৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com December 7/2022:- 

1. ‘বিকাশৰ বাবে এটা পষেক’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত তামুলপুৰ জিলাত মুঠ ৯৬১.৭৬৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হবলগীয়া কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অসম সমবায় এপেক্স বেংকে গৌৰৱোজ্জ্বল ৭৫ বছৰত আজি ভৰি দিলে।
হীৰক জয়ন্তী উপলক্ষে মহানগৰীৰ লোকনিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত বিশেষ উদ্বোধনী অনুষ্ঠান।
উক্ত অনুষ্ঠানত এপেক্স বেংকত ১০০ গৰাকী কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, জয়ন্ত মল্লবৰুৱা, নন্দিতা গাৰ্লোছা, বেংকৰ অধ্যক্ষ তথা বিধায়ক বিশ্বজিৎ ফুকন, উপাধ্যক্ষ গৌতম বৰা আৰু বেংকৰ অন্যান্য বিষয়াসকল ।

2. সাহিত্যিক হোমেন বৰগোহাঞিৰ আজি ৯১ সংখ্যক জন্মবাৰ্ষিকী।
কেবিনেটৰ সিদ্ধান্তমৰ্মে কলাক্ষেত্ৰত বিশেষ অনুষ্ঠান।
তেখেতৰ জন্মদিনৰ উপলক্ষ্যে ৰাজ্যৰ ২৩ গৰাকী সাহিত্যিকলৈ পেঞ্চন আগবঢ়োৱা হৈছে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰে শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে।Ranoj Pegu
অনুষ্ঠানত শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্ত, বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ লগতে শিক্ষা বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

3. ৰাজ্যৰ চিকিৎসা খণ্ডত এক নতুন সংযোজন।
গোলাঘাটৰ বগৰীজানত ১৫০ বিঘা ভূমিত ৬৩১.৮২ কোটি টকা ব্যয়ৰে নির্মাণ কৰা হৈছে চিকিৎসা মহাবিদ্যালয়।
৯ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

4. আজি ভাৰতীয় সহস্ৰ সেনা বাহিনীৰ ফ্লেগ দে।
ৰাজভৱনৰ দৰবাৰ হলত ফ্লেগ দে উপলক্ষে ‘At Home’ শীৰ্ষক অনুষ্ঠান।
অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যপাল জগদীশ মুখী, ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন বিষয়া সকলে ।

5. সুস্থ হৈ উঠিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা।
আজি আনন্দক ICUৰ পৰা কেবিনলৈ স্থানান্তৰ কৰিলে চিকিৎসালয় কৰ্তৃপক্ষই।
আনহাতে ২৫ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে বিশ্ববিদ্যালয়ৰ উচ্চস্তৰীয় কমিটীৰ প্ৰতিবেদন দাখিলৰ সময়সীমা।

6. “অসমীয়াৰ মান ৰক্ষা কৰিবলৈ লাচিতে মোমায়েকক কাটিছিল।
এতিয়া মামাই অসমীয়াৰ মান বেচিছে”- মন্তব্য ভূপেন বৰাৰ।

7. অসমৰ বিশিষ্ট নাট্যকাৰ-পৰিচালক, নাট্যভূষণ অৰ্পণ বেজবৰুৱাৰ দেহাৱসান।
আজি পুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত পৰলোক প্ৰাপ্তি ঘটে বেজবৰুৱাৰ।

8. ১২ বছৰৰ মূৰত মুকলি হ’ব লখিমপুৰ তাৰকাগৃহ।
অহা ১৮ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব তাৰকাগৃহটো।
২০১১ চনতে আৰম্ভ হৈছিল লখিমপুৰ তাৰকাগৃহটো।

9. বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই চাহ দোকানত সোমাল এখন বাছ।
থিতাতে নিহত হয় নগৰবেৰা মহাবিদ্যালয়ৰ প্ৰবক্তা ড° অঞ্জনজ্যোতি বৰা।
ৰাজনৈতিক বিভাগৰ অধ্যাপক আছিল ড° বৰা।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় তিনিজনকৈ লোক।
লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

10. শিক্ষক, সাহিত্যিক তথা বৰপেটাৰোড প্ৰেছ ক্লাবৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি মহম্মদ শিকদাৰৰ মৃত্যু।
আজি পুৱা ৭:৩০ বজাত GMCHত শেষ নিশ্বাস ত্যাগ কৰে বৰপেটাৰোডৰ গোপীনাথ বৰদলৈ হাইস্কুলৰ শিক্ষক শিকদাৰে।
বিগত কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল মহম্মদ শিকদাৰ।

11. ‘বদৰুদ্দিন আজমল এজন ৰাজনৈতিক সন্ত্ৰাসবাদী, তেওঁ ভাৰতীয় আৰু হিন্দু সভ্যতা-সংস্কৃতিৰ বাবে এটা সন্ত্ৰাস।
‘তেওঁক এচামে নায়ক বিনাইছে, এতিয়া যাতে তেওঁক মহানায়ক নবনাই’- মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ।

12. AAPৰ সকলো মন্ত্ৰী, বিধায়ক, পাৰিষদসকল কেতিয়াও অহংকাৰ নকৰিব।
যিদিনাই আপোনাৰ অংহকাৰ হ’ব সেইদিনাই আপোনাৰ পতন নিশ্চিত।
ঈশ্বৰে আপোনাক কেতিয়াও ক্ষমা নকৰে”- মন্তব্য অৰবিন্দ কেজৰিৱালৰ।

13. মহানগৰীৰ নুনমাটিত নিশা পথ দুৰ্ঘটনা।
থিতাতে প্ৰাণ গ’ল এজন যুৱকৰ।
নিহত যুৱকজন খাৰঘূলি জয়পুৰৰ জিণ্টু থাপা।
স্কুটীৰে আহি থকা অৱস্থাত প্ৰথমে বালিত পিছলি পৰে ।
তাৰ পাছতে পিছফালৰ পৰা অহা এখন বাহনে খুন্দিয়াই থৈ যায় যুৱকজনক।

14. ‘ক্ষমা খুজিলেই নহ’ব মানসিকতা পৰিৱৰ্তন হব লাগিব’।
তেতিয়াহে মানুহে ক্ষমা কৰিব’- বদৰুদ্দিন আজমলে ক্ষমা খোজা সন্দৰ্ভত মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ।

15. কাছাৰৰ ধলাইত জব্দ কৰে বাৰ্মিজ চুপাৰিভৰ্তি এখন এল্ট’ বাহন ।
নিয়মীয়া তালাচীত জব্দ কৰে বাহনখন ।
ভাগাৰ পৰা শিলচৰলৈ আহি আছিল বাহনখন ।
বাহনখনৰ পৰা উদ্ধাৰ কৰে ৯ বস্তা বাৰ্মিজ চুপাৰি ।
বাহনখনৰ দুজন আৰোহীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

16. ডিব্ৰুগড়ত নিশা আৰক্ষীৰ অভিযান।
আৰক্ষীৰ জালত পৰিল হেৰ’ইনসহ তিনিটা ড্ৰাগছ সৰবৰাহকাৰী
আৰক্ষীয়ে আটক কৰে তিনি সৰবৰাহকাৰী।

17. *৪০ লাখ লোকক নতুনকৈ দিয়া হ’ব ৰেচন কাৰ্ড।
*ৰাজ্যত নতুনকৈ নিৰ্মাণ হ’ব ১৬২খন আৰক্ষী থানা ।
*প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ একাউণ্টত সোমাব ৭০০ টকাকৈ- ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

18. “যথেষ্ট সংখ্যক কিতাপ পঢ়িলেহে এজন ভাল লেখক হ’ব পাৰি।
পঢ়া যদি ইনপুট হয় লিখাটো তাৰ আউটপুট হ’ব।
সাম্প্ৰতিক সময়ত কিতাপ পঢ়া আৰু কিতাপ কিনাৰ সংখ্যা কমিছে।
কিতাপ পঢ়াৰ আন্দোলন এটা গঢ়ি তুলাৰ প্ৰয়াস আমি সকলোৱে কৰিব লাগিব”- মন্তব্য শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৰ।

19. মুকালমুৱাৰ ঘোগাত ড্রাগছসহ আটক কৰে এটা সৰবৰাহকাৰী।সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰে ১৩.৬২ গ্রাম ড্রাগছ।
আটক কৰা সবৰাহকাৰীটোৰ নাম মিৰজুল হক।
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰুনী দাসৰ নেতৃত্বত চলিছিল এই অভিযান।

20. বিহালীত গাঞ্জাসহ বাহন জব্দ কৰে ।
১৫নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা জব্দ কৰে AS 12 AE 1801 নম্বৰৰ বাহন খন।
আৰক্ষীয়ে আটক কৰে দুজন বাহন খনৰ দুজন ব্যক্তি।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদ।

Leave a Reply

Your email address will not be published. Required fields are marked *