৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com December 15/2022:-

1. ‘বিকাশৰ বাবে পষেক’ৰ অধীনত আজি যোৰহাটত ৮৫৩ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ শিলান্যাস তথা ভূমি পূজন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
অনুষ্ঠানত উপস্থিত থাকে অজন্তা নেওগ, পীযুষ হাজৰীকা, ইউ জি ব্ৰহ্ম, কেশৱ মহন্ত, বিমল বড়া, নন্দিতা গাৰ্লোছা, তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাছা, হিতেন্দ্ৰ নাথ গোস্বামী, ৰেনুপমা ৰাজখোৱা, ভবেন্দ্ৰ নাথ ভৰালী, ৰূপজ্যোতি কুৰ্মীকে ধৰি আন বিশিষ্ট ব্যক্তিসকল।

2. বিশিষ্ট সাহিত্যিক, সাংবাদিক, চিন্তাবিদ ড° শিৱনাথ বৰ্মনৰ দেহাৱসান ৷
মহানগৰীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট সাংবাদিক গৰাকী।

3. পুথিভঁৰাল সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালিকাক গ্ৰেপ্তাৰ।
পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰুমী গোস্বামীক।
পুথিভঁৰাল সঞ্চালকালয়ৰ বিত্তীয় কেলেংকাৰিত জড়িত আছিল গোস্বামী।
ইতিপূৰ্বে গ্ৰেপ্তাৰ হৈছিল ৰুমী গোস্বামীৰ স্বামী প্ৰণৱ গোস্বামীয়ো।
অৱসৰ গ্ৰহণলৈ তিনিদিন থকালৈকে লুণ্ঠন চলাইছিল গোস্বামীয়ে।
৫টা কিস্তিত ছেল্ফ চেকযোগে উলিয়াই নিছিল ৪৬.১৩ লাখ টকা।
আত্মসাৎ কৰা ধনেৰে তেজপুৰত অট্টালিকা নিৰ্মাণ কৰিছিল গোস্বামী দম্পতীএ।
পুথিভঁৰালৰ আন্তঃগাঁথনি উন্নয়নৰ নামত আবণ্টন হৈছিল ধনৰাশি।

4. ‘দক্ষতা আৰু যোগ্যতাৰ ভিত্তিতহে টিকট পাব লাগে’- ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ সভাপতি আঙুৰলতা ডেকাৰ লোক সভা নিৰ্বাচনৰ টিকট সন্দৰ্ভত মন্তব্য।

5. বিয়াত বহিল আছুৰ সদ্যপদত্যাগী নেতা দীপাংক নাথ।
গুৱাহাটীৰ তেতেলিয়াৰ সোমনাথ মন্দিৰত বিয়া।
দীপাংক নাথৰ বিয়াত উপস্থিত সমুজ্জ্বল ভট্টাচাৰ্য, উৎপল শৰ্মা, শংকৰজ্যোতি বৰুৱাকে ধৰি বহু ব্যক্তি। ড° ৰূপা হাজৰিকাৰ সৈতে বিয়াত বহিছে দীপাংক নাথে।

6. অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ লাইখুঁটা স্থাপন অনুষ্ঠানত অথন্তৰ।
ওলোটাকৈ উৰিল সাহিত্য সভাৰ পতাকা।
ততাতৈয়াকৈ নমাই পুনৰ শুদ্ধকৈ উৰালে পতাকা।
সমান্তৰালভাৱে অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ প্রস্তুতি চলিছে নাৰায়ণপুৰত।
লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে পৰ্যটন মন্ত্রী জয়ন্ত মল্লবৰুৱা, স্থানীয় বিধায়ক অমিয় ভূঞা তথা অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল।

7. আন্ত:ৰাষ্ট্ৰীয় কিক বক্সিং আৰু কুং ফুত উজলিল খাৰুপেটীয়াৰ ৰিয়া সাহা।
নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হৈছিল আন্ত:ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতা।
এই প্ৰতিযোগিতা দুটাকৈ সোণৰ পদক অৰ্জন কৰিলে ৰিয়া সাহাই।

8. চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত আলুখুন্দা পথত আৰক্ষীৰ অভিযান।
আৰক্ষীয়ে জব্দ কৰে ১৪ কেজি গাঞ্জা।
আৰক্ষীৰ জালত পৰিছে ১নং গৰাইমাৰী গাঁৱৰ ৪৫ বছৰীয়া তোতা বেপাৰী।

9. ভাৰত-বাংলাদেশ সীমান্তত হাৱালা লেনদেন।
ধুবুৰীত জব্দ কৰা হয় হাৱালাৰ ২০ লাখ টকা।
গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে ৪ মধ্যভোগীক।
সীমান্তৰ পৰা গোলকগঞ্জ হৈ ধুবুৰীলৈ আহিছিল ধনখিনি।
এখন গাড়ীত ধনসহ আহিছিল চাৰিওজন।

10. গোলাঘাটৰ নুমলীগড়ত চাঞ্চল্যকৰ ঘটনা৷
শোধনাগাৰৰ AISFৰ জোৱান গুলীবিদ্ধ৷
বায়’ ৰিফাইনেৰীৰ ৰজাবাৰী শিবিৰত সংঘটিত হয় এই ঘটনা৷
নিজৰ ছাৰ্ভিচ ৰাইফলৰ গুলীয়ে আঘাত কৰে জোৱানজনৰ বুকুত৷
ঘটনাটোৰ পৰা চোতালত খেলি থকা এটি শিশু সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে৷
গুলীবিদ্ধ জোৱানজন নগাঁৱৰ লিংচিং ৰাৱতীয়া৷
গুলীবিদ্ধ জোৱানজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়৷

11. গুৱাহাটীৰ ISBTত জব্দ কৰে গাঞ্জা।
গড়চুক আৰক্ষীয়ে পুৱতি নিশা অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি।
যাত্ৰীবাহী বাছত বিহাৰৰ ২ যুৱকে সৰবৰাহ কৰিছিল গাঞ্জাখিনি ।
ত্ৰিপুৰাৰ পৰা গুৱাহাটী হৈ বিহাৰলৈ সৰবৰাহৰ চেষ্টা কৰোতে জব্দ কৰে গাঞ্জাখিনি।

12. গড়চুক আৰক্ষীৰ জালত পৰিল নকল সোণ সৰবৰাহকাৰী।
পামহিৰ এটা ভাড়া ঘৰত অভিযান চলাই জব্দ কৰে নকল সোণৰ নাও।
লখিমপুৰৰ পৰা গুৱাহাটী হৈ বিহাৰলৈ সৰবৰাহৰ চেষ্টা কৰিছিল।

13. গোৱালপাৰাৰ লক্ষীপুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।
বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল তিনিজন লোকৰ।
নিহত সকলৰ ভিতৰত আছে এটি শিশু ও।
বৰ্তমানলৈ চিনাকি হোৱা নাই নিহত কেইজনৰ পৰিচয়।

14. চিৰাঙৰ বিজনীত জব্দ কৰা হয় শিল কঢ়িওৱা ডাম্পাৰ।
SSB ৰ অভিযানত জব্দ কৰা হয় ডাম্পাৰ দুখন ।
চালানৰ বিসংগতিৰ বাবে জব্দ কৰা হয় ডাম্পাৰ দুখন।
আৰক্ষীয়ে আটক কৰে নিৰঞ্জন বৰ্মন, বালু বাদ্ৰা, গগন নাথ, নিৰেন ৰায়ক।
লগতে এখন শিল কঢ়িওৱা ট্ৰেক্টৰো জব্দ কৰে।

15. লংকাৰ শ্যামবৰীত বিধ্বংসী অগ্নিকাণ্ড।
ভস্মীভূত হল ৫টাকৈ ঘৰসহ লক্ষাধিক টকাৰ সা-সম্পত্তি।জুইত অগ্নিদগ্ধ হয় পশুধনো।

16. কাছাৰৰ উদাৰবন্দ পাণগ্রামত চাঞ্চ্যলকৰ ঘটনা।
মৰিয়াই মৰিয়াই হত্যা কৰে হীৰা বাউৰী নামৰ এজন শ্রমিকক।
তামিজউদ্দিন নামৰ লোকজনে হত্যা কৰে শ্রমিকজনক।
হীৰা বাউৰীয়ে তামিজউদ্দিনৰ ডাম্পাৰত কাম কৰিছিল।
বিগত তিনিদিন ধৰি কামলৈ নোযোৱাৰ বাবে এনেদৰে হত্যা কৰে।

17. কাছাৰৰ কালাইনচৰাৰ এখন হোটেলত গুমৰা আৰক্ষীৰ অভিযান।
জব্দ কৰে ১২২টা কণ্টেইনাৰত ৩.৭৮ গ্রাম ব্রাউন ছুগাৰ।
ড্রাগছ সৰবৰাহৰ বাবে হোটেলখনৰ গৰাকী ৰাজু নাথক আটক কৰে ।

18. তামাৰহাটৰ পাগলাহাট বজাৰত আৰক্ষীৰ অভিযান।
তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
অভিযানত তিনিটা জীৰ জুৱাৰীক আটক কৰে।
লগতে জব্দ কৰে ধন আৰু দুটা মবাইল ফোন।

19. ডিফুৰ ডিলাজি ফৰেষ্ট গেটত আৰক্ষীৰ অভিযান।
মিণ্টু শইকীয়া নামৰ এজন লোকৰ ঘৰত আৰক্ষীৰ তালাচী।
তালাচীত জব্দ কৰে পইণ্ট ৩২টা পিষ্টলসহ ২ টা জাঁই গুলী।
আৰক্ষীয়ে আটক কৰে মিণ্টু শইকীয়াক।

20. মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্রাস।
গ্রন্থ প্রকাশকৰ ম’বাইল কাঢ়িলে চিলনী চোৰে।
প্রকাশক অবিনাশ শৰ্মাৰ ম’বাইল লৈ উধাও হয় চিলনী চোৰ।
৩০ হাজাৰ টকীয়া ম’বাইল কাঢ়ি নিলে অবিনাশ শৰ্মাৰ।
চানমাৰিৰ পৰা নুনমাটিলৈ ৰিক্সাৰে গৈ থাকোঁতে বাইকত অহা চিলনী চোৰে থপিয়াই লৈ যায় ম’বাইল।

Mising Autonomous Council
Mising Autonomous Council .
Mising Autonomous Council
Mising Autonomous Council .

Leave a Reply

Your email address will not be published. Required fields are marked *