জেতুকা ব্যৱহাৰ আৰু উপকাৰীতা।

Spread the love

জেতুকা অসমীয়া সংস্কৃতিত লীন হৈ আছে, ইয়াৰ অন্য পৰিচয় দিয়াৰ বিশেষ প্ৰয়োজন নাই ।
জেতুকাৰ ইংৰাজীত Henna Plant আৰু বৈজ্ঞানিক নাম হ’ল Lawsonia Inermis বুলি কোৱা হয়।

বহাগ বিহু আৰু জেতুকা, ইটোৰ লগত সিটোৰ ওতঃপ্ৰোতঃ সম্পৰ্ক আছে।
জেতুকাই আমাৰ দেহৰ বহু বেমাৰ নাশ কৰে।

জানো আহক জেতুকাৰ কি কি উপকাৰিতা আছে-

1. পুৰুষ মহিলাৰ ভৰিৰ পোৰণি, ভৰিৰ বিষ, পোৰণিৰ, জিনজিনোৱা, আদি লক্ষণত জেতুকা পাতৰ ৰস প্রস্তুত কৰি সানিলে সুফল পোৱা যায়।

2. মৃগীৰোগত জেতুকাৰ পাতৰ ৰসৰ লগত গৰুৰ গাখীৰ মিহলাই খালে এই ৰোগ নিৰাময় হয়।

3.উচ্চ ৰক্তচাপত জেতুকাৰ পাতৰ ৰস কপালত সানিলে ভাল হয়।

4. জেতুকাৰ পাতৰ ৰস আৰু শিলিখাৰ ৰস সম পৰিমাণে লৈ মূৰ ধুলে চুলিসৰা বন্ধ হয়।

5. জেতুকা হাতৰ তলুৱাত বান্ধিলে হাতৰ ছালৰ খজুৱতি নাশ হয়, ছাল কুমতীয়ে নাখায়, তলুৱা নিমজ আৰু উজ্জ্বল হয়।

6. জেতুকা নখত ব্যৱহাৰ কৰিলে নখচুকীয়া, নখ খৰ, নখ ফটা, নখৰ চুকত বিষ হোৱা, ফুলি যোৱা আদি ৰোগ নাশ হয়।

7. জেতুকা চুলিত ব্যৱহাৰ কৰিলে চুলি পকা বন্ধ হয়, চুলি ক’লা হয়, উফি নহয়, চুলিৰ বিভিন্ন ৰোগ ভাল হয়।

8. জেতুকাৰ ৰস শৰীৰৰ গা-মুখ, কঁকাল, পিঠিত ঘঁহিলে ছাল মসৃণ হয়, ঘামচি নহয়।

গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে ক’লা জেতুকা ব্যৱহাৰ কৰক আৰু নিৰোগী হৈ থাকক।

বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

ধন্যবাদ।

 

Mising Autonomous Council
Mising Autonomous Council.

 

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *