৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com November 30/2022:-

1. খানাপাৰাত ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান।
২০২২ চনৰ HSত অৰ্হতাসহ উত্তীৰ্ণসকলক প্ৰদান কৰা হয় স্কুটাৰ।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, বন আৰু সংৰক্ষণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষিমন্ত্ৰী অতুল বৰা, বিধায়ক মানৱ ডেকা, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰক্ম গোঁহাই লগতে ৰাজ্য চৰকাৰৰ বিষয়া সকল।
‘স্নাতকোত্তৰ অধ্যয়নৰত সকলো শিক্ষাৰ্থীয়ে পাব প্ৰতিমাহে ১০০০কৈ টকা।
শীঘ্ৰে ইয়াৰ বাবে এটা নতুন পৰ্টেল খোলা হ’ব’- ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ।

2. লন বল খেলুৱৈ নয়নমণি শইকীয়ালৈ ২০২২ বৰ্ষৰ অৰ্জুন বঁটা।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে প্ৰদান কৰিলে এই সন্মান।

3. চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেবিনৰ দেহাৱসান।
মৃত্যুৰ সময়ত তেখেতৰ বয়স ৯৬ বছৰ।

4. কাইলৈ পুৱা ১০.৩০ বজাত অস্ত্ৰোপচাৰ কৰা হ’ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আনন্দ শৰ্মাৰ।
‘ডিব্ৰুগড়তে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা কৰা হ’ব অস্ত্ৰোপচাৰ।
আনন্দ শৰ্মাক বহিঃৰাজ্যলৈ নিলে সহায় কৰিব চৰকাৰে’।
বৰঝাৰ বিমান বন্দৰত এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

5. “ইন্ধনচালিত স্কুটাৰৰ বিপৰীতে অহা বছৰৰ পৰা শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব বৈদ্যুতিক স্কুটাৰ”- মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

6. ৰেগিং কাণ্ডক লৈ কঠোৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ।
DUৰ মুঠ ৫জন ৱাৰ্ডেনক অব্যাহতি দিয়া হৈছে।
৪ জন ছাত্ৰক ৩ বছৰৰ বাবে বহিষ্কাৰ কৰে।
ছাত্ৰকেইজন হৈছে- গালব ডেকা, কমলেশ্বৰ চুতীয়া, মৌচম ফুকন, পুছেন খাম বৰুৱা।
দেশৰ কোনো শিক্ষানুষ্ঠানতে নামভৰ্তি কৰিব নোৱাৰিব বহিষ্কৃত ৪ জন ছাত্ৰই।

7. “তৰুণ গগৈৰ মৃত্যুত মই দুদিন কান্দিছিলো।
মই সকলোকে দেখাকৈ কান্দিছিলো।
ভূপেন বৰাই যিদিনাৰ পৰা দায়িত্ব লৈছে সেইদিনাৰ পৰা কংগ্ৰেছ শূন্য”- মন্তব্য বদৰুদ্দিন আজমলৰ।

8. অৰুণোদয়ৰ ধন লাভ নকৰা মহিলাৰ বাবে ভাল খবৰ।
৭ জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ বাবে কৰিব পাৰিব আবেদন।
এইবাৰ নতুনকৈ ১০ লাখ মহিলাক অন্তভূক্ত কৰোৱা হব
অৰুণোদয় আঁচনিত।

9. সামাজিক উন্নয়নৰ দিশত অতুলনীয় অৱদান আগবঢ়োৱা অন্যতম ব্যক্তিত্ব, প্ৰখ্যাত ৰাজনীতিবিদ ভীমবৰ দেউৰীদেৱৰ আজি ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকী।
ধেমাজিৰ শ্ৰীপাণি উঃ মাঃ বিদ্যালয়ত আয়োজন কৰা হৈছে ভীমবৰ দেউৰী দিৱস।
উক্ত অনুষ্ঠানত অংশগ্ৰহন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ লগতে বহু গন্য মান্য ব্যক্তি।
অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় জাতি – জনগোষ্ঠীৰ বাৰেৰহনীয়া কৃষ্টি।

10. “আনন্দ শৰ্মাৰ ৰেগিঙৰ সৈতে জড়িত আছিল বিশ্ববিদ্যালয়ৰ সাঃ সম্পাদক অংকুৰ বৰা”- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাৰ বিস্ফোৰক ভাষ্য।

11. তিতাবৰৰ জালুকনীত আৰক্ষীৰ গুলীচালনা।
আৰক্ষীৰ গুলীত আহত হয়
ৰাহুল দাস ওৰফে প্ৰাঞ্জল দাসৰ।
ডকাইতটোক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতেই গুলীচালনা কৰে।
লামডিঙৰ পৰা আহি থকা অৱস্থাত এই ঘটনা সংঘটিত হৈছে।

12. কৰ্ণাটকত বমি আৰু পেটৰ অসুখত ভুগি থকা লোকজনক অস্ত্ৰোপচাৰ কৰোঁতে চিকিৎসকে পালে ১৮৭টা খুচুৰা পইচা।
বিগত ২-৩ মাহমানৰ পৰা দৈনিক খুচুৰা পইচা গিলি আহিছিল মানসিকভাৱে বিকাৰগ্ৰস্ত লোকজনে।
অৱশেষত ৰোগীজনৰ পেটৰ পৰা চিকিৎসকে উলিয়াবলৈ সক্ষম হয় ৫৬টা ৫টকীয়া মুদ্ৰা, ৫১টা দুটকীয়া মুদ্ৰা আৰু ৮০টা এটকীয়া মুদ্ৰা।
কৰ্ণাটকৰ বাগালকোটত সংঘটিত হৈছে এই ঘটনা।

13. জামুগুৰিহাটত ২০ কেজি গাঞ্জাসহ জালত পৰিল সৰবৰাহকাৰী আহাৰ আলী।
মাজবাটৰ পৰা বিক্ৰীৰ বাবে গাঞ্জা আনিছিল জামুগুৰিহাটলৈ।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা অভিযানত আটক কৰে সৰবৰাহকাৰীটোক।

14. ‘২০২৫ত BTCত হ’ব বিজেপিৰ চৰকাৰ, বিজেপিৰ নেতৃত্বতে BTCত হ’ব চৰকাৰ”- মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ।

15. কৰিমগঞ্জত গ্ৰেপ্তাৰ হ’ল ৰামকৃষ্ণনগৰ থানাৰ ASI ধীৰেন্দ্ৰ নাথ।
নাবালিকাৰে অশ্লীল বাৰ্তালাপৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় আৰক্ষী বিষয়া গৰাকীক।
নাবালিকাগৰাকীৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে বিষয়াজনক।

16. নগাঁৱত উৰিয়া গাওঁ বাইপাছ চ’কত AJYCP আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদ।
৬ দফীয়া দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ।

17. মিজোৰামত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটে জব্দ কৰে।
আসাম ৰাইফলছ-আবকাৰী বিভাগৰ অভিযানত জব্দ কৰা হয় টেবলেটসমূহ।
জব্দ কৰা হৈছে ১০ হাজাৰ ফটামাইন টেবলেট।
জব্দকৃত টেবলেট খিনিৰ মূল্য প্ৰায় ৩ কোটি ৩৩ লাখ টকা।

18. বঙাইগাঁৱত গ্ৰেপ্তাৰ হয় দুই ড্ৰাগছ সৰবৰাহকাৰী।
ধৃত সৰবৰাহকাৰী দুটা হৈছে মহম্মদ তাজ আৰু বিশু দৈমাৰী।
নিশা নিউ বঙাইগাঁৱৰ জেলকাজাৰ পৰা আটক দুয়োকে।
দুয়োৰে জিম্মাৰ পৰা উদ্ধাৰ প্ৰায় দুই লাখ টকা মূল্যৰ ড্ৰাগছ।
গুৱাহাটীৰ পৰা অনা হৈছিল ড্ৰাগছখিনি।

19. বিজয় হাজাৰে ট্ৰফীৰ ছেমি ফাইনেলত পৰাস্ত টীম অসম।
ছেমি ফাইনেলত মহাৰাষ্ট্ৰৰ হাতত পৰাস্ত হ’ল অসম। অসমৰ বিৰুদ্ধে ১২ ৰানত জয়ী মহাৰাষ্ট্ৰ।
প্ৰথমে বেট ধৰি ৩৫১ৰানৰ লক্ষ্য বান্ধি দিছিল অসমক।
নিৰ্ধাৰিত অভাৰত ৮ উইকেট হেৰুৱাই ৩৩৮ ৰান সংগ্ৰহ অসমৰ।

20. কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক ‘ফ্লপ চিনেমা’ আখ্যা দিছে বিধায়ক মানৱ ডেকাই।
‘নিজৰ দলৰ নেতাকে এই যাত্ৰাত জড়িত কৰিব পৰা নাই’- ভাৰত জোড়ো যাত্ৰাক লৈ সমালোচনা মানৱ ডেকাৰ।

 

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।

News Editor Sangita Dutta R News India 24

News Editor Sangita Dutta R News India 24 

 

Leave a Reply

Your email address will not be published. Required fields are marked *