৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com December 4/2022:-

1. জালুকবাৰী বিধানসভা সমষ্টিৰ বিধায়কৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰিক্ষাৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্দ্ধনা তথা বৃত্তি প্ৰদান অনুষ্ঠান।
১,৯৭৫ গৰাকী কৃতী ছাত্র-ছাত্রীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
উক্ত সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰিণিকি ভূঞা শৰ্মা, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্ত, অসম পৰিচালনা প্ৰতিষ্ঠানৰ প্ৰাক্তন অনুষদ গৌৰাংগ শৰ্মা।Himanta Biswa Sarma

2. আজি সামৰণি পৰিল আউনীআটী সত্ৰৰ নামঘৰ সমাৰোহ।
বৰ্ণিল সত্ৰীয়া সংস্কৃতিৰে উদ্ভাসিত উত্তৰ গুৱাহাটী।
হাজাৰ, হাজাৰ ভকত বৈষ্ণৱৰ হৰিনামেৰে মুখৰিত হৈ আছিল উত্তৰ গুৱাহাটী।
আজি সামৰণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা কৃষ্ণ ভক্তিৰ জোৱাৰে আমাক অনুপ্ৰাণিত কৰে।
‘মহাপুৰুষজনাই আমাক দি যোৱা সংস্কৃতিৰ অবিহনে অসমীয়া জাতিৰ পৰিচয় সীমিত’।
নামঘৰ সমাৰোহত অংশগ্ৰহণ কৰি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

3. ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব মাজুলী-লখিমপুৰ সংযোগী দলংখন।
১১ ডিচেম্বৰত ভূমিপূজন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
মাজুলীত ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে।
হাৰিয়ানাৰ SP Singla নামৰ প্ৰতিষ্ঠানটোক দিয়া হৈছে ঠিকা।
খেৰকটা আৰু সোৱণশিৰি নৈৰ ওপৰেদি হ’ব দলংখন।

4. বিধায়ক পদ্ম হাজৰিকাক ‘ভৰলী কোঁৱৰ’ উপাধি প্ৰদান৷
জামুগুৰিহাটত ১০ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত নদুৱাৰ প্ৰেছ ক্লাৱে বিধায়কগৰাকীক এই সন্মান প্ৰদান কৰে।
এই কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক য়েচে দৰজে ঠেংচি, DGP ভাস্কৰজ্যতি মহন্ত আৰু বহু গন্য মান্য ব্যক্তি।

5. মাজুলীত টেট শিক্ষকক ধমক দিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
মিছা কথা কোৱা বাবে ধমক দিয়ে।
কামত ফাঁকি দি দৰমহা লোৱা শিক্ষকৰ উচটনিত অভিযোগ নিদিবলৈ সকীয়নি শিক্ষামন্ত্ৰী গৰাকীৰ।

6. ‘লাচিত বৰফুকনক ৰাজনৈতিক দলৰ চাৰ্টিফিকেট নালাগে, জাতীয় বীৰজনক শ্ৰদ্ধা যাচিব বিচাৰিলে ৰক্ষা কৰক অসমৰ মাটি৷ মেঘালয়, মিজোৰামৰ পৰা সুৰক্ষিত কৰক অসমৰ সীমা, যুৱ-প্ৰজন্মৰ মাজত গঢ়ি তোলক কৰ্ম-সংস্কৃতি’- মন্তব্য সাংসদ গৌৰৱ গগৈৰ।

7. নাগালেণ্ডৰ অ’টিং হত্যাকাণ্ডই আজি এটা বছৰ পাৰ কৰিলে।
ন্যায়ৰ আশাত বন্দী ১৪টাকৈ পৰিয়াল।
নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছিল ১৪ পৰিয়ালৰ সদস্য। আজি ক’লা দিন পালন কৰে অ’টিংবাসীয়ে।

8. আজি দিল্লী পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ।
২৫০ টা ৱাৰ্ডত অনুষ্ঠিত হ’ব MCDৰ ভোটগ্ৰহণ।
পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ হয় ভোটগ্ৰহণ।

9. বৰ্তমানো সন্ধান নাই DUৰ ৰেগিং কাণ্ডৰ মাষ্টাৰমাইণ্ড ৰাহুল ছেত্ৰী।
গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ডিব্ৰুগড় আৰক্ষী।

10. নগাঁৱৰ নাৰমাৰীত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে এটা দুৰ্ধৰ্ষ ডকাইতক।
হস্তনিৰ্মিত পিষ্টল, দুজাঁই সক্ৰিয় গুলীসহ গ্ৰেপ্তাৰ কৰে ডকাইতটোক।
ধৃত মফিজুল ইছলামৰ পৰা জব্দ কৰে ১ লাখ ৪০ হাজাৰ টকা।

11. বিহাৰৰ পৰা গুৱাহাটীলৈ অনা হ’ল ধৃত ঠিকাদাৰ মিঠু আগৰৱালাক।
CM ভিজিলেন্সত উপস্থিত হৈ আদালতত হাজিৰ আগৰৱালা।
বিহাৰৰ চুপলৰ ত্ৰিৱেণীগঞ্জত গ্ৰেপ্তাৰ কৰিছিল আগৰৱালাক।

12. ডিচেম্বৰৰ শীত নামিছে, আৰম্ভ হ’ল পিকনিকৰ বতৰ।
বনভোজৰ বাবে মুকলি কৰা হ’ল ভৈৰৱকুণ্ড।
ওদালগুৰি সমষ্টিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ভৈৰৱকুণ্ডৰ বনভোজস্থলীখন।

13. ৮ ডিচেম্বৰত মৰিগাঁওত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ১১টা আধাৰশিলা।
৯১০ কোটি টকা ব্যয় সাপেক্ষে মুকলি হ’ব ১১ টা প্ৰকল্প।
ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

14. মহানগৰীৰ বৰ্ষাপাৰাৰ ছাউথ পইণ্ট স্কুলত বছৰেকীয়া সাংস্কৃতিক অনুষ্ঠান।
বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠানত প্ৰদৰ্শন কৰে বিভিন্ন কলা-সংস্কৃতি।
সাংস্কৃতিক অনুষ্ঠানৰ মাজতে পাৰদৰ্শিতা দেখুওৱা শিক্ষাৰ্থীক বিশেষ বঁটা প্ৰদান কৰা হয়।
সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে CBSEৰ প্ৰাক্তন সঞ্চালক কে কে চৌধুৰী।

15.মহানগৰীত গ্রেপ্তাৰ কৰা হয় ৫ নকল সোণ সৰবৰাহকাৰীক।
বশিষ্ঠ চাৰিআলিৰ পৰা গ্রেপ্তাৰ কৰে ৫ সৰবৰাহকাৰীক।
ধৃত দুজনৰ ঘৰ ঝাড়খণ্ডত, দুজন লখিমপুৰ আৰু এজন বৰপেটা বুলি জানিব পৰা গৈছে।

16. দেৰগাঁও আৰক্ষীৰ জালত পৰিল দুখন বিলাসী বাহনসহ আটক কৰে গৰুচোৰ।
ওপৰ টেমেৰাত খেদি খেদি আটক কৰে বাহনসহ দুই গৰু চোৰক ।
বিলাসী বাহন ভাঙি চুৰমাৰ কৰিলে উত্তেজিত ৰাইজে।
এমাহ ধৰি দেৰগাৱৰ পৰা চুৰি শতাধিক গৰু।

17. গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ব চলচ্চিত্ৰম্ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ।
৫, ৬ জানুৱাৰীত অনুষ্ঠিত হব এই চলচ্চিত্ৰ মহোৎসৱ।
অংশ ল’ব লছ এঞ্জেলছ নিবাসী ভাৰতীয় চিনেমা পৰিচালক তথা বিখ্যাত ছবি ‘এ নোমাদ ৰীভাৰ’ৰ পৰিচালক আদিত্য পট্টৱৰ্ধন।

18. ৰাহুল চেত্ৰীৰ সম্ভেদ দিওঁতাক সুৰঞ্জন দত্তই দিব ৫০হাজাৰ টকা।
ডিব্ৰুগড়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত আছিল ৰাহুল চেত্ৰী।
বৰ্তমানলৈ আৰক্ষীয়ে শুংসূত্ৰ উলিয়াব পৰা নাই বিতৰ্কিত ছাত্ৰ নেতাজনৰ।

19. শোণিতপুৰৰ অকাবস্তিত ড্ৰাগছবিৰোধী অভিযান।
চাৰিদুৱাৰ আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে ৪ জন সৰবৰাহকাৰীক।
উদ্ধাৰ কৰে ৭১টা ড্ৰাগছভৰ্তি কণ্টেইনাৰত ১৪ গ্ৰাম হেৰ’ইন।
জব্দকৃত হেৰ’ইনখিনিৰ মূল্য প্ৰায় ৩ লাখ টকা।

20. “এমাহৰ ভিতৰতACS-APSত ওলাব ৭০০ নতুন পদ।
কীৰ্তি জল্লী IAS হ’ব পাৰিলে আমাৰ ল’ৰা -ছোৱালীও হ’ব পাৰিব।”- মন্তব্য মু্খ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ। 

 

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *