৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com November 13/2022:-
1. গোসাঁইগাঁও মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
UPPLৰ ত্ৰিবাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিন।
মুকলি সভাত উপস্থিত থাকি
মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে-
“কোকৰাঝাৰত অত্যাধুনিক ষ্টেডিয়ামৰ বাবে ১৫০ কোটি টকা ঘোষণা”।
“ৰাজ্যৰ বাহিৰে ভিতৰে চিকিত্সাৰ বাবে দুখীয়া লোকৰ বাবে ৫ লাখ টকাৰ আঁচনি”।
“২১ নৱেম্বৰৰ পৰা BTRত ভূমি পট্টা প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে বড়োভূমিৰ দৰিদ্ৰ জনগণৰ বাবে প্ৰদান কৰা হ’ব নতুন ৰেচন কাৰ্ড।
১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই ব্যৱস্থা”।
“২০২৩ ত কোকৰাঝাৰত মেডিকেল কলেজ মুকলি কৰা হ’ব”।
2. আজি বাক্সা জিলাৰ বি বি কিষাণ মহাবিদ্যালয়ৰ নৱ নিৰ্মিত বিজ্ঞান শাখা
আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
3. বেলতলাস্থিত হোটেল ৰয়েল ডিকাছত আজমল ফাউণ্ডেচনৰ উদ্যোগত APSCত সফলতা অৰ্জন কৰা কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা।
আজমল IAS একাডেমীৰ পৰা সফলতা অৰ্জন কৰিলে ১৫ শিক্ষাৰ্থীয়ে।
সম্পূৰ্ণ বিনামূলীয়াকৈ কোচিং আগবঢ়াইছিল আজমল ফাউণ্ডেচনে।
অনুষ্ঠানত উপস্থিত থাকে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল।
4. “অসমৰ ৰাইজে কাৰোবাক ৰাজ্য প্ৰশাসনৰ দায়িত্ব দিছে, সেই দায়িত্ব সূচাৰুৰূপে পালন কৰি দায়বদ্ধতাৰ পৰিচয় দিয়ক।
অসমত কা’ কাৰ্যকৰী কৰাবলৈ তেওঁ অসমৰ ঠিকাদাৰ নহয়”। – মন্তব্য লুৰীণজ্যোতি গগৈৰ।
5. জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা (KK) অসুস্থ।
উচ্চ ৰক্তচাপৰ লগতে ষ্ট্ৰোকত আক্ৰান্ত হৈ আছে অভিনেতাজন।
বৰ্তমান গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত ICU ত ভৰ্তি হৈ আছে।
6. ১৫ নৱেম্বৰত বন্ধ থাকিব APCCৰ ভাৰত জোড়ো যাত্ৰা।
৬ জনগোষ্ঠীৰ অসম বন্ধৰ প্ৰতি সমৰ্থন জনাই সিদ্ধান্ত APCCৰ।
১৫ নৱেম্বৰত জালুকবাৰীত আছিল ভাৰত জোড়োৰ কাৰ্যসূচী।
ঘোষণা কৰিলে APCCৰ সভাপতি ভূপেন বৰাই।
7. ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক হিংসা।
বড়মুড়াত বিজেপিৰ জনজাতি মৰ্চাৰ কেন্দ্ৰীয় সভাপতি সাংসদ সমীৰ ওৰাঙক আক্ৰমণ কৰে।
উত্তপ্ত পৰিস্থিতিৰ পৰা নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰে সাংসদ গৰাকীক।
8. ধেমাজিৰ উজনি নিখল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ব্ৰজেন শইকীয়াৰ বিৰুদ্ধে অভিযোগ।
ছাত্ৰীক অশালীন ইংগিত, যৌন উত্পীড়নৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে।
ঘটনাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ধেমাজীত।
9. ৰাজ্যত অব্যাহত আছে কয়লা ছিণ্ডিকেট।
বহিঃৰাজ্যলৈ দৈনিক সৰবৰাহ কৰা হৈছে ট্ৰাকে ট্ৰাকে কয়লা।
জাগীৰোডৰ লগতে বাইহাটা, ৰঙিয়া ৰে’ল ষ্টেশ্যনতো স্থাপন কৰা হৈছে কয়লাৰ ৰেক।
10. ধেমাজিত আছুৰ অধিৱেশন।
দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অধিৱেশনত সাংস্কৃতিক শোভাযাত্ৰা, জাতি জনগোষ্ঠীয় নৃত্য গীত প্ৰদৰ্শন কৰে।
অধিৱেশনত অংশগ্ৰহন কৰে ড° সমূজ্বল কুমাৰ ভট্টাচাৰ্যই।
11. নাহৰকটীয়াৰ জয়পুৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এজন লোক।
নিহত লোক জন হৈছে অভয়পুৰ গাঁৱৰ নন্দেশ্বৰ গগৈ।
12. আজি সামৰণি পৰিল ধেমাজি জিলাৰ গ্ৰন্থমেলা।
অসম প্ৰকাশন পৰিষদ, উত্তৰ পূব গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছিল গ্ৰন্থমেলা।
13. ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাসোৎসৱৰ পাৰভঙা উৎসাহ।
আধ্যাত্মিকতা, ভক্তিৰস আৰু কৃষ্ণপ্ৰেমত বিলীন ৰাজ্যবাসী।
নলবাৰী ৰাস মহোৎসৱস্থলীতো হাজাৰ হাজাৰ ভক্তৰ সমাগম।
14. খুমটাইৰ মেলামৰাত মাৰাথন প্ৰতিযোগিতা৷
কৃষি আৰু গ্ৰাম্য পৰ্যটনৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যৰে খুমটাইত অনুষ্ঠিত হ’ল ‘অনাই বনাই খুমটাই’ শীৰ্ষক মাৰাথন প্ৰতিযোগিতা।
ফ্লেগ অফ কৰে বিধায়ক মৃণাল শইকীয়াই।
15. কাঠমাণ্ডুত ইণ্ডো-নেপাল ৰিয়েল ৰ’লাৰ স্কেটিং চেম্পিয়নশ্বিপ।
দুটাকৈ সোণৰ পদক অৰ্জন কৰিলে অৰ্থৱ অৰ্জুন হাজৰিকাই।
দ্বিতীয় নৰ্থ ইষ্ট অলিম্পিক গেমছ-২০২২।
সাঁতোৰ-আৰ্চাৰী আৰু বেডমিণ্টনত পুৰুষৰ ১০০ মিটাৰ ব্রেষ্ট ষ্ট’কত স্বৰ্ণ পদক লাভ কৰে অসমৰ অংশুমান কাশ্যপে আৰু মহিলাৰ দিশা গগৈ এ।
16. বাঘৰ আৱাস স্থলি হিচাপে পৰিচিত ৰাজস্থানৰ ৰানথাম্বৰ ৰাষ্ট্ৰীয় উদ্যানত কাজিৰঙাৰ সাংবাদিকৰ দল।
উদ্যান দৰ্শনৰ সময়ত সাংবাদিকৰ দল টোৱে চুলতানাৰ দৰ্শনৰ সৌভাগ্য লাভ কৰে।
17. শিলচৰৰ SMCHত উত্তপ্ত পৰিস্থিতি।
হাস্পতালত সাংবাদিকক প্রহাৰ গৃহৰক্ষী জোৱানৰ। গুৰুতৰভাৱে আহত বিশ্ব কল্যাণ পুৰকায়স্থ নামৰ সাংবাদিকজন।
চিকিৎসালয়খনত আত্মীয়ক খাদ্য দিবলৈ গৈছিল বিশ্ব কল্যানে।
18. UPPL-২০২৩-২৪বৰ্ষৰ নতুন সমিতি গঠন কৰা হৈছে।UPPLৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে প্রমোদ বড়োক।
কাৰ্যকৰী সভাপতি ৰনগৌড়া নাৰ্জাৰী।
সাধাৰণ সম্পাদক (প্রশানিক) ৰাজু কুমাৰ নাৰ্জাৰী।
সাধাৰণ সম্পাদক (সাংগঠনিক) মাধৱ চন্দ্র চেত্রী।
19. কৃষ্ণাইৰ শালপাৰা, নাকাতিপাৰাত বৃহৎ পৰিমাণৰ শাল গছৰ কুণ্ডা জব্দ কৰে আৰক্ষীয়ে।
জব্দকৃত কুণ্ডাখিনিৰ মূল্য প্ৰায় ৮০ হাজাৰ টকা।
ৰংজুলি আৰু ধুপধৰা বন বিভাগৰ অভিযানত আৰক্ষীয়ে জব্দ কৰে ৫খনকৈ ডাম্পাৰ।
লামডিং দেওঘৰ এক্সপ্ৰেছ পৰা আৰক্ষীয়ে জব্দ কৰে ২৯ কেজি গাঞ্জা।
জব্দকৃত গাঞ্জাৰ মূল্য প্ৰায় ৩ লাখ টকা।
কাছাৰৰ কাটিগড়াত সমবায় সমিতিৰ চাউল চোৰাংকৈ বিক্ৰী কৰিবলৈ লওঁতেই জব্দ কৰে আৰক্ষীয়ে।
গ্ৰেপ্তাৰ কৰে ছাইদুল আলম নামৰ অসাধু ব্যৱসায়ীজনক।
তামুলপুৰৰ গান্ধীবাৰীত অবৈধ ইউৰিয়া জব্দ কৰে। আছু, আক্ৰাছু, AJYCPৰ তৎপৰতাত আৰক্ষীয়ে জব্দ কৰে সাৰখিনি।
20.চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জন্মভূমি যোৰহাটৰ টীয়ক ব্ৰাহ্মণ গাঁৱত ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
উপস্থিত থাকে ভাতৃ তথা বুৰঞ্জীবিদ ডঃ সুনীলপৱন বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।


