৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com December 24/2022:- 

1. অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে।
অসম সাহিত্য সভাৰ নতুন সভাপতি পদত জয়লাভ সূৰ্য হাজৰিকা।
উপ-সভাপতি পদত- গিৰীশ সন্দিকৈ।
মুখ্য সম্পাদক পদত- উপেন্দ্ৰজিৎ শৰ্মা।

2. আজি ডিব্ৰুগড় জিলাৰ টিংখাঙত ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত জিলাখনত ৯৭৩.৩৮ কোটি টকা ব্যয়সাপেক্ষে বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰণজিৎ কুমাৰ দাস, কেশৱ মহন্ত, বিমল বড়া, প্ৰশান্ত ফুকন, তৰংগ গগৈ, টেৰছ গোৱালা, চক্ৰধৰ গগৈ আৰু বহু গন্য মান্য ব্যক্তি।

Himanta Biswa Sarma

3. NAACৰ স্বীকৃতি নহ’লে মহাবিদ্যালয়ত নতুন পদত ৰাজ্য চৰকাৰে অনুমতি নিদিয়ে।
স্বীকৃতি নোহোৱা ৮৮খন মহাবিদ্যালয়লৈ ৰাজ্য চৰকাৰৰ জাননী।
শীঘ্ৰে মহাবিদ্যালয়সমূহক NAACৰ স্বীকৃতি ল’বলৈ নিৰ্দেশ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

4. ৫ জানুৱাৰীত চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ সাক্ষাৎকাৰ।
১৩,৩৪১টা খালী পদ পূৰণৰ বাবে হৈছিল লিখিত পৰীক্ষা।
২৯ ডিচেম্বৰৰ দিনৰ ১১ বজাৰ উপলব্ধ হ’ব এডমিট কাৰ্ড।
www.sebaonline.orgত উপলব্ধ হ’ব এডমিট কাৰ্ড।
সকলো নথি-পত্ৰসহ সাক্ষাৎকাৰত অৱতীৰ্ণ হ’ব লাগিব প্ৰাৰ্থী।

5. সোণাপুৰত অনুষ্ঠিত বিজেপিৰ মহিলা কাবাডী প্ৰতিযোগিতাস্থলীত উপস্থিত কণ্ঠশিল্পী জুবিন গাৰ্গ।
প্ৰতিযোগীসকলক উৎসাহিত কৰে জুবিন গাৰ্গে।
কাবাডীৰ সমান্তৰালকৈ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈও আহ্বান জনালে শিল্পীগৰাকীয়ে।

6. চাবুৱাৰ বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, প্ৰদান বৰুৱা, মন্ত্ৰী বিমল বড়া, প্ৰশান্ত ফুকন, পোনাকণ বৰুৱা, বিনোদ হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰ’কেমিকেলছ্ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা আৰু বহু ব্যক্তি।

7. মাজনিশা চানমাৰি থানাত কণ্ঠশিল্পী দীপলিনা ডেকা।
মৃদুল নাথ নামৰ এজন লোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।
দীৰ্ঘদিন ধৰি লোকজনে মানসিক অত‍্যাচাৰ চলাই আহিছিল দীপলিনাক ডেকাক।
ঘটনা সন্দৰ্ভত চানমাৰি আৰক্ষীৰ সোধা-পোছা অব্যাহত মৃদুল নাথক।

8. তেলেংগনাত অনুষ্ঠিত প্ৰথম SFI নেচনেল অপেন ৰেংকিং চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈৰ সাফল্য।
ভিন্ন শাখাত অসমে লাভ কৰিছে ৭টাকৈ মেডেল।
ইয়াৰে ২টা স্বৰ্ণ পদক, ৪টা ৰূপৰ আৰু ১ ব্ৰঞ্জৰ পদক লাভ।
অসমৰ আস্থানা চৌধুৰীয়ে বাটাৰ ফ্লাইত সোণৰ পদক, জাহ্নবী কাশ্যপে বাটাৰ ফ্লাইত ব্ৰঞ্জৰ পদক আৰু বিক্ৰম চাংমাই সোণৰ পদক অৰ্জন কৰে৷

9. ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত ওৰাং ফেষ্টিভেল।
জৈৱ-বৈচ্যত্ৰৰ অপূৰ্ব সম্ভাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত হ’ব মহোত্‍সৱ।
প্ৰশান্তি লজত সৰ্বদলীয় আলোচনাত এই সিদ্ধান্ত।
ওৰাঙৰ বন্যপ্ৰাণী আৰু প্ৰাকৃতিক প্ৰাচুৰ্যতাৰে পৰিপূৰ্ণ অপৰূপ সৌন্দৰ্যৰ মাজত ৫ দিনীয়াকৈ মহোত্‍সৱ আয়োজনৰ সিদ্ধান্ত সৰ্বদলীয় বৈঠকত।

10. গুৱাহাটী আৰ্টিষ্ট গীল্ডত চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠান।
উত্তৰ-পূৰ্বৰ ভিতৰত প্ৰথমবাৰৰ অনুষ্ঠিত হৈছে অৰ্কিড চিত্ৰ প্ৰদৰ্শনী।
প্ৰদৰ্শনীত ১৬৮ বিধ অৰ্কিডৰ ফটোগ্ৰাফ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে ।
আজিৰে পৰা ৩০ ডিছেম্বৰলৈ অনুষ্ঠিত হব এই প্ৰদৰ্শনী।

11. সুৰাপায়ী চালকৰ বিৰুদ্ধে আমি অধিক কঠোৰ হ’ম- মন্তব্য DGP ভাস্কৰজ্যোতি মহন্তৰ।
আৰক্ষীৰ লগতে জনতাকো সজাগ-সতৰ্ক হ’বলৈ আহ্বান DGP গৰাকীৰ।

12. “ভাল বিষয় আৱিষ্কাৰ কৰাৰ বাবে মোক নোবেল বঁটা দিলেও গ্ৰহণ কৰিম”- মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

13. কাইলৈ পৱিত্ৰ বৰদিন।
খ্ৰীষ্টমাছক লৈ ব্যস্ত হৈ পৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল।
বিভিন্ন প্ৰান্তৰ লগতে বাক্সাৰ ডুমুনীতো বৰদিনৰ প্ৰস্তুতি।
ডুমুনীৰ গীৰ্জাত যুৱক-যুৱতীসকলে আখৰা চলাইছে।
বৰদিনৰ জৰিয়তে শান্তি অহাৰ কামনা কৰিছে লোকসকলে।

14. অসমত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আল্ট্ৰা ৰাণ।
কাজিৰঙাত অনুষ্ঠিত হ’ব ৰাণ ফৰ দ্যা ৰাইনো শীৰ্ষক প্ৰতিযোগিতা।
২৮ জানুবাৰীত ৫২ কিঃমিঃ দূৰত্ব সামৰি ল’ব এই প্ৰতিযোগিতাই।
শনিবাৰে পুৱা খানাপাৰাত আল্ট্ৰা ৰাণৰ প্ৰম’ ৰাণ।

15. মৰিগাঁৱত উৎখাত বৃহৎ চাইবাৰ অপৰাধী চক্ৰ।
১০ জনকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৰক্ষীয়।
মৰিগাঁৱৰ ভিন্ন প্ৰান্তত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ১০ টা প্ৰৱঞ্চকক।
৪০০ৰো অধিক মোবাইল ফোনৰ ছীম কাৰ্ড, দুটা লেপটপ, ৩০টাকৈ ভুৱা ছীল, ৩০খন বেংকৰ পাছবুক, চেক বুক।
লগতে বুজন পৰিমাণৰ ATM, পান কাৰ্ড, আধাৰ কাৰ্ড জব্দ কৰে।

16. অসম সাহিত্য সভাৰ কৰ্মচাৰী প্ৰতিবাদ।
কথা দি কথা ৰাখিব নোৱাৰা বিষয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সাহিত্য সভাৰ কৰ্মচাৰীয়ে।
১০টাকৈ কাৰ্যালয়ৰ ৪২গৰাকীকৈ কৰ্মচাৰীয়ে বিগত ছমাহে বঞ্চিত হৈ আছে নিজৰ প্রাপ্যৰ পৰা।
যাৰ পৰিপ্রেক্ষিতত আজি নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ দিনটোতেই কৰ্মবিৰতিৰে প্রতিবাদ সাব্যস্ত কৰিলে কৰ্মচাৰীসকলে।

17. দেশৰ ৰাজধানীত প্রৱেশ কৰিলে কংগ্রেছৰ ভাৰত জোড়ো যাত্রা।
১০৮ দিনত ৩০০০ কিঃমিঃ অতিক্রম কৰি হাৰিয়ানা সীমান্তৰে আশ্রম হৈ ইণ্ডিয়া গেট আৰু লালকিল্লাত উপস্থিত হল ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো যাত্রা।
ৰাজঘাটত শান্তিবন, শক্তিস্থল আৰু বীৰ ভূমিত শ্রদ্ধা জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে।

18. “ৰূপজ্যোতি কুৰ্মী কোনো বৈজ্ঞানিক নহয়, তেওঁৰ সেইখিনি জ্ঞান নাই ।
তেঁও নাভূত নাশ্ৰুত কথা কৈ থাকে”- মন্তব্য আমিনুল ইছলামৰ।

19. ধেমাজিৰ চিলাপথাৰত শোকাৱহ দুৰ্ঘটনা।
দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয়।
১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।
মেছাকি দলঙৰ ওপৰত ট্ৰেভেলাৰত খুন্দা বাইকৰ। থিতাতে নিহত হয় ২ বাইক আৰোহী।
বাইক আৰোহীক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত হয় ট্ৰেভেলাৰখনো।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে ট্ৰেভেলাৰখন।

20.দক্ষিণ শালমাৰাৰ মানকাচৰত জিলা প্ৰশাসনৰ অভিযান ।
সুৰাপায়ী চালকৰ বিৰুদ্ধে, বৰদিন আৰু ৩১ডিচেম্বৰৰ বাবে এই অভিযান চলোৱা হৈছে।

 

Mising Autonomous Council
Mising Autonomous Council.

 

Leave a Reply

Your email address will not be published. Required fields are marked *