বক্তৃতা প্ৰসংগত ড॰ লীলা গগৈয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়।
১৯৮১ চনত শিৱসাগৰ জিলাৰ চৰাইদেউত চ্যুকাফা দিৱস পতা হয় আৰু তেতিয়াৰ পৰা কেইবাটাও জাতীয় সংগঠনে এই দিনটো ‘চ্যুকাফা দিৱস’ হিচাপে স্বীকৃতি দিবৰ বাবে দাবী জনায়।
১৯৮৭ চনত ড॰ লীলা গগৈ, পদ্ম বৰকটকী আৰু ড॰ ধ্ৰুৱজ্যোতি বৰাই ১ মাৰ্চৰ ‘আজিৰ সময়’ কাকতত চ্যুকাফাৰ বিষয়ে বিভিন্ন লেখা লিখি সেই সংখ্যাটো চ্যুকাফা সংখ্যা হিচাপে প্ৰকাশ কৰি উলিয়ায়।
১৯৮৭ চনৰ ২ ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত জজ খেল পথাৰত চ্যুকাফা দিৱস আয়োজন কৰা হয় আৰু তাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।
তেখেতেই চ্যুকাফা দিৱসক ‘অসম দিৱস’ হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে।