৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com November 25/2022:-

1. নতুন দিল্লীত লাচিত দিৱসৰ কাৰ্যসূচীৰ আজি অন্তিম দিন।
বীৰ লাচিতৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখী, অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী পিযুষ হাজৰিকা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ তথা দেশৰ প্ৰাক্তন মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈ, লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ আৰু বহু সাংসদ, বিধায়ক সকল।

2. সামৰিক মৰ্যদাৰে গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেৰ শেষকৃত্য সম্পন্ন কৰা হয়।
অসম-মেঘালয়ৰ সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল গৃহৰক্ষী জোৱানজনে।
শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত, আৰক্ষী বিভাগ আৰু বন বিভাগৰ লোকসকল।
বিদ্যাছিং লেকথেৰ বাসভৱনত উপস্থিত হয় লুৰিণজ্যোতি গগৈ।
বিদ্যাছিং লেকথেৰক শ্ৰদ্ধাঞ্জলি জনালে অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে।

3. চীনত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডৰ আক্ৰান্তৰ সংখ্যা।
একেদিনাই ৩১, ৪৪৪ গৰাকী ক’ভিদৰ আক্ৰান্ত হৈছে।

4. বৃদ্ধি পালে বিদ্যুতৰ মাচুল।
প্ৰতি ইউনিটত ৭৯ পইচাকৈ বৃদ্ধি মাচুল।
অনাগত ৩ মাহলৈ বৰ্ধিত হাৰত গ্ৰাহকসকলে আদায় দিব লাগিব মাচুল।
বিজ্ঞপ্তিযোগে সদৰী কৰিলে APDCL এ।

5. “বাংলাদেশ ভাৰতবৰ্ষৰে অভিন্ন অংগ আছিল।
মোৰো বাংলাদেশৰ সৈতে সম্পৰ্ক আছিল, ঘৰ আছিল। এয়া আলোচনাৰ বিষয় হ’ব নালাগে” মন্তব্য কমলাক্ষ দে পুৰকায়স্থৰ।

6. গোলাঘাট এমেচাৰ থিয়েটাৰৰ ১২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস।
১৮৯৫ চনত প্ৰতিষ্ঠা কৰা হৈছিল এই থিয়েটাৰখন।
গোলাঘাটৰ এমেচাৰ থিয়েটাৰ চচাইটিয়ে পালন কৰিলে প্ৰতিষ্ঠা দিৱস।

7. “ভাৰতৰ ইতিহাস কেৱল গোলামীৰ ইতিহাস নহয়, ভাৰতৰ ইতিহাস যোদ্ধা আৰু বিজয়ৰ ইতিহাস”- মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

8. আফ্ৰিকা মহাদেশৰ তাঞ্জানিয়াত লাচিত দিৱস উদযাপন কৰা হয়
তাঞ্জানিয়াত বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰ আৰু ভাৰতীয় উচ্চায়োগৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে লাচিত দিৱস।
অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় উচ্চায়ুক্ত বিনয়া শ্ৰীকান্ত প্ৰধান।

9. Regal India International-২০২২ ত বিশেষ সফলতা অৰ্জন কৰিলে অসমৰ দুই কন্যাই।
দিল্লীত অনুষ্ঠিত হৈছিল এই বিশেষ প্ৰতিযোগিতা।
প্ৰতিযোগিতাখনত খিতাপ অৰ্জন কৰে প্ৰস্তুতি বৰুৱাই।
ইয়াৰোপৰি প্ৰতিযোগিতাত ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিৰ্বাচিত হয় দীপা বড়ো।

10. মৰিগাঁৱৰ মিকিৰভেটাৰ ভেহুগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
একে দিশৰ পৰা অহা দুখন মটৰ চাইকেলৰ মাজত সংঘৰ্ষ।
দুৰ্ঘটনাত থিতাতে নিহত হয় এজনৰ আৰু আহত হয় দুজন যুৱক।
নিহত যুৱকজনৰ নাম ফৰিদুল ইছলাম।
বৰ্তমান আহত দুজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

11. “বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হোৱা দেখা নাই।
‘কা বলৱৎ হ’ব নালাগে’
বাংলাদেশৰ গাওঁ সমূহ দেখি আপোন আপোন ভাৱ আহিছিল”- মন্তব্য বিধায়ক ৰফিকুল ইছলামৰ।

12. আজিৰ পৰা আৰম্ভ হ’ল মাজুলী জেংৰাইচাপৰিত মিউজিক ফেষ্টিভেল।
ফেষ্টিভেলৰ অন্তিম দিনটোত উপস্থিত থাকিব লাকী আলী।
খেৰকটা নদীৰ পাৰৰ মনোমোহা পৰিৱেশত গীত গাব জয় বৰুৱা, মৌচম গগৈয়ে।
এই অনুষ্ঠানত ৬০ৰো অধিক শিল্পীয়ে অংশগ্ৰহন কৰিব।

13. মহানগৰীৰ বেলতলাত এক সজাগতামূলক শোভাযাত্ৰা।
কৰ্মচাৰী ৰাজ্য বীমা নিগম আদর্শ চিকিৎসালয়ত এই কাৰ্যসূচী ৰূপায়ন কৰা হৈছে।
শোভাযাত্ৰাত অংশগ্ৰহণ কৰে চিকিত্‍সক, নাৰ্ছ, কৰ্মচাৰীয়ে।
মহিলাৰ ওপৰত নিৰ্যাতন, শোষণৰ বিৰুদ্ধে এই শোভাযাত্ৰা উলিওৱা হয়।

14. ওদালগুৰি পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদ।
৫৫ মাহে দৰমহাৰ পৰা বঞ্চিত ওদালগুৰি পৌৰসভাৰ কৰ্মচাৰিসকল।
পৌৰ কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সমস্যা পূৰণ কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

15. “হিমন্ত বিশ্ব শৰ্মাই ৫০ শতাংশ বিনামূলীয়া বিজুলী দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।
এতিয়া দাম বৃদ্ধিহে কৰিলে”- মন্তব্য ভূপেন বৰাৰ।

16. GMCH ত ভয়ংকৰ অঘটন।
চিকিৎসালয়ৰ ওপৰ মহলাৰ পৰা পৰি এজন ব্যক্তিৰ মৃত্যু হয়।
মহেশ্বৰ ডেকা নামৰ এগৰাকী ৰোগীৰ সৈতে আছিল ব্যক্তিজন।
চাদৰ পৰা ব্যক্তিজন পৰি যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে GMCH কৰ্তৃপক্ষই।

17. হাইলাকান্দিত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে।
জব্দকৃত টেবলেটখিনিৰ মূল্য প্ৰায় ৫ লাখ টকা।

18. গুৱাহাটী পৌৰ নিগমৰ পৰিকল্পনাহীন কাম-কাজৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিধায়ক তথা গুৱাহাটী উন্নয়ন বিভাগৰ প্রাক্তন মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্য।
খৰালিৰ সময়ছোৱাত মহানগৰীৰ কৃত্রিম বান ৰোধৰ বাবে GMC কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ নকৰি বাৰিষালৈ পেলাই থোৱা কাৰ্যক ক্ষুৰধাৰ সমালোচনা কৰে বিধায়কগৰাকীয়ে।

19. ” অসমৰ ভূমিপুত্ৰসকল আজি নিৰাপত্তাহীন।
মোৰ বিৰুদ্ধে হাজাৰটা কেচ দিলেও কিন্তু মই ভয় নকৰো।”- মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ।

20. গোৱালপাৰাত ধনুভঙাত ভয়ংকৰ অঘটন।
ধান দাবলৈ যোৱা এহাল দম্পতি প্ৰান গ’ল ৰেলৰ খুন্দাত।
নতুন পথেৰে ৰেল চলাচলৰ কথা জনা নাছিল বাবে এই দুৰ্ঘটনা সংঘটিত হয়।

 

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

 

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ। 

 

Leave a Reply

Your email address will not be published. Required fields are marked *