৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com December 5/2022:-
1. বঙাইগাঁও ‘বিকাশৰ দিশে এপষেক’ শীৰ্ষক কাৰ্যসূচী।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্য মান্য ব্যক্তি।
আজি প্ৰথম দিনটোত উত্তৰ বঙাইগাঁও ষ্টেডিয়ামত কেইবাটাও আঁচনি মুকলি কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।
আজি শুভাৰম্ভ কৰা প্ৰকল্প সমূহৰ ব্যয় প্ৰায় ৬৯৩. ২৯ কোটি টকা।
2. আজি গুজৰাটত দ্বিতীয় তথা চূড়ান্ত পৰ্যায়ৰ ভোটগ্ৰহণ।
১৪খন জিলাৰ ৯৩টা সমষ্টিত নিৰ্ণয় হ’ব ৮৩৩ প্ৰাৰ্থীৰ ভাগ্য।
গৃহ ৰাজ্যত আজি ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
3. ঢকুৱাখনাত সৰিয়হ খেতিয়কৰ বাবে সুখবৰ।
যতীন দত্ত নামৰ লোকজনে নিজাকৈ গঢ়ি তুলিছে ‘অসম ধাৰা’ নামৰ মিঠাতেলৰ উদ্যোগ।
উদ্যোগটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰিলে বিধায়ক নৱ কুমাৰ দলেয়ে।
4. DU ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছে।
আদালতত হাজিৰ কৰাৰ পিছত ৫ দিনৰ বাবে জিম্মাত বিচাৰিছিল আৰক্ষীয়ে।
অধিক তদন্তৰ বাবে জিম্মাত লৈছে আৰক্ষীয়ে।
আদালতৰ পৰা ডিব্ৰুগড় সদৰ থানালৈ অনা হৈছে ৰাহুল ছেত্ৰীক।
5. মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰিলে যোগীঘোপাৰ কাবাইটাৰী মাৰ্কাজুল মা আৰিফ ও ক্কাৰিয়ানা মাদ্ৰাছা।
মুখ্যমন্ত্ৰীক আদৰণী জনালে যোগীঘোপাবাসীয়ে।
মাদ্ৰাছা শিক্ষক জেহাদী কাৰ্যকলাপত জড়িত থকাৰ বাবে ৩১ আগষ্টত উচ্ছেদ চলোৱা হৈছিল মাদ্ৰাছাখনত।
6. আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল মৰাণ স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যালয়৷
তিনিচুকীয়াৰ বৰগুৰিত কাৰ্যালয় গৃহ মুকলি কৰিলে শদিয়াৰ বিধায়ক বলিন চেতিয়াই৷
7. অসম সাহিত্য সভাৰ কৰ্মচাৰীৰ প্ৰতিবাদ।
পুৱা ১০ বজাৰ পৰা গুৱাহাটীত অনিৰ্দিষ্টকাললৈ অৱস্থান ধৰ্মঘট।
৬ মাহে দৰমহা পোৱা নাই কৰ্মচাৰীসকলে।
অন্যথা সভাৰ অধিৱেশনকে ধৰি সকলো কাৰ্যসূচীত অংশ নোলোৱাৰ সিদ্ধান্ত কৰ্মচাৰীসকলৰ।
8. পুনৰ দুৰ্নীতিৰ অভিযোগত লখিমপুৰত গ্ৰেপ্তাৰ হয় ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী।
উচ্চ বৰ্গৰ সহায়ক নন্দন বৰাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
উচ্চ বৰ্গৰ সহায়ক আছিল নন্দন বৰা।
ৰাজহ চক্ৰ বিষয়াৰ অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হয় কৰ্মচাৰীজনক।
জালিয়াতিৰে ধন সৰকোৱাৰ অভিযোগ নন্দন বৰাৰ বিৰুদ্ধে।
9. কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ প্ৰসংশনীয় পদক্ষেপ।
আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰায় ৩৫০০গৰাকী শিক্ষাৰ্থীক শুভেচ্ছাৰ লগতে কিতাপ প্ৰদান কৰে।
10. আলফা (স্বাঃ)ৰ শিবিৰত মৃত্যু নতুনকৈ যোগদান কৰা সদস্য যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসমৰ।
দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল দীপক অসম।
মহানগৰীৰ নুনমাটি কেন্দুগুৰিৰ শিৱশৰ্মাৰ পুত্ৰ আছিল ওৰফে প্ৰাইভেট দীপক অসম।
বৰ্তমান মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।
11. সুকণ্ঠী গায়িকা ড° অনিমা চৌধুৰীলৈ “আইদেউ সন্দিকৈ বঁটা ২০২২ ” ।
আইদেউ সন্দিকৈ স্মৃতিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বঁটা।
12. গুৱাহাটী ষ্টেশ্যনত পুনৰ বৃহত্ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে।
ৰে’লত উঠাবলৈ লওঁতেই জব্দ ৩ বেগ গাঞ্জা।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অকি মাকা নামৰ সৰবৰাহকাৰীটোক।
13. মহানগৰীৰ বশিষ্ঠৰ অমৃতনগৰ নেপালীবস্তিত বিধ্বংসী অগ্নিকাণ্ড।
জুইত জাহ গ’ল বহুকেইটা বাসগৃহ, জাহ গ’ল লক্ষাধিক টকাৰ সা-সম্পত্তি ।
চিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
14. নগাঁৱৰ কঠীয়াতলীত ড্ৰাগছ বিৰোধী অভিযান।
কঠীয়াতলীৰ টুবুকী গ্ৰান্টত অভিযান চলাই আৰক্ষীয়ে ১৬ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ, মোবাইল ফোন জব্দ কৰে।
লগতে আটক কৰে ৰজব আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক।
15. জলপাইগুৰি আৰক্ষীৰ অভিযান।
বিনাগুৰি আৰক্ষী চকীৰ তালাচীত ৯৩.৮৬ টকা জব্দ কৰে।
ধন সৰবৰাহকাৰী ৫ জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
বিহাৰৰ পৰা অসমলৈ সৰবৰাহ কৰা হৈছিল টকাখিনি।
16. কাছাৰৰ ধলাই মনিয়াৰখাল চাহ বাগিচাত ভয়ংকৰ ঘটনা।
প্ৰেমিকক শাস্তি প্ৰেমিকাৰ পৰিয়ালৰ।
কাচৰ বটল ভাঙি প্ৰেমিকৰ শৰীৰত আঘাত কৰে।
ক্ষত-বিক্ষত শৰীৰত নিমখ, জলকীয়া লগাই দিয়াৰো অভিযোগ উথাপন হৈছে।
SMCHত জীৱন-মৃত্যুৰে যুঁজি আছে প্ৰেমিক অশোক ৰবিদাসে।
প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়।
17. ডিব্ৰুগড়ৰ দুটা স্থানত আৰক্ষীৰ অভিযানত উৎখাত জুৱাৰ ঘাটি।
আৰক্ষীয়ে জব্দ কৰে কেইবাখনো বাহন।
অভিযান চলাই নগদ ২১,১০০ টকা জব্দ কৰাৰ লগতে ৮ জন জুৱাৰী আটক কৰে।
18. মৰিগাঁৱৰ বৰিগাঁৱত আমিৰ আলী নামৰ লোকজনক আটক কৰে আৰক্ষীয়ে।
আমিৰ আলীৰ ঘৰ গুৱাহাটীৰ পাঞ্জাবাৰীত।
ৰঞ্জিৎ বৰাৰ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত মৰিগাঁও সদৰ আৰক্ষীয়ে আটক কৰে আমিৰক।
19. চাংসাৰিত দিন ডকাইতিৰ ঘটনা।
আৰক্ষীৰ বেশত অহা দুৰ্বৃত্তই লুটিলে ধন।
ৰঞ্জিত নাথ আামৰ লোকজনৰ পৰা দুৰ্বৃত্তই লুটিলে ৩১ লাখ টকা।
FCI ৰ গুদামৰ সন্মূখত সংঘটিত হৈছে এই ঘটনা।
এখন বলেৰ’ত ৰঞ্জিত নাথে আনিছিল টকাখিনি।
ট্ৰাকখনৰ ভাড়া দিবলৈ আনিছিল টকাখিনি।
20. বোকাজানৰ লহৰীজানত আৰক্ষীৰ অভিযান।
আৰক্ষীয়ে এখন টাটা মেজিকৰ পৰা ৫১১ গ্ৰাম ড্ৰাগছ জব্দ কৰে।
এই ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা হব বুলি জানিব পৰা গৈছে।