৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com November 6/2022:-
1. আজি উত্তৰ-পূবৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজন।
এছিয়ান ডেভেলপমেণ্ট বেংকৰ সহযোগত নিৰ্মাণ হ’ব বিশ্ববিদ্যালয়।
বিশ্ববিদ্যালয়খনৰ ভূমিপূজন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই।
2. বন্ধ হ’ব ৰাজ্যৰ দুখন হোমিঅ’পেথী মহাবিদ্যালয়৷
যোৰহাটৰ JK SAIKIA হোমিঅ’পেথী মহাবিদ্যালয় আৰু নগাঁৱৰ অসম হোমিঅ’পেথী মহাবিদ্যালয়৷ দুয়োখন মহাবিদ্যালয় একত্ৰীকৰণৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে।
দুয়োখন মহাবিদ্যালয়ত নামভৰ্তি বন্ধ ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে।
3. ‘ডিচেম্বৰত পুনৰ ওলাব ১০ হাজাৰ নতুন চাকৰিৰ বাবে বিজ্ঞাপন’- ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব চতুৰ্থ বৰ্গৰ পদৰ বাবে Interview আৰু তৃতীয় বৰ্গৰ বাবে Skill Test ৰ প্ৰক্ৰিয়া।
4. মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিলে বলীউডৰ অভিনেত্রী কংগনা ৰাণাৱটে।
সকলো প্ৰকাৰৰ সহায় আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে।
অসমীয়া চাদৰ-মেখেলা পিন্ধি অভিভূত হ’ল কংগনা ৰাণাৱটে।
5. দক্ষিণ কামৰূপবাসীৰ বাবে ভাল খবৰ৷
ছয়গাঁৱত মুকলি হ’ব ৫০০০ মেট্ৰিক টনৰ শীতলীকৰণ ভঁৰাল৷
৮ নৱেম্বৰত ভঁৰালটো মুকলি কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
6. চৰাইদেউৰ জিলা পৰিবহণ বিষয়া ৰাজীৱ চন্দ্ৰ বৰদলৈক নিলম্বন কৰা হৈছে।
নাগালেণ্ড আৰু অৰুণাচলৰ ভুৱা অনুজ্ঞাপত্ৰ বৈধ কৰাৰ অভিযোগ এই গৰাকী বিষয়াৰ বিৰুদ্ধে।
7. হাইলাকান্দিত বাৰ্মিজ চুপাৰিভৰ্তি ট্রাক জব্দ কৰা হৈছে।
অসম-মিজোৰাম সীমান্তৰ পৰা জব্দ কৰা হৈছে চুপাৰিভৰ্তি ট্রাকখন।
গুৱাহাটীলৈ সৰবৰাহৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে জব্দ কৰে বাৰ্মিজ চুপাৰিখিনি।
8. মৰাণৰ খোৱাঙৰ বেতনিত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুখন ট্রাকৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাটোত থিতাতে নিহত হৈছে এজন লোক আৰু আহত হৈছে ৪ জন লোক।
বৰ্তমান আহতসকলক AMCH লৈ প্ৰেৰন কৰা হৈছে।
9. “বিজেপিৰ লগত মিত্ৰতা আছে বাবেই AIUDFৰ লগত মিত্ৰতা কৰিব বিচৰা নাই ভূপেন বৰাই।
ভাৰত জোড়ো যাত্ৰাত যিমান মানুহ ধুবুৰীত হৈছে বদৰুদ্দিন আজমল এনেই গ’লে তাতকৈ বেছি মানুহ হয়” – মন্তব্য নিজামুদ্দিন চৌধুৰীৰ।
10. অখিল গগৈ বৰ্তমান সুস্থ।
বেংগালুৰুৰ নাৰায়না হেলথ্ চিটীৰ পৰা আজি ওলাল।চিকিৎসকৰ পৰামৰ্শমতে দুদিনমান চিকিৎসালয়ৰ ওচৰতে থাকিব অখিল গগৈ।
আজি চিকিৎসালয়ৰ বাহিৰত বেংগালুৰু নিবাসী অসমীয়াসকলৰ সৈতে গগৈ।
11. ‘মদৰ দোকান খুলি জাতিটোক মদ্যপায়ী জাতি হিচাপে গঢ়িব খুজিছে BJP চৰকাৰে’- মন্তব্য লুৰীণজ্যোতি গগৈৰ।
12. আজি অন্ত পৰিল দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ।
অন্তিম দিনা নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী পিয়ুষ হাজৰিকাই।
13. ধেমাজি গ্ৰন্থমেলাৰ আজি তৃতীয় দিন।
অসম প্ৰকাশন পৰিষদ, উত্তৰ পূব গ্ৰন্থ প্ৰকাশক, বিক্ৰেতা সন্থাৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছিল গ্ৰন্থমেলা।
দিল্লী আৰু কলিকতাকে ধৰি অসমৰ প্ৰায় 35 টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে গ্ৰন্থমেলাত।
14. কাৰ্বি আংলঙৰ বৰপথাৰত পুনৰ জব্দ কৰা ড্ৰাগছ।
এখন যাত্ৰীবাহী বাছৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছখিনি
নগাঁৱৰ ধিঙৰ পৰা লাহৰীজানলৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে ড্ৰাগছখিনি।
15. বৰপেটাত ড্ৰাগছ বিৰোধী অভিযান।
অভিযানত ব্ৰাউন চুগাৰসহ ৬ জন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
16. শ্ৰীৰামপুৰত কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ।
সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ প্ৰতিবাদী কাৰ্যসূচী।
ৰে’ল অৱৰোধ কৰি শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰে।
17. টি-২০ বিশ্বকাপৰ ছেমি ফাইনেললৈ ভাৰত।
১০ নৱেম্বৰত ছেমি ফাইনেলত ইংলেণ্ডৰ সৈতে মুখামুখি হ’ব ভাৰত।
আনখন ছেমি ফাইনেল খেলিব পাকিস্তান আৰু নিউজিলেণ্ডে।
18. তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ নোহোৱাসকললৈ মুখ্যমন্ত্ৰীৰ ঘোষণা -‘ঘূৰাই দিয়া হ’ব আবেদনৰ মাচুল’
19. “শীঘ্ৰেই দৰঙৰ মাজেৰে চলিব ৰে’ল,নিৰ্মাণ হ’ব মেডিকেল কলেজ।
দৰং জিলাৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
20. NHPCত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে।
দুটা ডিজি জ্বলি উঠাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় NHPCত।