পানৰ ঔষধী গুণ আৰু উপকাৰীতা। - R News India 24
Skip to content
পাণ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
পাণ খালে দেহৰ বহু কেইটা বেমাৰ নিৰাময় হয়।
পাণৰ বৈজ্ঞানিক নাম Piper betel
পাণত প্ৰটিন, চৰ্বী, খনিজ, কাৰ্বহাইড্ৰেট, থাইমিন, নাইচিম, ভিটামিন চি, কেলছিয়াম আদি পুষ্টিতত্বৰে ভৰপূৰ।
জানো আহক পাণৰ উপকাৰীতাঃ
1. অৰ্জীণ ৰোগত পাণ আৰু তুলসী পাতৰ ৰস মিহলাই খালে এই ৰোগ ভাল হয়।
2. কফ হলে, পাণত সৰিয়হ তেল লগাই জুইত সেকি বুকুত লগালে কফ ওলাই আৰু উশাহ লোৱাত কষ্ট দূৰ হয়।
3. স্নায়ু সবল কৰিবলৈ প্ৰতিদিনে পাণৰ ৰসৰ লগত মৌ মিহলাই খালে ভাল সুফল পোৱা যায়।
4. পাণে মুখৰ দুৰ্গন্ধ নাশ কৰে আৰু খাদ্য হজম নহলে পাণ আৰু তুলসী পাতৰ ৰস একেলগে খাব লাগে।
5. মাত বহিলে পাণৰ শিপা টুকুৰা খাব লাগে।
6. হাঁপানি হলে পাণৰ ৰস, আদাৰ ৰস, মৌ মিহলাই খালে ভাল হয়।
7. কাণৰ বিষ, ওকণি, হাত ভৰিৰ ঘাঁ, ছৰ্দি কাঁহ আদি হলে পাণ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে পাণ খাওঁক আৰু নিৰোগী হৈ থাকক।
এটা কথা মনত ৰাখিব, অত্যাধিক যিকোনো বস্তুয়ে অপকাৰী।
Mising Autonomous Council .
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।