“লুইত কোঁৱৰ” ৰুদ্ৰ বৰুৱাৰ জীৱনযাত্ৰাঃ
ৰুদ্ৰ বৰুৱাৰ জন্ম ১৯২৬ চনৰ ২৬ নৱেম্বৰত নগাঁও জিলাৰ ভীমৰ গাঁৱত হৈছিল।
তেখেত একাধাৰে গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক আৰু অভিনেতা আছিল।
তেওঁৰ দেউতাকৰ নাম আছিল বৰদাকান্ত বৰুৱা আৰু মাতৃৰ নাম আছিল হীৰালতা বৰুৱা।
ৰজাঘৰীয়া খিতাপ পোৱা কঁহাল বাখৰ বৰুৱাৰ পৰিয়ালৰ বংশধৰ হিচাপে তেওঁলোকৰ পৰিচয় আছিল।
ৰুদ্ৰ বৰুৱা সৰু হৈ থাকোঁতেই তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল।
ৰুদ্ৰ বৰুৱাই মিকিৰহাট প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল।
১৯৪৫ চনত তেওঁ ৰাধাকান্ত বৰুৱা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।
ৰুদ্ৰ বৰুৱাৰ ঘৰৰ ওচৰতে থকা নামঘৰটোত তেওঁ বিভিন্ন ভাওনা,নাম-প্ৰসংগ আদি দেখি আহিছিল তেতিয়াই অসমীয়া লোক সংগীতৰ সুৰৰ প্ৰতি মোহ ওপজিছিল।
সময় পালেই তেওঁ সত্ৰলৈ গৈ গোঁসাই মহন্ত ভকতসকলৰ ওচৰত বহি গীত মাতৰ চৰ্চা কৰিছিল।
মাকৰ লগতে বিভিন্ন মহিলাৰ মুখত শুনিবলৈ পোৱা আইনাম, ধাইনাম আদিয়ে তেওঁক অভিভূত কৰিছিল।
উচ্চশিক্ষা আহৰণ আৰু জীৱিকাৰ সন্ধানৰ বাবে ৰুদ্ৰ বৰুৱাই শ্বিলঙলৈ যায়।
তাত তেওঁ ৰেচম বিভাগত চাকৰি কৰিবলৈ আৰম্ভ কৰে।মাণিক হাজৰিকা, পদ্মাৱতী হাজৰিকা, হেম হাজৰিকা আদিৰ সহযোগত ৰুদ্ৰ বৰুৱা এসময়ত শ্বিলঙতে থাকিবলৈ লয়।
তেওঁ দিনত চাকৰি কৰে আৰু নিশা ছেইণ্ট এন্থনী কলেজত পঢ়ে।
এনেকৈয়ে তেওঁ ১৯৫১ চনত স্নাতক ডিগ্ৰী লাভ কৰে।
শ্বিলঙৰ অনাঁতাৰ কেন্দ্ৰৰ পৰা তেখেতৰ গীত প্ৰচাৰ হ’বলৈ ধৰিলে।
শ্বিলঙত থকা সময়তে ৰুদ্ৰ বৰুৱাৰ দ্বাৰা সুৰাৰোপিত হৈছিল এটি চিৰযুগমীয়া গীত।
গীতটি আছিল ‘কলৰে পাততে কাউৰী পৰে’।
গীতটি লিখিছিল কেশৱ মহন্তই তেওঁ শিশু কণ্ঠশিল্পী খগেন মহন্তকো শিকাই-বুজাই গানটো গোৱাবলৈ চেষ্টা কৰিলে।
ৰুদ্ৰ বৰুৱাৰ ওচৰত সংগীত-শিক্ষা গ্ৰহণ কৰি খগেন মহন্তই কটন কলেজত অনুষ্ঠিত হোৱা সদৌ অসম সংগীত সন্মিলনীত সেই গীতটো পৰিৱেশন কৰে আৰু শ্ৰোতাৰ দ্বাৰা বিপুল সমাদৰ লাভ কৰে।
পাছত তেওঁ গীতটো কলিকতালৈ গৈ বাণীবদ্ধ কৰে।
মুক্তিলাভৰ পাছতেই গীতটিয়ে সমগ্ৰ অসমতে জনপ্ৰিয়তা অৰ্জন কৰে।
গীতটো আজিৰ তাৰিখতো সমানেই জনপ্ৰিয়।
ৰুদ্ৰ বৰুৱাৰ গীতত অসমৰ সাতামপুৰুষীয়া বিহু গীত, বনঘোষা, আইনাম, বিয়ানাম, বৰগীত, থলুৱা গীতসমূহৰ সুৰৰ স্বতঃস্ফূৰ্ত প্ৰভাৱ পৰিছিল।
গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ জ্ঞানদা কাকতী আৰু জ্যোতিমৰ্য় কাকতীৰ দ্বৈত কণ্ঠত ‘লুইতৰ পাৰত দুটি ফুল বনৰীয়া’, ‘চ’তৰ চাপৰিত চাকৈয়ে চিঞৰে চকোৱা চৰতে নাই’ ৰুদ্ৰ বৰুৱাৰ ৰচনা আৰু সুৰৰ অতি মনপৰশা দুটি বনগীত আছিল।
তেওঁৰ ভালেকেইটা গীতত গায়ক খগেন মহন্তই কণ্ঠদান কৰিছে।
ৰুদ্ৰ বৰুৱা ৰচিত গীতত শিল্পীগৰাকীয়ে নিজে কণ্ঠদান কৰাৰ বাহিৰে খগেন মহন্ত, অৰ্চনা মহন্ত, দিপালী বৰঠাকুৰ, অণিমা ভট্টাচাৰ্য, নীলিমা খাতুন আদি স্বনামধন্য শিল্পীয়ে কণ্ঠ নিগৰাইছিল।
তেওঁৰ গীতবোৰ হাৰমনিয়াম আৰু তবলাযোৰেৰে পৰিবেশন কৰিছিল।
তেখেতৰ গীতবোৰ ‘ৰুদ্ৰ বৰুৱাৰ গীত’ নামেৰে জনা যায়।
তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য গীত সমূহ হৈছে-
অ’ তুলতুল অ’ বুলবুল অ’ সেউটি তৰা, তাঁতৰ দোৰেপতি চলায় ঘনেপতি, অ’ হেৰা জেতুকী বাই, বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা, পকা ধানৰ মাজে মাজে, কলৰে পাততে কাউৰী পৰে, কাষত কলচী হালি জালি কোন মেনকা আহে, হাল বাওঁ মই হালোৱা, জোনধন জোনালীতে,বৰষুণৰ বতৰত ইত্যাদি।
‘কল্লোল’ চলচ্চিত্ৰত তেওঁ সংগীত পৰিচালক আছিল।
তেখেতক অসমীয়া চলচ্চিত্ৰ আৰু অসমৰ সংগীতসমূহলৈ আগবঢ়োৱা অৱদানৰ বাবে “লুইত কোঁৱৰ” উপাধিৰে জনা যায়।
“কলংপৰীয়া গীতিকাৰ” তেখেতৰ অন্য এটা জনপ্ৰিয় উপাধি।
তেওঁ সাংস্কৃতিক জগতখনলৈ যিখিনি অৱদান আগবঢ়াই থৈ গল তাৰ বাবে তেওঁ সদায় চিৰস্মৰণীয় হৈ থাকিব।
১৯৮০ চনৰ ১৪ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হয়।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
News Editor Sangita Dutta R News India 24