৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ । - RnewsIndia24
Skip to content
Rnewsindia24.com December 14/2022:-
1. নতুন দিল্লীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলী মুকলি কৰিলে অৰুণোদয় ২.০।
১০ লক্ষাধিক নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিৰে ৰাজ্যত শুভাৰম্ভ হ’ল অসম চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয়ৰ দ্বিতীয় সংস্কৰণ।
পূৰ্বৰ বহু নিয়ম সাল-সলনিৰে এইবাৰ অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব এহেজাৰ টকাৰ পৰিৱৰ্তে ১২৫০ টকা।
অনুষ্ঠানত উপস্থিত থাকে সমীৰ কুমাৰ সিনহা, জয়ন্ত নাৰ্লেকাৰ, ৰাজীৱ যোশী আৰু বহু গন্য মান্য ব্যক্তি।
2. নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী।
মেঘালয়ৰ ৪জন বিধায়কে বিজেপিত যোগদান কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোগদান কৰে TMC, NPP, নিৰ্দলীয়, এজন কংগ্ৰেছৰ বিধায়কে।
বিধায়ক কেইজনক আদৰণি জনাই বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰে।
3. আজি অসমৰ স্বাভিমান গামোচাই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিলে।
এতিয়াৰে পৰা গামোচা কেৱল অসম আৰু অসমীয়াৰ।
অসমৰ স্বাভিমান গামোচাই GI TAG লাভ কৰিলে।
জিঅ’গ্ৰাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীৰ পৰা লাভ কৰিলে GI TAG।
4. ২১, ২৯ ডিচেম্বৰত তৃতীয় বৰ্গৰ পদৰ দক্ষতা পৰীক্ষা অনুষ্টিত হব।
আজিৰে পৰা ছেবাৰ ৱেবছাইটত উপলব্ধ হয় প্ৰৱেশ পত্ৰ। www.sebaonline.orgত উপলব্ধ হ’ব এডমিট কাৰ্ড।
5. ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন।
অহা ২০ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈকে হ’ব পৰীক্ষা।
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰিলে পৰীক্ষাৰ সূচী।
প্ৰথম দিনা পিছবেলা অনুষ্ঠিত হ’ব ইংৰাজীৰ পৰীক্ষা।
২৫ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ হ’ব প্ৰেক্টিকেল পৰীক্ষা।
6. উত্তৰ-পূবৰ ২৪ গৰাকী যুৱশিল্পীলৈ ভাৰত চৰকাৰৰ উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ ২০২১-২২ বৰ্ষৰ ‘Young Talented Artistes Award’.
অসমৰ যুৱশিল্পী মৃণাংক ডেকা, অৰিণজিতা বৰা, নিশান্ত মল্ল বেজবৰুৱা, শিৱাংগী ৰত্ন বৰুৱা, হীৰকজ্যোতি শৰ্মা, ৰোশন হক, দীপজ্যোতি বৰা, নূপূৰ তালুকদাৰলৈ এই বিশেষ বঁটা।
7. কোকৰাঝাৰৰ বিটিচি সচিবালয় খেলপথাৰত BJP, UPPL, GSP মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপনৰ আয়োজন।
অনুষ্ঠানৰ প্ৰস্তুতি পৰিদৰ্শন কৰিবলৈ খেলপথাৰ উপস্থিত হয় BTR প্ৰধান প্ৰমোদ বড়ো।
8. “অসমত দুখীয়া শব্দটো নোহোৱা কৰি পেলাব এইখন চৰকাৰে”- মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ।
9. উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী উৎসৱত অংশ লোৱাৰ উদ্দেশ্যে ১৮ ডিচেম্বৰত শ্বিলঙলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
10. দৰঙৰ নিলম্বিত SP ৰাজমোহন ৰায়ৰ জামিন মঞ্জুৰ।
ধূলাকাণ্ডত গ্ৰেপ্তাৰ হৈছিল ৰাজমোহন ৰায়।
গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন।
এগৰাকী বনকৰা কিশোৰীক হত্যাৰ ঘটনাত সাঙোৰ খাইছিল ৰাজমোহন ৰায়।
অভিযুক্তক ধন লৈ ৰক্ষণাবেক্ষণ দিছিল তদানীন্তন SP ৰাজমোহন ৰায়ে।
11. ৰাজ্যত কোটি কোটি টকাৰ ড্ৰাগছ জব্দ।
কৰিমগঞ্জত ড্ৰাগছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
২০ কোটি টকাৰ ড্ৰাগছসহ জালত পৰিল সৰবৰাহকাৰী গোপেন্দু দাস আৰু কবিৰ আহমেদ।
১৩১ টা চাবোনৰ বাকচত ড্ৰাগছসহ জব্দ কৰে ৫০ হাজাৰ য়াবাটেবলেট।
দুয়োজন সৰবৰাহকাৰীৰ ঘৰ ত্ৰিপুৰাৰ ধৰ্মনগৰত বুলি জানিব পৰা গৈছে।
12. আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম সন্তান।
গোলাঘাটৰ ৰিমঝিম হুছেইনে জিনিলে আন্তঃৰাষ্ট্ৰীয় শিশু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ।
বিগত ৩, ৪ আৰু ৫ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিশু সৌন্দৰ্য প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি গোলাঘাটৰ বামবৰাহী গাঁৱৰ বিকাশ হুছেইন বৰুৱা আৰু আছিফা বেগমৰ ৬ বছৰীয়া কন্যা ৰিমঝিমে লাভ কৰিলে বিজয়ৰ মুকুট।
13. মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্তৰ নেতৃত্বত চলা অভিযানত মণিপুৰৰ পৰা অহা এখন এম্বুলেন্সত উদ্ধাৰ কৰা হয় বিস্তৰ পৰিমাণৰ ড্ৰাগছ।
এম্বুলেন্সখনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ১৪ কোটি টকাৰ ড্ৰাগছ।
৫০ হাজাৰ য়াবা টেবলেট, বহু পৰিমাণৰ হেৰ’ইন জব্দ কৰে। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মেঘালয়ৰ ৰাজাৱালাৰ মিৰাজুল ইছলাম নামৰ এজনক।
14. অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল বিলাসীপাৰাৰ ‘গেং অব ডেভিলছ’ৰ দুজন সদস্য।
উদণ্ড বাইকাৰ্ছ নূৰ নবী আৰু মিনহাজুলক গ্ৰেপ্তাৰ।
ভাৰত-বাংলা সীমান্তৰ আগমনিৰ পৰা দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে।
বিলাসীপাৰাৰ ৰাজপথত চলাইছিল সন্ত্ৰাস।
উদণ্ড বাইকাৰৰ খুন্দাত প্ৰাণ গৈছিল এগৰাকী বৃদ্ধাৰ।
ঘটনাৰ পিছতে ফেচবুকৰ জৰিয়তে আৰক্ষীক মেনেজ দিয়া বুলি দম্ভালি মাৰিছিল।
15. চিৰাঙত আৰক্ষীৰ অভিযান।
অভিযানত গাঞ্জাসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰীক।
জব্দ কৰে ৬.৪৩১ কিলোগ্ৰাম গাঞ্জা।
16. GMCৰ বোকা কেলেংকাৰিৰ ৩ অভিযুক্তক জামিন।
গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন দিলে OSD বাবুলাল শৰ্মা, কাৰ্যবাহী অভিযন্তা এলিন বেগম, চিত্তৰঞ্জন দত্তক।
GMCত সংঘটিত হৈছিল ২০ কোটি টকাৰ বোকা নিষ্কাশন কেলেংকাৰি।
17. গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ চেগুনৰ কুণ্ডা।
এখন কণ্টেইনাৰ ট্ৰাকেৰে সৰবৰাহৰ চেষ্টা কৰিছিল কুণ্ডাখিনি।
ঘটনাৰ সন্দৰ্ভত ট্ৰাকখনৰ চালক ইৰছাদ মহম্মদক আটক কৰে আৰক্ষীয়ে।
18. পৰ্যটকৰ বাবে মুকলি হ’ল সৌন্দৰ্যৰে ভৰপুৰ কালামাটি পৰ্যটনস্থলী।
পৰ্যটনস্থলীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে বিটিচিৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে।
19. গোলকগঞ্জত নকল সোণসহ গ্ৰেপ্তাৰ হল দুজন ব্যক্তি।
এখন বাছত তালাচীৰ সময়ত উদ্ধাৰ কৰে সোণখিনি।
দুজন যাত্ৰীৰ পৰা উদ্ধাৰ চাৰি টুকুৰা নকল সোণ।
দুয়োকে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয়।
20. তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচি ৰাও, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ সৈতে বৈঠকত অংশগ্ৰহন কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ এ।
Mising Autonomous Council .
Post navigation
Go Top