবলৈকে ঠিক কৰিলে যাতে পঢ়া আৰু চিকিৎসা দুয়োটা সমানে চলাব পাৰে।
সেয়ে তেওঁক ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত ট্ৰিনিটি কলেজত নাম লগাই দিলে।
কিছুদিন পিছত তেওঁ আৰোগ্য হল।
১৯৫৯ চনত তেওঁ এই কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে।
তেওঁ এই পৰীক্ষাত কৃতিত্ব দেখুওৱাৰ বাবে আডাম স্মিথ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
তাৰ পিছত তেওঁ পি. এইচ. ডি উপাধি লাভ কৰে।
পি. এইচ.ডিত তেওঁৰ গৱেষণাৰ বিষয় বস্তু আছিল The Choice of Technique.
১৯৫৬ চনত অমৰ্ত্য সেন ইংলেণ্ডৰ পৰা ভাৰতলৈ উভতি আহে আৰু কৰ্ম জীৱনৰ পাতনি মেলে।
তেওঁ কৰ্মজীৱনত অধ্যাপনা আৰু গৱেষণাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰে।
তেওঁ পোনতে যাদৱপুৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয়।
তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৪ বছৰ।
যাদৱপুৰৰ পিছত তেওঁ কলকাতা আৰু দিল্লীৰ স্কুলছ অব ইকনমিক্সত অধ্যাপনা কৰে।
তেওঁ সুদীৰ্ঘ দিন ধৰি ইংলেণ্ড আৰু আমেৰিকাৰ বিভিন্ন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ লগতো জড়িত হৈ পৰে।
এগৰাকী শিক্ষক হিচাপে তেওঁ ছাত্ৰ সমাজৰ মাজত বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
ষাঠিৰ দশকত তেওঁ আমেৰিকাৰ কেইবাখনো বিখ্যাত বিশ্ববিদ্যালয় আৰু এম. আই. টিত ভিজিটিং প্ৰফেছাৰ নিযুক্ত হয়।
১৯৭১ চনত তেওঁ লণ্ডন স্কুল অব্ ইকনমিক্সত অধ্যাপনা কৰে।
তাৰ পিছত ১৯৭৭চনৰ পৰা তিনি বছৰ ধৰি অক্সফ’ৰ্ডৰ নাফিল্ড কলেজত আৰু ১৯৮০ চনৰ পৰা ১৯৮৭ চনলৈ অক্সফ’ৰ্ডত অধ্যপনা কৰে।
১৯৮৭ চনৰ পৰা ১৯৯৮ চনলৈ হাৰ্ভাৰ্ডত তেওঁ অৰ্থনীতি কলেজত মাষ্টাৰ (আচাৰ্য্য) পদ লাভ কৰে।
তদুপৰি আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত লেমণ্ট এমেৰিটাছ প্ৰফেছাৰ ৰূপেও কাৰ্য-নিৰ্বাহ কৰে।
তেওঁ বিশ্ব বেংক উপদেষ্টা পৰিষদৰো এগৰাকী সদস্য আছিল।
১৯৯৮ চনত অৰ্থনীতি বিষয়ত পৃথিৱীৰ সৰ্ব্বোচ্চ সন্মান “ন’বেল বঁটা” লাভ কৰে।
১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ শ্ৰেষ্ঠ সন্মান “ভাৰত-ৰত্ন” সন্মানেৰে সন্মানিত কৰে ।
ইয়াৰ উপৰিও তেওঁ মহলানবিশ বঁটা, দেশীকোত্তম সন্মান, জিন মায়েৰ গ্ল’বেল চিটিজেনশ্বিপ এৱাৰ্ড, এছিয়াটিক ছ’চাইটিৰ ইন্দিৰা গান্ধী সোণৰ পদক, এডিনবাৰ্গ পদক, নৱম কাটালোনিয়া ইণ্টাৰনেশ্যনেল প্ৰাইজ, ৰাজনীতি আৰু অৰ্থনীতিৰ চেইডমান বঁটা, ই ৰেংক, ডিউভেলী এগনেলী ইণ্টাৰনেশ্যনেল প্ৰাইজ, আলান শ্বন ফেইনষ্টেইন ৱল্ড হাংগাৰ এৱাৰ্ড আদি সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।
তেখেতৰ গ্ৰন্থ সমূহ হৈছেঃ
চয়েচ ওৱেলফেয়াৰ এণ্ড মেজাৰমেণ্ট, হাংগাৰ এণ্ড পাবলিক একছন,
ইনইকুৱেলিটি ৰিয়েক্ট জামিন্দ, মাৰ্কেট এণ্ড ফ্ৰিডম,
ইণ্ডিয়াঃইক’নমিক ডেভেলপমেণ্ট এণ্ড ছ’চিয়েল অপৰ্ছ্যুনিটি, ইণ্ডিয়া ডেভেলপমেণ্টঃচিলেকটেড ৰিজ’নেল পাৰ্ছপেকটিং,
ছুইডিছ অকাডেমি অব্ ছাইন্সেজ, দি ষ্টেণ্ডাৰ্ড অব্ লিভিং, গ্ৰ’থ ইক’নমিক্ছ,
চয়েচ অব্ টেকনিক, অন ইক’নমিক ইন ইকুৱেলিটি,
এমপ্লয়মেণ্ট টেকন’লজি এণ্ড ডেভেলপমেণ্ট এণ্ড ডিপ্ৰাইভেছন ইত্যাদি।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com লগতে লাইক কৰক Rnewsindia24 ৰ ফেচবুক পেজ।
ধন্যবাদ।
News Editor Sangita Dutta R News India 24