৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com November 15/2022:-
1. ১৭ সংখ্যক G20 সন্মিলন।
৩ দিনীয়া কাৰ্যসূচীৰে বালিত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
খাদ্য আৰু শক্তি সুৰক্ষা অধিৱেশনত অংশগ্ৰহন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
মোদীক উষ্ম আদৰণি জনালে ইণ্ডোনেচিয়াৰ ৰাষ্ট্ৰপতি জোকো উইড’ডৰে।
2. স্বাস্থ্যসেৱাৰ আন্তগাঁঠনি আৰু সবলীকৰণৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
GMCH ৰ চৌহদত ৫টা নৱনিৰ্মিত ভৱন।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ভৱনকেইটা।
3. অসম শিশু সাহিত্য সভা ন্যাসত গ্ৰন্থ উন্মোচন, বঁটা বিতৰণী সভা।
উন্মোচন কৰা হয় শিশু সাহিত্যৰ ১৮খনকৈ কিতাপ।
এই অনুষ্ঠানতেই বশিষ্ট দেৱ শৰ্মালৈ মৰনোত্তৰভাৱে ‘তাঁতী কুচি বঁটা’, মন্ত্ৰী ৰঞ্জিত দাসলৈ ‘সমাজ দৰদী মথুৰা পুৰী বটা’., বিজ্ঞান লেখক বিজয়কৃষ্ণ দেৱ শৰ্মাক ‘অৰ্জুচন্দ্ৰ দাস বঁটা’ প্ৰদান কৰা হয়।
অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।
‘আগন্তুক বৰ্ষতো অনুষ্ঠিত হ’ব গুণোৎসৱ।
গুণোৎসৱত চৰকাৰী শিক্ষক-কৰ্মচাৰীয়ে অংশ ল’বই।
গুণোৎসৱক লৈ ব্লেকমেইলিং কৰাটো ভাল নাপাওঁ’- মন্তব্য শিক্ষামন্ত্ৰী গৰাকীৰ।
4. প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়ালৈ ‘অসম গৌৰব বঁটা’।
বঢ়মপুৰৰ জাগৰণ সচেতন নাগৰিক মঞ্চই প্ৰদান কৰিব এই বঁটা।
২৭ নৱেম্বৰত অনুষ্টিত হব লগীয়া সমন্বয় ৰাসত প্ৰদান কৰা হব এই বিশেষ বঁটা।
এই সমন্বয় ৰাসৰ বাবেই বঢ়মপুৰ শ্বহীদ ভৱনত চলিছে ব্যাপক প্ৰস্তুতি।
5. ‘বিজেপি ক্ষমতালৈ আহিলে ভূপেন্দ্ৰ পেটেলেই গুজৰাটৰ মূখ্যমন্ত্ৰী হৈ থাকিব’- ঘোষনা অমিত শ্বাহৰ।
6. গুৱাহাটীত উপস্থিত বলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতা আচৰানী।
আজি নলবাৰী ৰাস মহোৎসৱত অংশগ্ৰহণ কৰিব আচৰানীয়ে।
তেজপুৰৰ শালনিবাৰীস্থিত সামৰিক বিমান ঘাটিত চলিছে হিন্দী ছবি ‘ফাইটাৰ’ৰ শ্বুটিং।
ছবিখনৰ শ্বুটিঙৰ বাবেই তেজপুৰত উপস্থিত হৈছে বলীউডৰ অভিনেতা হৃত্বিক ৰোশন।
৪ দিন ধৰি চলিবলগা ছবিখনৰ শ্বুটিঙত অংশ ল’বলৈ বলীউডত আন দুগৰাকী তাৰকা অনিল কাপুৰ আৰু দীপিকা পাডুকনো আহিব তেজপুৰলৈ।
7. মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত GMCৰ দুই বিষয়া- সহঃ অভিযন্তা প্ৰদীপ শৰ্মা আৰু দিবাৰক মালীক মাৰাথন জেৰা কৰা হৈছে।
স্বাস্থ্যৰ পৰীক্ষাৰ বাবে দুয়োকে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
8. তেজপুৰত ভয়ংকৰ দুৰ্ঘটনা।
ডাম্পাৰে মহতিয়াই নিলে পঞ্চায়ত সভাপতিক।
থিতাতে নিহত হ’ল সভাপতি ছাইদুল বাছাৰ।
উত্তেজিত ৰাইজে ভাঙি লণ্ড-ভণ্ড কৰিলে ডাম্পাৰখন।
9. গুৱাহাটী মহানগৰীত সংঘটিত এক চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ পিছত ছয়গাঁৱৰ এটা চৰত GRPৰ অভিযান।
বিহাৰৰ জয়বৰ্ধন কুমাৰ নামৰ লোকজনক হত্যা কৰি ব্রহ্মপুত্রত দলিয়াই দিছিল অপহৰণকাৰীয়ে।
ছয়গাঁৱৰ মাজৰচৰত চলিছে GRP ৰ অভিযান।
11. ধুলা কাণ্ডৰ অভিযুক্ত ৩ চিকিৎসকৰ জামিন মঞ্জুৰ কৰা হৈছে।
ডাঃ অনুপম শৰ্মা, ডাঃ অৰুণ ডেকা, ডাঃ অজন্তা বৰদলৈক জামিন।
জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
11. কাছাৰৰ উধাৰবন্দৰ কুম্ভিৰগ্রামত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে।
জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হল কুম্ভিৰগ্রাম হাইস্কুল।
অগ্নিনিৰ্বাপক বাহিনীৰ ৪খনকৈ বাহনে নিৰ্বাপন কৰে জুই।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰন।
12. লখিমপুৰ জিলাৰ এঘাৰমাইলৰ শংকৰদেৱ শিশু নিকেতন আৰু বৰডুবি জনজাতি হাইস্কুলৰ যুটিয়া উদ্যোগত শিশু দিৱস উদযাপন।
শিশু দিৱস উপলক্ষ্যে ছাত্ৰ-ছাত্ৰীৰ মাজত নৃত্য, গীত, কবিতা আবৃত্তিৰ লগতে জৱাহৰলাল নেহৰুৰ জীৱনৰ ওপৰত বক্ততা প্ৰতিযোগীতাও আয়োজন কৰে।
উপস্থিত থাকে নিকেতনৰ আচাৰ্য্য-আচাৰ্য্যা, হাইস্কুলৰ শিক্ষক গোট, বিদ্যালয় পৰিচালনা সমিতি।
13. নৰ্থ-ইষ্ট অলিম্পিকত অসম কাৰাটে দলৰ মৰিয়নীৰ শ্বেতা হাজৰিকাই লাভ কৰিলে ৰূপৰ পদক ।
ছিনিয়ৰ ৫৫ কেজি শাখাত অসমক প্ৰতিনিধিত্ব কৰিছিল শ্বেতাই।
বৰ্তমান শ্বেতাৰ সফলতাত উৎফুল্লিত হৈছে মৰিয়নীবাসী।
14. পশ্চিম কাৰ্বি আংলং জিলাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।
খেৰণি জেৰিকিংডিং চার্চিম গাঁৱত দুৰ্ঘটনাগ্ৰস্ত বলেৰ’ পিকআপ বাহন।
বাহনখনে কঢ়িয়াই নিছিল ৩০জনতকৈও অধিক লোক।
বাহনখন ৫ জন গুৰুত্বৰ ভাৱে আহত হৈছে।
15. মাজুলীৰ অফলামুখ ঘাটত ডুব গ’ল চৰকাৰী ফেৰী।
২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল ফেৰীখন৷
জিলা পশু চিকিৎসা সেৱাৰ বাবে নিৰ্মান কৰা হৈছিল ফেৰীখন।
বিভাগৰ অৱহেলাৰ বাবে এদিনৰ বাবেও ব্যৱহাৰ নহল ফেৰীখন।
16. পেঙেৰীত আলফাক সহায় কৰাৰ অভিযোগত আটক কৰে কাকজানৰ মাইনা বৰগোঁহাইক।
সেনাৰ কনভয়ত আক্রমণ কৰা আলফাক সহায় কৰাৰ অভিযোগত আটক কৰে যুৱকজনক।
আলফাৰ দলটোক গাড়ী দি সহায় কৰিছিল মাইনা বৰগোঁহাইয়ে।
17. ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই অসম বন্ধৰ ঘোষনা কৰিছিল।
গোলাঘাটত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল সদৌ অসম চুতীয়া ছাত্র সন্থাই।
সংগঠনটোৰ সভাপতি মহেন বৰাৰ লগতে আন ৫ গৰাকী নেতাক আটক কৰে গোলাঘাট আৰক্ষীয়ে।
ডিব্ৰুগড়ত এজন প্ৰতিবাদকাৰীক আটক। সোণাৰিটো টাইপাৰ ৪জন সদস্যক আটক আৰক্ষীৰ।
18. লিডুত বৃহৎ পৰিমাণৰ ড্রাগছ জব্দ কৰা হৈছে।
১২.৫৫ গ্রাম ড্রাগছ, ৪টা মোবাইলসহ জব্দ কৰে ১ লাখ ২ হাজাৰ টকা।
আৰক্ষীয়ে আটক কৰে এগৰাকী মহিলাসহ এজন যুৱকক।
কাছাৰত জব্দ কৰা হৈছে ১০ কোটি টকাৰ ড্ৰাগছ৷
কাকমাৰাত ১০ কোটি টকাৰ য়াবা টেবলেটসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২ সৰবৰাহকাৰীক৷
19. ‘অসমলৈ আৰু মানুহ আহিলে অসমৰ মানুহ জীয়াই থাকিবলৈ অসুবিধা হব’- মন্তব্য ড° হীৰেন গোহাঁইৰ।
20. ডাঃ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষ।
১৮ নৱেম্বৰত কৰ্কট প্ৰতিষ্ঠানখনৰ বৰ্ষপূৰ্তি অনুষ্ঠান।
১৯৭৩ চনৰ ১৮ নৱেম্বৰত প্ৰতিষ্ঠা হৈছিল বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান।
বছৰজোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষৰ প্ৰস্তুতি।