‘ভাৰত ৰত্ন’ চিদাম্বৰম সুব্ৰমনিয়াম দেৱৰ জীৱনযাত্ৰাঃ
তেখেত জন্ম হৈছিল ১৯১০ চনৰ ৩০ জানুৱাৰী তাৰিখে তামিলনাডুৰ কৈম্বটোৰ জিলাৰ পলাচীত।
তেওঁ এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী আছিল।
তেওঁ প্ৰাৰম্ভিক শিক্ষা পলাচীত গ্ৰহণ কৰিছিল।
তাৰ পিছত চেন্নাইলৈ যায়।
তাত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে।
পিছলৈ তেওঁ একে বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত মাদ্ৰাজ আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।
তেওঁৰ খুড়া স্বামী স্বামীনাথন তেওঁৰ আদৰ্শ ব্যক্তি আছিল।
তেওঁ মহাবিদ্যালয়ত পঢ়ি থাকোঁতে ব্ৰিটিছৰ বিৰুদ্ধে আইন অমান্য আন্দোলনত যোগ দিছিল।
১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ কাৰাবাস খাটিছিল।
পিছলৈ তেওঁ সংবিধান সভালৈ নিৰ্বাচিত হয় আৰু ভাৰতৰ সংবিধানৰ প্ৰস্তুতকৰণত নিজৰ অৰিহণা আগবঢ়ায়।
ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁ ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ মাদ্ৰাজ ৰাজ্যৰ মুখ্যমন্ত্ৰী চক্ৰৱৰ্তী ৰাজাগোপালচাৰী আৰু কে কামৰাজৰ কেবিনেটত শিক্ষা, আইন আৰু বিত্ত বিভাগৰ মন্ত্ৰী আছিল।
এই কালছোৱাত তেওঁ মাদ্ৰাজ বিধানসভাৰ নেতা আছিল।
১৯৬২ চনত তেওঁ লোকসভালৈ নিৰ্বাচিত হয় আৰু কেন্দ্ৰীয় চৰকাৰৰ তীখা আৰু খনিমন্ত্ৰীৰ পদত নিযুক্ত হয়।
তাৰ পিছত তেওঁ ভাৰতৰ কৃষি মন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰে।
১৯৭১ চনৰ পৰা ১৯৭২ চনলৈ তেওঁ ভাৰতৰ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ আছিল।
তেওঁ ভাৰতৰ খাদ্য আৰু কৃষিমন্ত্ৰী হৈ থাকোঁতে ভাৰতক খাদ্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰিবলৈ এম. এছ. স্বামীনাথন, বি. শিৱৰমণ আৰু নৰ্মান ই. বৰলুঙৰ সৈতে ভাৰতত সেউজ বিপ্লৱৰ সূচনা কৰিছিল।
তেওঁক ভাৰত চৰকাৰে সেউজ বিপ্লৱত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯৮ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰে।
তেওঁ ভাৰতীয় শ্বেত বিপ্লৱৰ জনক ভাৰ্গিজ কুৰিয়েনক আমুলৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছিল।
তেওঁ চেন্নাইত ৰাষ্ট্ৰীয় কৃষি ফাউণ্ডেচন আৰু তিৰুচিৰাপল্লীত ভাৰতীদৰ্শন ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপন কৰিছিল।
পিছলৈ তেওঁ ইন্দিৰা গান্ধীৰ কেবিনেটত বিত্ত মন্ত্ৰীৰ দায়িত্বভাৰ লাভ কৰে।
এই সময়ত তেওঁ ভাৰতীয় মুদ্ৰাৰ মূল্য কম কৰাৰ ব্যৱস্থা হাতত লয়।
তেওঁ ১৯৭৬ চনত ভাৰতৰ বিত্তমন্ত্ৰী আছিল।
পিছত তেওঁ ইন্দিৰা গান্ধীৰ কংগ্ৰেছ এৰি দেৱৰাজ উৰ্ছ আৰু কাশু ব্ৰহ্মানন্দ ৰেড্ডীৰ কংগ্ৰেছত যোগ দিয়ে।
তেওঁ ১৯৭৯ চনত চৰণ সিংৰ কেবিনেটত ৰক্ষামন্ত্ৰী আছিল।
১৯৯০ চনত তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল।
তেওঁৰ জীৱনযাত্ৰাত লাভ কৰা বঁটা আৰু সন্মান সমূহঃ
ক) ১৯৯৮ চনত ‘ভাৰতৰত্ন’ ।
খ) ১৯৯৬ চনত ইউ ঠান্ত শান্তি বঁটা।
গ) ৱাই. বি. চৌহান ৰাষ্ট্ৰীয়
একত্ৰীকৰণ বঁটা।
ঘ) ১৯৯৬ চনত নৰ্মান বৰলুং বঁটা।
ঙ) ১৯৮৮ চনত অনুব্ৰত বঁটা।
২০১০ চনৰ আগষ্ট মাহত ভাৰত চৰকাৰে তেওঁৰ স্মৃতিত এটি মুদ্ৰা প্ৰচলন কৰিছিল।
একেবছৰে ভাৰতীয় ডাক বিভাগে তেওঁৰ স্মৃতিত এক ডাক টিকট প্ৰচলন কৰে।
তেখেতৰ গ্ৰন্থসমূহঃ
ইণ্ডিয়া অফ মাই ড্ৰিমছ,
দা নিউ ষ্ট্ৰেতেজী ইন ইণ্ডিয়ান এগ্ৰীকাল্চাৰ,
চাম কাউন্ত্ৰীজ হুইছ আই ভিজিটেড ৰাউণ্ড দা ৱৰ্ল্ড।
২০০০ চনৰ ৭ নৱেম্বৰ তাৰিখে ৯০ বছৰ বয়সত তেখেত মৃত্যু হয়।
তেখেতৰ সৃষ্টিৰাজী আৰু কৰ্মৰাজী সদায় চিৰস্মৰণীয় হৈ থাকিব।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
সংগীতা দত্ত R News India 24