ঘিউৰ ঔষধী গুণ- হৃদযন্ত্ৰ, হৰমন, পেৰালাইচ, ভিটামিন A, D, E, K, আদি সমস্যাৰ বাবে ঘিউ ব্যৱহাৰ।
ঘিউ আমাৰ শৰীৰৰ বাবে অতি উপকাৰি।
ঘিউ খালে শৰীৰৰ বহু বেমাৰ নিৰাময় হয়।
ঘিউত ভিটামিন A, D, E, K, বিউটেৰিক এচিড, ফেটি এচিড আদিৰে ভৰপূৰ।
জানো আহক ঘিউৰ ঔষধী গুণ সমূহৰ বিষয়েঃ
1. ঘিউ খালে সঠিকভাৱে হৃদযন্ত্ৰক স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰে।
2. ঘিউ খালে শৰীৰত হৰমন সন্তুলিত কৰাত সহায় কৰে।
3. ঘিউৰ লগত হালধি মিহলাই খালে পেৰালাইচৰ পৰা আৰোগ্য পোৱা যায়।
4. ঘিউত চৰ্বি যথেষ্ট বেছি, সেয়েহে যিসকলে ওজন বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে ঘি ভাতৰ সৈতে খাব পাৰে।
5. ঘিউত থকা চৰ্বিয়ে তেজত উপযোগী HDL কলেষ্টৰেলৰ পৰিমাণ বৃদ্ধি কৰে আৰু ক্ষতিকাৰক LDL কলেষ্টৰেলৰ পৰিমাণ হ্ৰাস কৰে।
6. ঘিউত কেলৰিৰ পৰিমাণ যথেষ্ট হোৱাৰ বাবে শীতকালত শৰীৰৰ আভ্যন্তৰীণ উষ্ণতা বজাই ৰখাত সহায় কৰে।
7. গৰম গাখীৰৰ লগত ঘিউ মিহলাই খালে কোষ্ঠকাঠিন্যৰ পৰা আঁতৰত থাকিব পাৰি।
8. ঘিউ খালে দেহৰ ছাল কোমল কৰে
9. ঘিউ খালে প্রতিৰক্ষা ক্ষমতা বৃদ্ধি হয়।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে ঘিউ খাওঁক আৰু নিৰোগী হৈ থাকক।
এটা কথা মনত ৰাখিব, অত্যাধিক যিকোনো বস্তুয়ে অপকাৰী।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।
News Editor Sangita Dutta R News India 24