৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com November 17 / 2022 :-
1. বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈ হাগ্ৰামা মহিলাৰীৰ বিশেষ পত্ৰ।
প্রমোদ বড়ো তথা UPPLৰ বিৰুদ্ধে ভয়ানক অভিযোগ হাগ্ৰামা মহিলাৰ।
BTC লৈ আবণ্টিত ৬০০ কোটি টকাৰ বিত্তীয় খেলিমেলি আৰু বড়ো শান্তি চুক্তিক হাইজেক কৰাৰ অভিযোগ প্ৰমোদ বড়োৰ বিৰুদ্ধে।
2. ১৯ নৱেম্বৰত অৰুণাচললৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
উদ্বোধন কৰিব অৰুণাচলৰ প্ৰথমটো বিমান বন্দৰ ডনিপ’ল’ গ্ৰীণ ফিল্ড এয়াৰপ’ৰ্ট।
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ চলিছে ব্যাপক প্ৰস্তুতি।
3. হোটেল ভিভাণ্টাত অসম এমেচাৰ বক্সিং এছ’চিয়েচনৰ সম্বৰ্ধনা অনুষ্ঠান।
লাভলীনা বৰগোহাঁই, শিৱ থাপা, অংকুশিতা বড়োক সম্বৰ্ধনা জনোৱা হয়।
উপস্থিত থাকে BFI ৰ সচিব হেমন্ত কলিতা, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱৰ।
4. হোটেল তাজত চলি আছে অসম-মিজোৰামৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক।
লাইলাপুৰ কাণ্ডৰ বাবে ক্ষমা ভিক্ষা মিজোৰাম চৰকাৰৰ।
ঘটনাক অপ্রত্যাশিত আখ্যা মিজোৰামৰ গৃহমন্ত্রীৰ।
দুয়ো ৰাজ্যৰ বৈঠকত ক্ষমা ভিক্ষা গৃহমন্ত্ৰী লালচাম লিমাৰ।
5. সোণাইৰ স্বাধীন বাজাৰ ইছলামীয়া মাদ্ৰাছাৰ দুই শিক্ষকক আটক কৰা হৈছে।
মাদ্ৰাছাত জেহাদী শিক্ষা দিয়াৰ অভিযোগত আটক শিক্ষক দ্বয়ক।
মাদ্ৰাছাখনৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকক আটক কৰে আৰক্ষীয়ে।
দীৰ্ঘদিনীয়া মাদ্ৰাছাখনত জেহাদীৰ শিক্ষা দি অহাৰ অভিযোগ উঠিছে দুই শিক্ষকৰ বিৰুদ্ধে।
6. লখিমপুৰৰ লালুকত ট্রাকৰ খুন্দাত মৃত্যু ছাত্র নেতাৰ।
নিহত ছাত্র নেতাজনৰ নাম অনন্ত বৰা।
নাওঁবৈচা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আছিল অনন্ত বৰা।
7. দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলং জিলা দিৱস উদযাপন।
সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী সুনিধি চৌহানে।
8. কাহিলীপাৰাৰ SSAৰ কাৰ্যালয়ৰ সন্মুখত বিশেষ টেট শিক্ষকৰ প্ৰতিবাদ।
বিশেষ টেট উত্তীৰ্ণসকলক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ।
প্ৰতিবাদ আৰম্ভ কৰাৰ লগে লগে আৰক্ষীয়ে আটক কৰে ডেৰ শতাধিক শিক্ষকক।
প্ৰশাসনৰ অনুমতি অবিহনে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
9. কৰিমগঞ্জত জব্দ কৰা হৈছে কেইবা কোটি মূল্যৰ হেৰ’ইন।
এখন বলেৰ’ বাহনৰ পৰা জব্দ কৰা হৈছে ১.১ কিলোগ্ৰাম হেৰ’ইন।
আৰক্ষীয়ে আটক কৰে বাহনখনৰ চালক ৰাজু আহমেদক।
গোৱালপাৰা নৱাগত শিমলীতোলা বজাৰত বন বিভাগৰ অভিযান।
অভিযানত প্রায় ৪০ লাখ টকাৰ চোৰাং কাঠ জব্দ কৰে আৰক্ষীয়ে।
ইফালে গৰৈমাৰীৰ লাৰুৱাজানতো বন বিভাগৰ
অভিযানত বৃহৎ পৰিমাণৰ মূল্যৱান ফলা ন ন শাল কাঠ জব্দ কৰে।
গোলাঘাট আৰু কাৰ্বি আংলঙত ৪ দিন ধৰি বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ।
নৱগঠিত APLA নামৰ বিদ্ৰোহী সংগঠনৰ ৯ জন সদস্যক আটক কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে জব্দ কৰিছে ভালে সংখ্যক অস্ত্ৰ-সস্ত্ৰ।
10. বি বৰুৱা কেন্সাৰ হাস্পতালত নিশা উত্তপ্ত পৰিস্থিতি।
এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি নিশা সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ।
চিকিৎসক আৰু নাৰ্চৰ কৰ্তব্যত গাফিলতিৰ বিৰুদ্ধে অভিযোগ।
মৃত ৰোগী গৰাকীৰ নাম অনিমা দাস।
11. ৩,৪ আৰু ৫ ডিচেম্বৰত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব এই সন্মিলন।
আৰ্শীবাদ ফাওনদেশ্যনৰ উদ্যোগত অনুষ্টিত হব এই অনুষ্ঠান।
দক্ষিণ-পূব এছিয়াৰ দেশ সমূহৰ মাজত থকা সাংস্কৃতিক সামঞ্জস্য ক্ষেত্ৰত ৰাইজক অৱগত কৰা লক্ষ্যৰে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ।
12. ওদালগুৰিৰ খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলত গুলীচালনা।
টহলদাৰী বনৰক্ষীৰ গুলীত মৃত্যু কাঠৰ চোৰাং ব্যৱসায়ীৰ।
নিহত চোৰাং চিকাৰীজনৰ পৰিচয় পোহৰলৈ অহা নাই।
মৃত লোকজনৰ পৰা বনৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে আপত্তিজনক সামগ্ৰী।
13. ৰাস উৎসৱৰ মাজতে নলবাৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল চাৰিজনকৈ লোকৰ।
বানেইকুছিত দলঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলত বাহনখনৰ ৩জন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়।
আনহাতে ঘগ্ৰাপাৰতো আন এক পথ দুৰ্ঘটনা।
গুৰুতৰভাৱে আহত কেইবাজনো লোক।
14. APSCৰ প্ৰাক্তন সহকাৰী প্রধান পৰীক্ষা নিয়ন্ত্ৰকলৈ জাননী।
পৱিত্ৰ কৈৱৰ্তলৈ ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ জাননী।
১৫ দিনৰ ভিতৰত আয়োগত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে।
নিয়ম বৰ্হিভূত ভাৱে ষ্ট্ৰং ৰোমৰ ছাবি লগত ৰখাৰ অভিযোগ।
15. GMCৰ বোকা নিষ্কাষণ কেলেংকাৰীত জড়িত আৰু এজনক গ্রেপ্তাৰ কৰা হৈছে।
CM Vigilanceৰ জালত কাৰ্যবাহী অভিযন্তা সীমান্তজ্যোতি বৰুৱা।
গ্রেপ্তাৰৰ ভয়ত আত্মগোপন কৰি আছিল সীমান্তজ্যোতি বৰুৱাই।
লখৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা আছিল সীমান্তজ্যোতি বৰুৱা।
16. নাজিৰাৰ শিমলুগুৰিত ৰে’ল অৱৰোধ কাৰ্যসূচী।
সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ প্রতিবাদ।
জনজাতিকৰণৰ দাবীত এই প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
17. অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখত প্রতিবাদ।
প্রতিবাদত বহিল চিৰিয়াখানা সুৰক্ষা মঞ্চ।
আম্বানী চিৰিয়াখানাৰ পৰা দুষ্পাপ্য বন্যপ্ৰানী ঘূৰাই অনাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
18. ওদালগুৰিৰ পানেৰীত গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
ননৈ বনাঞ্চলৰ ভিতৰত উদ্ধাৰ কৰা হৈছে মৃতদেহটো।
মৃতদেহটো আনি বন বিভাগে পানেৰী থানাত ৰাখিছে।
এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃত লোকজনৰ পৰিচয়।
19. ‘কাজিয়াৰ বাবে হওক বা মৰমৰ কৰিবলৈ BPFৰ বাবে সদায় দুৱাৰ মুকলি UPPL’ ৰ – মন্তব্য বিটি আৰৰ প্ৰধান প্ৰমোদ বড়োৰ।
20. নলবাৰী ৰাসত বহিছে ভ্ৰাম্যমাণৰ মেলা।
৭টা নাট্যদলে পৰিৱেশন কৰিছে নাট।
শ্ৰেষ্ঠ নাট্যদলক ১ লাখ টকা আৰু শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীক
২৫ হাজাৰকৈ টকাৰ পুৰস্কাৰ প্ৰদানৰ ঘোষণা ৰাস পৰিচালনা সমিতিৰ।
প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।