গোৰোহা ফাটা সমস্যাত ভুগিছে নেকি ? - R News India 24
Skip to content
ঠাণ্ডা বতৰত বেছিভাগ মানুহৰে গোৰোহা ফাটি যোৱাৰ সমস্যাই দেখা দিয়ে। কিন্তু কেতিয়াবা গৰমৰ দিনতো ভৰি ফাটিবলৈ আৰম্ভ কৰে আৰু ভৰিৰ ছালৰ পৰা তেজ ওলাবলৈ ধৰে।
ইয়াৰ বাবে খোজ কাঢ়িবলৈ কষ্ট হয়।
শীত কালত ঘৰৰ যাৱতীয় কাম কাজ কৰোতে অনবৰতে ঠাণ্ডা পানী চুই থকা, খালী ভৰিৰে থকা, ভৰিত মোজা নিপিন্ধা আদি কাৰণত মহিলা সকলৰ এই সমস্যাটো বেছিকৈ হোৱা দেখা যায়।
জানো আহক কেইটামান ঘৰুৱা উপায়েৰে এই সমস্যা নিৰাময় কৰোঁ।
1. নিমপাতৰ গুৰি, চাহ পাতৰ গুৰি, হালধি গুড়ি, গোলাপ জল মিহলাই সেই ফটা ঠাইত লগালে সুফল পোৱা যায়।
2. ৰাতি শুৱাৰ আগত ভৰিৰ গোৰোহাত নাৰিকল তেল অথবা অলিভ অইল প্ৰয়োগ কৰিব লাগে।
3. গৰম ভাত, মৌ, তিল তেল একেলগে মিহলাই গোৰোহাত লাহে লাহে মালিচ কৰিলে ভাল হয়।
4. পকা অমিতাৰ লগত নেমুৰ ৰস মিহলাই গোৰোহাত লগালে ভাল হয়।
5. সম পৰিমাণে জলফাই তেল আৰু নাৰিকল তেল মিহলাই ভৰিত সানিব লাগে।
6. ভেচলিন লগালেও সুফল পোৱা যায়।
7. বেছি শুকানকৈ ভজা খাদ্য, তেল,মছলা যুক্ত খাদ্য,জ্বলা খাদ্য, তিতা, কেঁহা খাদ্য, ফাষ্ট ফুড বৰ্জন কৰক।
গতিকে, আপুনি যদি এই সমস্যাত ভুগি আছে অতিশীঘ্ৰে এইকেইটা ঘৰুৱা উপায়েৰে নিৰাময় কৰক।
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
মিচিং স্বায়ত্বশসিত পৰিষদ ।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।