ফুলকবি আমাৰ শৰীৰৰ বাবে অতি উপকাৰি।
ফুলকবিক ইংৰাজীত Cauliflower বুলি কোৱা হয়।
ইয়াৰ বৈজ্ঞানিক নাম হৈছে Brassica oleracea Botrytis Group .
ফুলকবি খালে বহু বেমাৰ নিৰাময় হয়।
ফুলকবিত কেৰোটিনয়েডছ (জেম্ন-বিটা কেৰোটিন) ফাইটোহৰমোন, জিংক, ভিটামিন কে, ভিটামিন বি৬, প্ৰটিন, মেগনেচিয়াম, ফছফৰাছ, ফাইবাৰ, পটাচিয়াম, মেংগানিজ আদি পুষ্টিতত্ত্বৰে ভৰপূৰ।
এতিয়া জানো আহক ফুলকবিৰ ঔষধী গুণ সমূহঃ
ক) ফুলকবি খালে কেন্সাৰ আৰু হৃদৰোগ হোৱাৰ সম্ভাৱনা কমায় আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।
খ) গৰ্ভাৱস্থাত ফুলকবি খালে পুষ্টি উপাদান আৰু ভিটামিনসমূহ কোষ বৃদ্ধিত সহায়ক হয়।
ই মাতৃগর্ভত ভ্রুণৰ বৃদ্ধিক ত্বৰান্বিত কৰে।
গ) ফুলকবিত থকা মেগনেছিয়ামে পেৰাথাইৰয়েডক উদ্দীপিত কৰে, হৰমোন উৎপাদনত সহায় কৰে আৰু ফছফৰাছে হাড় শক্তিশালী কৰে।
ঘ) ফুলকবি খালে স্মৃতিশক্তি বৃদ্ধি হয়।
ঙ) ফুলকবিয়ে ওজন কমোৱাত সহায় কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে ফুলকবি খাওঁক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
Mising Autonomous Council .
মিচিং স্বায়ত্বশসিত পৰিষদ ।

News Editor Sangita Dutta R News India 24