অসমীয়া ছবি জগতৰ প্ৰথমগৰাকী মহানায়ক বিজু ফুকন দেৱৰ জীৱনযাত্ৰাঃ
বিজু ফুকনৰ জন্ম হৈছিল ১৯৪৭ চনৰ ১৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাত।
তেখেতৰ জন্মগত নাম আছিল বিজয় ফুকন।
চলচ্চিত্ৰজগতলৈ অহাৰ পাছত তেখেতৰ নাম ‘বিজু ফুকন হ’ল।
তেওঁৰ পিতৃৰ নাম অতুল চন্দ্ৰ ফুকন।
দেউতাকো এগৰাকী সামৰিক বিষয়া আছিল।
বিজু ফুকন ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত পঢ়া-শুনা কৰিছিল।
১৯৭০ চনত তেওঁ প্ৰথমে ব্ৰজেন বৰুৱা পৰিচালিত জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ ডাঃ বেজবৰুৱাত এটা তেনেই সৰু চৰিত্ৰত অভিনয় কৰি পাছলৈ তেওঁ নিজকে অসমীয়া চলচিত্ৰ জগতৰ এজন বলিষ্ঠ অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷
একেটা বছৰতে নিপ বৰুৱাৰ পৰিচালিত চলচ্চিত্ৰ “বৰুৱাৰ সংসাৰত” নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰে।
ইয়াৰ পাছতে তেখেতে কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি তাৰকা অভিনেতা ৰূপে চিহ্নিত হয়।
ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেখেতে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয় কৰিছে।
আৱাহন থিয়েটাৰ আৰু ভাগ্যদেৱী থিয়েটাৰত তেওঁ অভিনয় কৰিছিল।
বিজু ফুকনে বঙালী ভাষাৰ চলচ্চিত্ৰ, দূৰদৰ্শনৰ বিভিন্ন ছিৰিয়েল, টেলি-নাটক আদিত অভিনয় কৰিছে।
ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচনা কৰা গল্পৰ আধাৰত ‘দেউতা’ নামে এখন ধাৰাবাহিক পৰিচালনা কৰিছিল।
‘ঘাটক’ নামে এখন ভিডিঅ’ চলচ্চিত্ৰ প্ৰযোজনাও কৰিছিল।
বিজু ফুকনে ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ টিকটত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল।
কিন্তু এই নিৰ্বাচনত তেখেত পৰাজিত হৈছিল।
বিজু ফুকনৰ পত্নীৰ নাম আছিল ৰাজশ্ৰী ফুকন।
তেওঁ এগৰাকী চলচ্চিত্ৰ প্ৰযোজিকা আছিল।
তেওঁলোকৰ কন্যা সংঘমিত্ৰা ফুকনও এগৰাকী সফল ফেছন ডিজাইনাৰ আৰু মডেল।
তেখেতে অভিনয় কৰা উল্লেখযোগ্য চলচ্চিত্ৰ সমূহ হৈছে- ডাঃ বেজবৰুৱা, বৰুৱাৰ সংসাৰ, ওপজা সোণৰ মাটি, আজলী নবৌ, ঘৰ-সংসাৰ, বহাগৰ দুপৰীয়া, পিতা-পুত্ৰ, দেউতা দিয়া বিদায়, ৰ’দ্, অগ্নিসাক্ষী, ইমান মৰম কিয় লাগে, ৰজনীগন্ধা,
হেঁপাহ, স্নেহবন্ধন, অচিন চিনাকি।
বঙালী চলচ্চিত্ৰ- অপৰাজিত,
হোটেল শ্বোফক্স, দস্যু ৰত্নাকৰ
গজমুক্তা।
নাটক- সময়, নেতা, কেপ্টেইন গগৈ, ফল্গু, হিয়া ধুৱাই নিলে।
অসমীয়া ছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সদায় চিৰস্মৰণীয় হৈ থাকিব।
২০১৭ চনৰ ২২ নৱেম্বৰ তাৰিখে তেওঁৰ মৃত্যু হয়।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
News Editor Sangita Dutta Reports R News India 24