আজি পবিত্ৰ বৰদিন অৰ্থাৎ যীশুখ্ৰীষ্টৰ জন্ম দিন।

তেখেতৰ জন্মৰ দিনটো স্মৰণ কৰি, সন্মান জনাই খ্ৰীষ্টানসকলে প্ৰতি বছৰে ২৫ ডিচেম্বৰ দিনটোক ‘বৰদিন’ হিচাপে পালন কৰে।
প্ৰথম খ্ৰীষ্টিয়ান ৰোমান শাসক কনষ্টেন্টাইনৰ শাসনকালত পালন কৰা হৈছিল বৰদিন।
যীশুখ্ৰীষ্টৰ জন্মদিনটো প্ৰত্যেক বছৰে পালন কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল পোপ জুলিয়াছে।
তেতিয়াৰে পৰা সমগ্ৰ বিশ্বজুৰি খ্ৰীষ্টানধৰ্মালম্বী লোকসকলে উলহ-মালহেৰে পালন কৰে বৰদিন।
বৰদিন হৈছে খ্ৰীষ্টানধৰ্মাৱলম্বীসকলে পালন কৰা এক বিশেষ উৎসৱ।
বৰদিন মানেই যেন আনন্দ, সুখ, হাঁহি, মৰম ভালপোৱাৰৰ উৎসৱ।
এই দিনটোত সকলোৱে গীৰ্জালৈ গৈ কেৰল পৰিৱেশন কৰে, প্ৰাৰ্থনা গাই পালন কৰে খ্ৰীষ্টমাছ।
সকলোৱে লাইট, ফুলেৰে সজাই তোলে নিজৰ ঘৰ, গীৰ্জাঘৰ, দোকান-পোহাৰ।
এই দিনটো প্ৰেম আৰু ভাতৃত্ববোধৰ প্ৰতীক।
যীশুৰ মহান ত্যাগৰ কথা এই উৎসৱে সোঁৱৰাই দিয়ে।
খ্ৰীষ্টধৰ্মী প্ৰতিগৰাকীলৈ পৱিত্ৰ বৰদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Mising Autonomous Council.
ধন্যবাদ।
News Editor Sangita Dutta Reports R News India 24