৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com December 16/2022:-

1. ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত ১০৩১.৬৮ কোটি টকা ব্যয় সাপেক্ষে লখিমপুৰ জিলাত ১৫টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানতে ৫ গৰাকী ভূমিপুত্ৰলৈ মাটিৰ পট্টা আনুষ্ঠানিকভাৱে প্ৰদান কৰে।
অনুষ্ঠানত উপস্থিত থাকে অতুল বৰা, কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু, নন্দিতা গাৰ্লোছা, প্ৰদান বৰুৱা, নৱ কুমাৰ দলে, মানৱ ডেকা, ভুবন পেগু, ড° অমিয় কুমাৰ ভূঞা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, বিপিন গুপ্তাকে ধৰি বহু গণ্যমান্য ব্যক্তি।Himanta Biswa Sarma

 

2. ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ ২০২১-২২ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ প্ৰতিভা বঁটা ঘোষণা।
অসমৰ ২ জন যুৱ শিল্পীয়ে লাভ কৰিছে এই বঁটা।
সত্ৰীয়া নৃত্য শিল্পী নূপুৰ তালুকদাৰ আৰু শিবাংগী ৰত্না বৰুৱালৈ আগবঢ়োৱা হৈছে এই বঁটা।
সত্ৰীয়া নৃত্যত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবেই তেওঁলোকক আগবঢ়োৱা হৈছে এই বিশেষ বঁটা।

3. কাইলৈ অসম জাতীয় পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস।
চৰাইদেউত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ’ব জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা।
লগতে আন কেইবাগৰাকী শিল্পীও থাকিব।

4. অৰ্জুন বঁটাপ্ৰাপক নয়নমণি শইকীয়াক গুৱাহাটী আৰক্ষীৰ সম্বৰ্ধনা৷
আৰক্ষী আয়ুক্ত, যুটীয়া আৰক্ষী আয়ুক্তই সম্বৰ্ধনা জনালে লন বল খেলুৱৈগৰাকীক৷
DSP হিচাপে অসম আৰক্ষীত কৰ্মৰত খেলুৱৈগৰাকী৷

5. গুৱাহাটীত নতুন আৰক্ষী আয়ুক্ত হিচাপে আজি কাৰ্যভাৰ গ্ৰহণ কৰিছে ২০০৪ বৰ্ষৰ IPS বিষয়া দিগন্ত বৰাই।
ইয়াৰ পূৰ্বে অসম চৰকাৰৰ গৃহ বিভাগৰ সচিব হিচাপে কৰ্মৰত হৈ আছিল IPS বিষয়াগৰাকী।

6. বৌদ্ধিক চিন্তা-চেতনাৰে অসমীয়া সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়াই চিৰবিদায় ল’লে বিশিষ্ট সাহিত্যিক, সাংবাদিক, অনুবাদক ড০ শিৱনাথ বৰ্মনে।
বিয়লি নৱগ্ৰহত অন্ত্যেষ্টিক্ৰিয়া কৰা হ’ল সাহিত্যিক গৰাকীৰ।

7. ১৮ ডিচেম্বৰত মেঘালয়লৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোডী।
১৭ ডিচেম্বৰত ৰাষ্ট্রীয় ঘাইপথত বন্ধ থাকিব ৬ চকীয়াৰ ওপৰৰ ট্রাকৰ চলাচল।
প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ মেঘালয় ভ্ৰমনক লৈ এই পথ নিৰ্দেশনা।
বাহন চলাচলত মহানগৰৰ আৰক্ষীৰ নিষেধাজ্ঞা।

8. ১০ জানুৱাৰীত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-শ্রীলংকাৰ এদিনীয়া মেচ।
এই মেচৰ টিকট ১৮ ডিচেম্বৰৰ পৰা উপলব্ধ হ’ব বিগট্রী এপত।
পুৱা ১১ বজাৰ পৰা অনলাইনযোগে বুকিং কৰিব পাৰিব টিকট।
সংবাদমেলযোগে টিকটৰ মূল্যৰ কথা সদৰি কৰিলে ACAৰ সভাপতি তৰংগ গগৈয়ে।

9. বিহাৰত বিষাক্ত সুৰা সেৱন কৰি মৃত্যুৰ সংখ্যা ৫০জনলৈ বৃদ্ধি পাইছে।
যোৱা ২৪ ঘণ্টাত আৰু ১১জন লোকে মৃত্যুক সাৱটি লৈছে।
এই ঘটনাক লৈ উত্তাল হৈ পৰিছে বিহাৰৰ ৰাজনীতি।
নীতিশ কুমাৰ চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজভৱনত উত্তাল প্রতিবাদ সাব্যস্ত কৰিলে বিজেপিয়ে।

10. আজিৰে পৰা আৰম্ভ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা।
২২ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব এই মেলা।

11. বিমানযাত্ৰীসকলৰ বাবে বিশেষ খবৰ।
এতিয়াৰে পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যাত্ৰাৰ ৩ঘন্টাৰ পূৰ্বেই আপুনি উপস্থিত হ’ব লাগিব।
বিমানবন্দৰত ভিৰ হ্ৰাস কৰিবলৈ এই নিয়ম ধাৰ্য্য কৰা হৈছে।
বিমান ধৰিবলৈ এতিয়াৰে পৰা ৩ ঘন্টাৰ পূৰ্বেই বিমানকোঠাত প্ৰৱেশ কৰিব লাগিব বুলি উল্লেখ কৰিছে কৰ্তৃপক্ষই।

12. মহানগৰ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত।
দুৰ্ধৰ্ষ ডকাইত ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে।
পিষ্টলসহ গ্ৰেপ্তাৰ কৰা হৈছে ৰফিকুল ইছলামক।
মহানগৰীৰ নবীন নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৰফিকুলক।
চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই দুৰ্ধৰ্ষটোক।

13. নেশ্যনেল বডিবিল্ডীং এণ্ড মডেল চেম্পিয়নশ্বিপত জিলিকিল দুলীয়াজানৰ বোৱাৰী দীপামণি গোহাঁই।
‘মিষ্টাৰ এণ্ড মিছ ইণ্ডিয়া ২০২২’ ৰ ফিগাৰ কেটেগৰীত খিতাপ অৰ্জন কৰিছে দুই সন্তানৰ মাতৃ দীপামণিয়ে।

14. সীমান্তৰ সংঘৰ্ষৰ মাজতে টাৱাঙত ভাৰতীয় সেনাৰ শৌৰ্য-বীৰ্য প্ৰদৰ্শন।
দুদিনীয়া কাৰ্যসূচীৰে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ আকাশত গৰজিল ভাৰতীয় বায়ু সেনাৰ ফাইটাৰ জেট, হেলিকপ্টাৰ।
অৰুণাচলৰ ভূমিত চীনক প্ৰত্যাহ্বান জনাই বায়ুসেনাই আৰম্ভ কৰিলে মেগা ড্ৰীল।

15. মালেছিয়াৰ কুৱালালামপুৰত পুৱতি নিশা ভয়াৱহ ভূমিস্খলন সংঘটিত হৈছে।
এটা শিবিৰত সংঘটিত হোৱা এই ভূমিস্খলনত শিশুসহ ৯ গৰাকী লোকৰ মৃত্যু হয়।
সন্ধানহীন হৈ আছে প্ৰায় ২৫গৰাকীকৈ লোক।
উদ্ধাৰকাৰী দলে ভূমিস্খলনৰ স্থানৰ পৰা ৬০ গৰাকী লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও সন্ধানহীন সকলক উদ্ধাৰৰ বাবে বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান।

16. পদক বিজয়ীসকলক সন্মান জনোৱাৰ বাবে মণিপুৰ অলিম্পিক পাৰ্কত স্থাপন কৰা হৈছে ১৯গৰাকী খেলুৱৈৰ প্ৰতিমূৰ্তি ।
বৰ্তমানেও উদ্যানখন উদ্বোধন কৰা হোৱা নাই।
কিংবদন্তী বক্সাৰ এম চি মেৰীকমৰ প্ৰতিমূৰ্তিও স্থাপন কৰা হৈছে উক্ত পাৰ্কত।
কিন্তু এই প্ৰতিমূৰ্তিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে মেৰীকমৰ স্বামীয়ে।
প্ৰতিমূৰ্তিটো মেৰীকমৰ দৰে একে হোৱা নাই বুলি মন্তব্য স্বামীৰ।

Mising Autonomous Council
Mising Autonomous Council .

17. মহানগৰীৰ নাৰেংগীত ৰে’ল দুৰ্ঘটনাত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা ড° সঞ্জিতা সিংহৰ মৃত্যু হয়।
কলংপাৰ ৰে’লৰ পৰা নমাৰ সময়তে এই ঘটনা সংঘটিত হয়।
ভৰি পিছলি ৰে’লৰ তলত সোমাই মৃত্যু হয় অধ্যাপিকা গৰাকী।

18. বিলাসীপাৰাৰ ৰাজপথত পুনৰ সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা।
ঘন কুঁৱলীৰ বাবে মুখামুখি সংঘৰ্ষ হয় ৩খনকৈ ট্ৰাকৰ মাজত।
থিতাতে নিহত হ’ল এজন গাড়ীচালক।
আনহাতে একেটা দিনতে লখিমপুৰত ট্ৰেক্টৰৰ চেঁপাত প্ৰাণ গ’ল কলেজীয়া ছাত্ৰীৰ।

19. লংকাত আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি।
এখন মালবাহী মেজিক বাহনৰ পৰা জব্দ কৰে চুপাৰিখিনি।
ঘটনা সন্দৰ্ভত চালকসহ ৩ জনক আটক কৰে আৰক্ষীয়ে।

20. মিজোৰামত আৰক্ষীয়ে ১ কোটি টকাৰ ড্রাগছ জব্দ কৰে।
মেক্সিকেব বাহনৰ পৰা জব্দ কৰে ১০টা হেৰ’ইনভৰ্তি চাবোনৰ বাকচ।
বৰ্তমান আটক কৰা হৈছে বাহনখনৰ চালকক।
হাইলাকান্দিত বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
জামিৰা আৰক্ষীয়ে জব্দ কৰে দুখন বাৰ্মিজ চুপাৰিভৰ্তি ট্রাক।
ট্রাক দুখনৰ পৰা জব্দ কৰে ১৪০ বস্তা বাৰ্মিজ চুপাৰি।
এখন ট্ৰাকৰ চালকক আটক কৰে আৰক্ষীয়ে।
জব্দকৃত চুপাৰিখিনিৰ মূল্য ৪০ লাখ টকা।

Mising Autonomous Council
Mising Autonomous Council .

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *