৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com December 25/2022:-
1. আজি ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্ম তিথি।
বাজপেয়ীৰ জন্ম তিথিটো দেশে ‘সুশাসন দিৱস’ হিচাপে উদযাপন কৰে।
দিল্লীত বাজপেয়ীৰ সমাধিস্থলত মাল্যাৰ্পণ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ, উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
৯৮ সংখ্যক জন্মজয়ন্তীত সমগ্ৰ দেশেই দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক স্মৰণ কৰিছে।
অসম প্ৰদেশৰ বেলতলাস্থিত ৰাজ্যিক কাৰ্যালয়ত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰু ডিব্ৰুগড়স্থিত নিজা বাসভৱনত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
2. আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত গুণোৎসৱ ২০২২ বৰ্ষৰ বঁটা বিতৰণী অনুষ্ঠান।
গুণোৎসৱৰ মূল্যায়নৰ সময়ত সৰ্বোচ্চ এ+ গ্ৰেড লাভ কৰা ৰাজ্যৰ ৪,৮৪১খন বিদ্যালয়লৈ পুৰস্কাৰ হিচাপে চৰকাৰৰ তৰফৰ পৰা ২৫,০০০ টকাকৈ প্ৰদান কৰা হয়।
তদুপৰি সৰ্বাধিক এ+ গ্ৰেড লাভ কৰা জিলাকেইখনকো আজিৰ অনুষ্ঠানতে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়।
উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ডাঃ ৰণোজ পেগু, যোগেন মহন, নন্দিতা গাৰ্লোছা, পৰিমল শুক্লবৈদ্য, অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, অজন্তা নেওগ, পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, সঞ্জয় কিষাণ, ৰণজিৎ কুমাৰ দাস, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত আৰু বহু ব্যক্তি।
3. ড° পৰমানন্দ ৰাজবংশীৰ বোলছবি ‘কমলা কুঁৱৰী’ৰ পোষ্টাৰ-সংগীত মুকলি।
৬ জানুৱাৰীত মুক্তি লাভ কৰিব অসমৰ চিত্ৰগৃহত।
‘কমলা কুঁৱৰী’ৰ সংগীত পৰিচালনা কৰিছে কণ্ঠশিল্পী তৰালী শৰ্মাই।
4. টিভি অভিনেত্ৰী তুনিশা শৰ্মাৰ আত্মহত্যা।
শ্বুটিংস্থলিৰ মেকআপ ৰুমত চিপ লৈ আত্মহত্যা কৰে তুনিশা শৰ্মাই।
অভিনেত্ৰী গৰাকীৰ আত্মহত্যাৰ পিছতেই এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।
5. বিদেশৰ পৰা অহা যাত্ৰীৰ পুনৰ ক’ভিড টেষ্ট৷
RT-PCR টেষ্ট বাধ্যতামূলক কৰা হৈছে৷
গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিদেশৰ পৰা অহা যাত্ৰীক কৰা হ’ব টেষ্ট৷
টেষ্টৰ বাবে সাজু কৰি তোলা হৈছে সকলো ব্যৱস্থা৷
কেৱল আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰীৰহে কৰা হ’ব RT-PCR টেষ্ট৷
সকলো ৰাজ্যক অক্সিজেন ভাণ্ডাৰ সাজু কৰাৰ নিৰ্দেশ স্বাস্থ্য মন্ত্ৰালয়ৰ৷
সকলো ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা ল’বলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে৷
6. আজি পবিত্ৰ বৰদিন৷
কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে গীৰ্জাঘৰ৷
সজাই-পৰাই তোলা হৈছে গীৰ্জাঘৰৰ চৌহদ৷
7. ‘অভিযুক্তক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে। কোনোবাই দুৰ্নীতি কৰিব সেয়া সহ্য কৰিব নোৱাৰি। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা নমনা বাবেই ত্ৰুটি ৰৈ গ’ল। বাংলাদেশীমুক্ত শুদ্ধ NRC আমাক লাগিবই’- মন্তব্য ড° সমুজ্জ্বল ভট্টাচাৰ্যৰ।
8. মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা৷
দুবাৰ ‘এ প্লাছ’ গ্ৰেড পোৱা বিদ্যালয়ে পাব ৫০ হাজাৰকৈ টকা৷
এইবাৰ গ্ৰেড পোৱা বিদ্যালয়ে অহা বছৰো গ্ৰেড পালে পাব এই ধন৷
দ্বিতীয়বাৰ ‘এ প্লাছ’ পোৱা বিদ্যালয়ে পাব এজনকৈ অতিৰিক্ত শিক্ষক৷
এনে বিদ্যালয়ৰ সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া হ’ব৷
9. ‘মই আগতকৈ দেখিবলৈ ধুনীয়া হৈছো আৰু বগাও হৈছো, শ্ৰীমতীয়ে কৈছে’- মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।
10. কামপুৰত জব্দ কৰা হৈছে নকল টকা বনোৱা মেচিন।
কচুৱাত আৰক্ষীৰ অভিযানত আটক কৰে এজনক।
এখন বেলেন’ বাহনো জব্দ কৰে আৰক্ষীয়ে।
পূৰ্বেও কচুৱাৰ প্ৰমিলাআটি, শিমলুগুৰিত জব্দ কৰা হৈছিল মেচিন।
11. কাজিৰঙাৰ ৰাজপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় স্থানীয় দুজন যুৱক।
বচাগাঁও নামঘৰৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
দুই মটৰচাইকেল আৰোহীক মহটিয়াই নিয়ে এখন ট্ৰাকে।
নিহত দুজন কঁহৰাৰ পিলখানাৰ অমিয় দাস আৰু প্ৰিয়ম বৰদলৈ।
12. সোণাপুৰত বিজেপিৰ মহিলা মৰ্চাই আয়োজন কৰা কাবাডী প্ৰতিযোগিতাৰ আজি সামৰণি পৰে।
৪০ খন সাংগঠনিক জিলাৰ ৩৬ টা দলে অংশগ্ৰহণ কৰিছিল।
সক্ৰিয়ভাৱে অংশ ল’লে আঙুৰলতা ডেকাই।
13. গুৱাহাটীত অব্যাহত আৰক্ষীৰ অভিযান।
মহানগৰীত উদ্ধাৰ কৰা হৈছে ১০খন চুৰি মটৰ চাইকেল আৰু মোবাইলকে ধৰি বিভিন্ন সামগ্ৰী।
চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ এটা গভাইত গাড়ী চোৰক।
ধৃত বাইক চোৰটোৰ নাম পংকজ দাস।
ঘৰ নাৰেংগীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ আৱাসিক এলেকাত।
যোৱা নিশা চলা আৰক্ষীৰ এক অভিযানত উদ্ধাৰ কৰে এই ১০খন মটৰ চাইকেল ।
14. ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত আনন্দ শৰ্মাৰ পৰিয়ালে সাক্ষাৎ কৰিলে মুখ্যমন্ত্রীক।
আৱৰ্ত ভৱনতে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা
আৰু পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালকো সাক্ষাৎ কৰি ৰেগিং কাণ্ড সন্দৰ্ভত
গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত বুজ লয়।
15. “এনকাউণ্টাৰ হৈয়েই আছে, চৰকাৰে নাই হোৱা বুলি মিছা কথা কৈছে”- অখিল গগৈ।
16. দ্বিতীয়বাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ পদত ভৱেন্দ্ৰ নাথ ডেকা।
২০১৫-১৮ চনতো পদাধিকাৰ আছিল ভৱেন্দ্ৰ নাথ ডেকা।
17. মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্রাস।
বাইকত অহা দুই দুৰ্বৃত্তই কাঢ়িলে এজন লোকৰ বেগ।
নিশা হেঙেৰাবাৰীৰ স্বাস্থ্য বিভাগৰ কাৰ্যালয়ৰ সমীপত এই ঘটনা সংঘটিত হৈছে।
ঘটনাৰ সন্দৰ্ভত দিচপুৰ থানাত এজাহাৰ দাখিল কৰিছে ভোক্তভোগীয়ে।
18. ধুবুৰীৰ গোলকগঞ্জত বিলাসী বাহনসহ গৰু জব্দ।
WB-74F-8276 নম্বৰৰ স্ক’ৰপিঅ’ বাহনত গৰু সৰবৰাহ।
গোলকগঞ্জ আৰক্ষীয়ে খেদি খেদি জব্দ কৰে বাহনখন।
19. সোণাৰিৰ ৩নং গোৱালাপথাৰত বাঘৰ সন্ত্রাস।
নাহৰফুটুকীৰ আক্রমণত আহত জমিৰ সিং মুণ্ডা নামৰ শ্রমিকজন।
ঘটনাস্থলিত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিছে শ্ৰমিকজনক।
20. সগৌৰৱেৰে ১০০ টা বছৰ পাৰ কৰিলে ডিব্ৰুগড়ৰ ৩১ নং পুৰণি বলাই প্রাথমিক বিদ্যালয়ে।
বিদ্যালয়খনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শতবার্ষিকী অনুষ্ঠান।