৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com December 9 /2022:-

1. আজি গোলাঘাটত উপস্থিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ।
১৫৭৫.৩৯ কোটি টকা ব্যয় সাপেক্ষে ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত প্রায় ১৪টা প্রকল্পৰ আধাৰশিলা আৰু শুভ উদ্বোধন কৰে মুখ্যমন্ত্রীগৰাকীয়ে।
অনুষ্ঠানত অজন্তা নেওগ, নন্দিতা গাৰ্লোছা, কেশৱ মহন্ত, অতুল বৰা, বিশ্বজিৎ ফুকন, ভবেন ভৰালী, মৃণাল শইকীয়া উপস্থিত থাকে।

2. বোকাখাতত ২৮ সংখ্যক মাষ্টাৰ্চ এথেলেটিকচ প্ৰতিযোগিতাৰ আজি দ্বিতীয় দিন।
উক্ত অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰনোজ পেগু আৰু বহু বিশিষ্ট ব্যক্তি।

3. ১৬ ডিচেম্বৰত ডিব্ৰুগড়ত উপস্থিত হব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।
ডিব্ৰুগড়ত হব লগা সভাস্থলী পৰিদৰ্শন কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে ।

4. ১৮ৰ পৰা ২১ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৷
প্ৰথম পৰ্যায়ত হব- বৰপেটা, কৰিমগঞ্জ, গোলাঘাট, হোজাই, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা- মানকাচৰ, তিনিচুকীয়া, ওদালগুৰি৷

5. ১ৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ।
দ্বিতীয় পৰ্যায়ত হব- বাক্সা, চিৰাং, চৰাইদেউ, ধুবুৰী, ডিমাহাচাও, হাইলাকান্দি, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলং৷

6. ১৫ৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ৷ তৃতীয় পৰ্যায়ত হব- বিশ্বনাথ, বঙাইগাঁও, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কাৰ্বি আংলং, কাছাৰ, নগাঁও, নলবাৰী।

7. গুৰুতৰভাৱে অসুস্থ বিশিষ্ট চিন্তাবিদ, লেখক, সাহিত্যিক ড° শিৱনাথ বৰ্মন।
নেমকেয়াৰ হস্পিতালত বৰ্তমান ভৰ্তি হৈ আছে।
সম্প্ৰতি ভেণ্টিলেশ্যনত আছে বিশিষ্ট লেখকজন।
মধুমেহ ৰোগত আক্ৰান্ত হৈ অছে ড° শিৱনাথ বৰ্মন।
চিকিৎসালয়তে লিখিছে ‘অসমীয়া ৰচনা সম্ভাৰ’ৰ তৃতীয়টো খণ্ড।
চিকিৎসালয়ত উন্মোচন কৰা হৈছে এই গ্ৰন্থখন।

8. ভাৰতীয় ৰে’লৱেত যোগদান কৰিলে অসমৰ প্ৰতিভাসম্পন্ন চাইক্লিষ্ট চয়নিকা গগৈয়ে।
মালিগাঁৱৰ এন এফ ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ ৰে’ল বিভাগৰ বিষয়াৰ পৰা চয়নিকাই গ্ৰহণ কৰে নিয়োগপত্ৰ।
এছিয়ান চাইক্লিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰাৰ লগতে গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত উজলি উঠা চয়নিকাক স্পৰ্টছ কোটাত নিযুক্তি প্ৰদান কৰিছে ৰে’লৱে বিভাগে।

9. “পূৰ্বে দুজনকৈ আছু নেতা মুখ্যমন্ত্ৰী হৈছে, ময়ো আছুৰ পৰা অহা”- প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

10. মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা ৷
চানমাৰিৰ এটা ভাড়াঘৰত উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতীৰ মৃতেদহ ।
চানমাৰিৰ জ্যোতিনগৰৰ দীৰ্ঘদিনৰ পৰা কমলপুৰৰ ভাড়াঘৰত প্ৰেমিক জয়কুমাৰ ৰয়ৰ সৈতে আছিল যুৱতীগৰাকী।
উৰিষ্যাৰ প্ৰেমিক জয়কুমাৰে হত্যা কৰা বুলি সন্দেহ কৰিছে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে ৷
ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা সন্ধান নাই প্ৰেমিক জয়কুমাৰৰ ।

11. কৰিমগঞ্জত গ্ৰেপ্তাৰ হ’ল উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা সুদীপ সৰকাৰ।
সমষ্টি উন্নয়নৰ পুঁজি আত্মসাতৰ অভিযোগত জালত পৰিল সুদীপ সৰকাৰ।
সৰকাৰৰ বিৰুদ্ধে ৫০ লাখ টকা আত্মসাত কৰা অভিযোগ।
দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হয় অভিযন্তাগৰাকী।

12. বোকাজানৰ খটখটিত
প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছসহ
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩ জন সৰবৰাহকাৰীক।
নাগালেণ্ডৰ পৰা দুখন ট্ৰাকেৰে ড্ৰাগছখিনি সৰবৰাহৰ সময়তে গ্ৰেপ্তাৰ হ’ল ৩ সৰবৰাহকাৰী ক্ৰমে ইছলাম উদ্দিন, মহম্মদ চমিৰ আৰু মহম্মদ মানাবি।

13. চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ৰাজস্থানৰ ভাংগৰা গাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হয় ।
বিয়া চলি থকাৰ মাজতে এটা ঘৰত জুইৰ সূত্ৰপাতৰ ফলত ৪জনকৈ লোকৰ মৃত্যু হয়।
ঘটনাত গুৰুতৰভাৱে আহত ৬০জন লোকক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

14. প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত দুৰ্নীতি সংঘটিত হৈছে ।
মাজুলীৰ ৰঙাচাহী গাঁও পঞ্চায়তত হৈছে এই দুৰ্নীতি ।
প্ৰকৃত হিতাধিকাৰীৰ সলনি নাম আহিল বহু ভুৱা হিতাধিকাৰীৰ।
পূৰ্বতে ঘৰ লাভ কৰা বহু ব্যক্তিৰ নাম আহিল তালিকাত।
পঞ্চায়তখনৰ প্ৰতিখন আঁচনিতে টকা লেনদেনৰ অভিযোগ স্থানীয় ৰাইজৰ।

15. নুমলীগড় শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত প্ৰতিবাদী কাৰ্যসূচী।
কাৰিকৰী নিবনুৱা সন্থাৰ অৱস্থান ধৰ্মঘট ।
শোধনাগাৰ কতৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদকাৰীৰ।

16. বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ মৃত্যু হয়।
ওড়িশাত উদ্ধাৰ কৰা হৈছে নবীন শইকীয়া নামৰ যুৱকজনৰ মৃতদেহ ।
৪ ডিচেম্বৰত চেন্নাইলৈ গৈছিল নবীন শইকীয়া।
তেওঁৰ লগত যোৱা ৰাজেশ ঘাটোৱাৰ নামৰ যুৱকজনো সন্ধানহীন হৈ আছে।

17. খটখটীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ ।
দুখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰে ৭৫৭ গ্ৰাম ড্ৰাগছ।
৩০ হাজাৰ য়াবা টেবলেটো জব্দ কৰে আৰক্ষীয়ে।
ড্ৰাগছ সৰবৰাহত জড়িত ৩ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

18. ওদালগুৰিৰ মাজবাটত মাৰণাস্ত্র উদ্ধাৰ কৰা হৈছে এটা AK 56 ৰাইফলসহ ২০ জাঁই সক্রিয় গুলী ।
গাঁতত পুটি ৰখা অৱস্থাত উদ্ধাৰ কৰে মাৰণাস্ত্রখিনি।

19. কেৰেলাত অনুষ্ঠিত হৈছে ৬৫তম ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপ।
মাষ্টাৰ শ্ৰেণীৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ব্ৰঞ্জ আৰু ৫০ মিটাৰ ৩ পজিচন ৰাইফল ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰে ধনজিত শৰ্মাই।

20. ১০ ডিচেম্বৰত সোণাৰিত আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস।
চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন শ্বহীদ দিৱসৰ কাৰ্যসূচী।
স্মৰণ কৰা হব অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদক।

Mising Autonomous Council
Mising Autonomous Council .

 

Leave a Reply

Your email address will not be published. Required fields are marked *